আত্মবলিদান দিৱস: ‘কা’ বিৰোধী আন্দোলনত নিহতক সুঁৱৰিলে অসম জাতীয় পৰিষদে
অজাপৰ গুৱাহাটীৰ জু-ৰোডস্থিত মুখ্য কাৰ্যালয়ত অজাপৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আয়োজন কৰে আত্মবলিদান দিৱস৷ অনুষ্ঠানত উপস্থিত থাকে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ৷
‘কা’ বিৰোধী গণ সংগ্ৰামত আত্মবলিদান দিয়া পাঁচগৰাকী জাতীয় বীৰ শ্বহীদক সুঁৱৰি আজি ৰাজ্যজুৰি আত্মবলিদান দিৱস পালন কৰে অসম জাতীয় পৰিষদে । কা আন্দোলনত আত্মবলিদান দিয়া পাঁচগৰাকী জাতীয় বীৰ শ্বহীদক সুঁৱৰি পালন কৰা হয় এই দিৱস। এই উপলক্ষে অজাপৰ গুৱাহাটীৰ জু-ৰোডস্থিত মুখ্য কাৰ্যালয়ত অজাপৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আয়োজন কৰে আত্মবলিদান দিৱস৷ অনুষ্ঠানত উপস্থিত থাকে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ৷
কা আন্দোলনত প্ৰাণ হেৰুওৱা ৫ যুৱকৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে লুৰীণজ্যোতি গগৈয়ে ৷ কা আন্দোলনৰ বীৰ শ্বহীদসকলক স্মৰণ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘কেতিয়াবা একোটা দিন এটা জাতিৰ বাবেই অভিশপ্ত হৈ ৰৈ যায়৷ ১২ ডিচেম্বৰ, তেনে এটি অভিশপ্ত দিন অসমীয়া জাতিৰ বাবে৷ বৰ্বৰ, ক্ষমতালিপ্সু, নিৰ্দয় শাসকৰ নিৰ্দেশত পাঁচগৰাকী অসমসন্তানক গুলীবিদ্ধ কৰা হৈছিল ২০১৯ৰ আজিৰ দিনটোতে৷ ভাষা-জননীৰ সুৰক্ষাৰ বাবে, অসমখনক হিয়া উজাৰি ভাল পাই বাবে ‘কা’ বিৰোধিতা কৰিবলৈ আহি প্ৰাণ আহুতি দি শ্বহীদবৰণ কৰিছিল পাঁচগৰাকী অসমীয়া ডেকাই৷ কোনো স্বাভিমানী অসমীয়াই পঞ্চশ্বহীদৰ বিৰল ত্যাগ আৰু মহানতাক পাহৰিব নোৱাৰে৷ আজিৰ দিনটোত পাঁচগৰাকী জাতীয় শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ৷’’
সভাপতিগৰাকীয়ে পুনৰ কয়, ‘‘অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ছেম, দীপাঞ্জল, আব্দুল, ঈশ্বৰ আৰু বীজেন্দ্ৰৰ আত্মত্যাগে আমাক আপোচবিহীনতাৰ পাঠ শিকাই প্ৰতিনিয়ত৷ মূৰ তুলি কথা ক’বলৈ পঞ্চশ্বহীদৰ ত্যাগৰ ইতিহাস আমাৰ সাহসৰ সৌধ৷ এই পাঁচগৰাকী অসম তনয়ক শ্বহীদ বুলি স্বীকৃতি দিবলৈও চৰকাৰৰ ন্যূনতম সদিচ্ছাৰ অভাৱ৷ আজিপৰ্যন্ত এবাৰলৈও চৰকাৰে পঞ্চ শ্বহীদৰ ত্যাগৰ বাবে ক্ষমা নুখুজিলে৷ আক্ষেপ প্ৰকাশ নকৰিলে। এবাৰলৈ তেওঁলোকৰ অহংকাৰৰ চূড়া লজ্জাত তললৈ নামি নাহিল।’’
তেওঁ কয়, ‘‘শাসকৰ এই অহংকাৰ, অত্যাচাৰক, এই ধৃষ্টতাক ৰাইজে মনত ৰাখিব। সময় সাক্ষী হৈ ৰ’ব সেই নিদাৰুণ সময়ৰ৷ পঞ্চশ্বহীদৰ আত্মত্যাগ আৰু অনন্য অসমপ্ৰেমৰ নিদৰ্শনৰ সাহস আৰু প্ৰেৰণাতে আমি আগত সময়ত খোজ দিম৷ অসমৰ বুকুৱেদি বৰলুইত বৈ থকালৈ আকাশে-বতাহে নিনাদিত হৈ থাকিব শ্বহীদৰ জয়গান৷’’
‘কা’ কোনোকাৰণতে কোনো স্বাভিমানী অসমীয়াই মানি নলয় বুলি দৃঢ়তাৰে সভাপতি গগৈয়ে লগতে কয়, ‘‘কা বলবৎ কৰি বিজেপি চৰকাৰে অসম চুক্তিৰ মূল আত্মাটোকে হত্যা কৰিছে৷ কা বলবৎ কৰি অসমত অবৈধ বিদেশীৰ অতিৰিক্ত ৫৩ বছৰৰ বোজা জাপি দিয়া হৈছে৷ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব৷’’ উল্লেখ্য যে, আজিৰ পৰা প্ৰায় ৫ বছৰ পূৰ্বে অসমৰ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি কা (CAA) (নাগৰিকত্ব সংশোধনী আইন)ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। য’ত আজিৰ দিনটোতে প্ৰাণ হেৰুৱাইছিল ৫ যুৱকে। তেওঁলোক আছিল দ্বীজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আৰু দ্বীপাঞ্জল দাস