G.O.A.T India Tour 2025: কলকাতাত উপস্থিত কিংবদন্তি ফুটবলাৰ মেছি, অনুৰাগীৰ উষ্ম আদৰণি
২০১১ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে মেছিয়ে। সেই বছৰ কিংবদন্তি ফুটবলাৰগৰাকীয়ে কলকাতা ভ্ৰমণ কৰি ছল্ট লেক ষ্টেডিয়ামত প্ৰীতি মেচ খেলিছিল, য’ত আৰ্জেণ্টিনাই ভেনিজুৱেলাক ১-০ গ’লত পৰাস্ত কৰিছিল।
G.O.A.T India Tour 2025 ৰ অংশ হিচাপে কলকাতাত উপস্থিত আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়’নেল মেছি। ইয়াৰ পৰাই ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক আৰম্ভণি। ২০১১ চনৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, যিয়ে অনুৰাগীসকলক উৎসাহিত কৰিছে। যোৱা নিশা কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মেছিক অনুৰাগীয়ে উষ্ম আদৰণি জনায়।
বিমানবন্দৰৰ পৰা মেছি পোনে পোনে হোটেললৈ যায়, য’ত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পিছতো হোটেলৰ বাহিৰত অনুৰাগীৰ ব্যাপক ভিৰ দেখা গৈছিল। কলকাতা, হায়দৰাবাদ, মুম্বাই আৰু নতুন দিল্লীকে ধৰি ভাৰতৰ চাৰিখন ডাঙৰ চহৰত ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব মেছিয়ে। কলকাতাৰ পৰা হায়দৰাবাদলৈ ৰাওনা হোৱাৰ পূৰ্বে আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে দিনটোৰ ভিতৰতে চহৰখনৰ কেইবাটাও অনুষ্ঠানত অংশ ল’ব।
#WATCH | West Bengal | Star footballer Lionel Messi arrives at the hotel he is staying at in Kolkata, after he touched down in the capital city a while ago, officially kicking off his G.O.A.T India Tour 2025. pic.twitter.com/PNuME8mAa5
— ANI (@ANI) December 12, 2025
হায়দৰাবাদৰ পিছত মেছিয়ে মুম্বাই আৰু তাৰ পিছত দিল্লীলৈ যাত্ৰা কৰিব। ২০১১ চনৰ পিছত মেছিৰ এইটোৱেই প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে কিংবদন্তি ফুটবলাৰগৰাকীয়ে কলকাতা ভ্ৰমণ কৰি ছল্ট লেক ষ্টেডিয়ামত প্ৰীতি মেচ খেলিছিল, য’ত আৰ্জেণ্টিনাই ভেনিজুৱেলাক ১-০ গ’লত পৰাস্ত কৰিছিল। মেছিৰ ভাৰত ভ্ৰমণক লৈ অনুৰাগীসকল উৎসাহিত হৈ পৰিছে।
মেছিৰ উপৰিও আন কেইবাগৰাকীও বিশ্ব ফুটবল কিংবদন্তি ভাৰত ভ্ৰমণ কৰিছে। ব্ৰাজিলৰ কিংবদন্তি পেলে ১৯৭৭ চনত মোহন বাগানৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক মেচ খেলিবলৈ কলকাতা ভ্ৰমণ কৰিছিল। আৰ্জেণ্টিনাৰ কিংবদন্তি ডিয়েগো মাৰাডোনা ২০০৮ চনত ভাৰত ভ্ৰমণ কৰিছিল। ব্ৰাজিলৰ ফুটবল কিংবদন্তি ৰোনাল্ডিনহ’য়ে কেইবাবাৰো ভাৰত ভ্ৰমণ কৰিছে। ২০২৩ চনৰ জুলাই মাহত আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজে দুদিনীয়া ভ্ৰমণৰ বাবে কলকাতা ভ্ৰমণ কৰিছিল।