টোপনিৰ সমস্যা বাঢ়িছে নেকি? ইয়াৰ কাৰণবোৰ জানক

December 12, 2025

TV9 ASSAM

বহুতে ৰাতি টোপনি সমস্যাৰ সন্মুখীন হয়। কেতিয়াবা বহু দেৰিলৈকে টোপনি নাহে, কিয় এনে সমস্যা হয় জানেনে ?

টোপনি সমস্যা

অনিদ্ৰা সমস্য়াই শৰীৰত গভীৰ প্ৰভাৱ পেলায়। ই বিভিন্ন জটিল স্বাস্থ্যজনিত সমস্যা সৃষ্টি কৰিব পাৰে। এই সমস্যা কিয় হয় জানোঁ আহক।

শৰীৰত গভীৰ প্ৰভাৱ

নাইট শ্বিফটত কাম কৰা সকলৰ টোপনিৰ সমস্যা বেছি। গোটেই ৰাতি কাম কৰি ৰাতিপুৱা ঘৰলৈ গৈ শুবলৈ যায়। ফলত অনিদ্ৰাৰ সৃষ্টি হয়। 

নাইট শ্বিফট

বহুতে ৰাতি পঢ়া-শুনা বা কাম কৰে, আৰু ৰাতি সাৰ পাই থাকিবলৈ সঘনাই চিগাৰেট বা কফি খায়। চিগাৰেট আৰু কফি বা কেফেইন টোপনি নোপোৱাৰ অন্যতম ডাঙৰ কাৰণ।

চিগাৰেট বা কফি

ৰাতি ঘণ্টাৰ পিছত ঘণ্টা মোবাইল ফোন চাই থকা, কাণত হেডফোন লগাই গান শুনাটোও টোপনি নোপোৱাৰ অন্যতম ডাঙৰ কাৰণ। ইয়াৰ ফলত স্নায়ুৰ উদ্দীপনা বৃদ্ধি পায়। ফলত অনিদ্ৰাৰ সমস্যা বাঢ়ি যায়।

মোবাইল ফোন

ৰাতি শোৱাৰ আগতে চাহ বা কফি খালে, বা বেছিকৈ কাৰ্বনেটেড পানীয় সেৱন কৰিলেও টোপনিৰ সমস্যা হব পাৰে। ৰাতি বেছিকৈ টেঙা খাদ্য খালে টোপনিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কাৰ্বনেটেড পানীয়

দিনটোত অবিৰতভাৱে কাম কৰাৰ ফলত মূৰ আৰু ডিঙিত বিষ হয়। তেতিয়াবা এনে বিষৰ ফলত টোপনিৰ সমস্যা হব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

মূৰ আৰু ডিঙিত বিষ

পঢ়িবলৈ ক্লিক কৰক

পুৱা খালী পেটত চাহ খালে কি হয় ?