দেশৰ গৃহমন্ত্ৰীৰ কন্যাক অপহৰণৰ পৰা সংসদত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণলৈকে, চাওঁ আহক আজি দিনটোৰ ইতিহাস
আজি ১৩ ডিচেম্বৰ। বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈছে। আজিৰ দিনটোতে সংসদ ভৱনত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।
১৩ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো ডাঙৰ ডাঙৰ পৰিঘটনাৰ বাবে ইতিহাসত লিপিবদ্ধ কৰা হৈছে। ২০০১ চনত নতুন দিল্লীৰ ভাৰতীয় সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হয়। পাকিস্তানৰ দুটাকৈ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এলইটি) আৰু জৈশ-ই-মহম্মদ (জেইএম)য়ে এই সংঘটিত কৰিছিল আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণত ৬ জন আৰক্ষীৰ জোৱান,সংসদ সুৰক্ষা সেৱাৰ দুজন কৰ্মী আৰু এজন মালীকে ধৰি মুঠ ৯ জন মৃত্যু হয়। ইয়াৰ লগতে সংসদ ভৱনৰ বাহিৰত ৫ জন সন্ত্ৰাসবাদী নিহত হয়।
১৩ ডিচেম্বৰৰ দিনটো আন এক সন্ত্ৰাসবাদী সম্পৰ্কীয় ঘটনাৰ সাক্ষী হৈছিল। ১৯৮৯ চনত সন্ত্ৰাসবাদীয়ে তদানীন্তন গৃহমন্ত্ৰী মুফতি মহম্মদ ছাইদৰ কন্যাক অপহৰণ কৰি কাৰাগাৰত থকা একাংশ সতীৰ্থৰ মুক্তি নিশ্চিত কৰিছিল। ১৩ ডিচেম্বৰত চৰকাৰে সন্ত্ৰাসবাদীৰ দাবী মানি লৈ তেওঁলোকৰ পাঁচজন সহযোগীক মুকলি কৰি দিয়ে। ইয়াৰ অন্যান্য ঘটনা পৰিঘটনা চাওঁ আহক।
দিনটোৰ ইতিহাস
১৯২১ চনত ৱাশ্বিংটন সন্মিলনৰ সময়ত আমেৰিকা, গ্ৰেট ব্রিটেইন, জাপান আৰু ফ্ৰান্সৰ মাজত চাৰি শক্তি চুক্তি(Four Power Treaty) স্বাক্ষৰিত হয়। ইয়াৰ দ্বাৰা কোনো ডাঙৰ বিষয়ত দুজন সদস্যৰ মাজত বিবাদ হ’লে চাৰিওখন দেশৰ সৈতে আলোচনাৰ ব্যৱস্থা কৰা হৈছিল।
১৯৩৭ চনত চীনৰ সৈতে হোৱা যুদ্ধৰ সময়ত জাপানী বাহিনীয়ে নানজিং দখল কৰি নানজিং হত্যাকাণ্ড সংঘটিত কৰে আৰু ৩ লাখতকৈ অধিক চীনা লোকৰ মৃত্যু হয়।
১৯৮৯ চনত দেশৰ প্ৰথমজন মুছলমান গৃহমন্ত্ৰী মুফতি মহম্মদ ছাইদৰ কন্যাক উদ্ধাৰৰ বাবে ৫জন সন্ত্ৰাসবাদীক জেলৰ পৰা মুকলি কৰি দিয়া হয়।
২০০১ চনত বন্দুকধাৰীৰ এটা দলে ভাৰতীয় সংসদ ভৱনৰ কটকটীয়া নিৰাপত্তা ভংগ কৰি গণতন্ত্ৰৰ মন্দিৰক লক্ষ্য কৰি লয়।
২০২২ চনত অসমীয়াৰ গৌৰৱ তথা স্বাভিমানৰ প্ৰতীক গামোছায়ে ভাৰত চৰকাৰৰ জি আই টেগ লাভ কৰে। জিঅ’গ্ৰাফিকেল ইণ্ডিকেচন অৱ গুডছ (ৰেজিষ্ট্ৰেচন এণ্ড প্ৰটেকচন)এক্ট ১৯৯৯ৰ অধীনত জি আই টেগ লাভ কৰে গামোছাই।