পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
Morning Headline: ৰাজ্যৰ পৰা বিশ্বলৈ, প্ৰতিটো দিনেই বহু ঘটনা-পৰিঘটনা সংঘটিত হয়।ব্যস্ত জীৱনত প্ৰতিটো ঘটনাৰ খবৰ ৰখা সহজ নহয়। এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ'ল।

বাতৰি
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ৰেচন কাৰ্ডৰ জৰিয়তে ৰাজ্য ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে, “ৰেচন কাৰ্ড আয়ৰ বৈধ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ’ব । নতুবা কোনো যোগ্য কৰ্তৃপক্ষই প্ৰদান কৰা আয়ৰ প্ৰমাণপত্ৰও ৰেচন কাৰ্ডৰ ঠাইত গ্ৰহণ কৰা হ’ব ।”
- বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ গভীৰ সম্পৰ্ক আছে বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে,মূলতঃ হিন্দু পৰম্পৰাৰৰ ৫১খন পূজ্য শক্তিপীঠৰ ভিতৰত অন্যতম ‘হিংলাজ মাতা’ মন্দিৰে পৱিত্ৰ স্থান হিচাপে বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ এক গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য বহন কৰিছে৷
- গুৱাহাটীৰ বেলতলা সাপ্তাহিক বজাৰত ডাঙৰ অঘটন। বজাৰ চলি থকাৰ সময়তে দেৱাল খহি মৃত্যু এগৰাকী মহিলাৰ। নিহত মহিলাগৰাকী ক্ষেত্ৰীৰ অঞ্জু ৰংহাং বুলি জানিব পৰা গৈছে। ক্ষেত্ৰীৰ পৰা আহিছিল বস্তু বিক্ৰী কৰিব।
- ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ কেইবাজনো কাৰ্যকৰ্তাৰ বিৰুদ্ধে বিহাৰৰ দৰভংগাত এজাহাৰ দাখিল । অভিযোগ অনুসৰি প্ৰশাসনৰ অনুমতি অবিহনে কংগ্ৰেছে কোনো অনুষ্ঠান অনুষ্ঠিত কৰিছিল।
- জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ এনকাউন্টাৰত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী। বৃহস্পতিবাৰে পুৱা নিৰাপত্তাৰক্ষী-আৰক্ষীৰ যৌথ অভিযানত ৩ সন্ত্ৰাসবাদীৰ মৃত্যু হয়।
- যুদ্ধ বিৰতি সন্দৰ্ভত সুৰ সলনি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। কলে- আমেৰিকাই যুদ্ধ বিৰতিৰ ক্ষেত্ৰত মধ্যস্থতা কৰা নাই। তেওঁ কেৱল সহায়হে কৰিছে।
- ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ পাছতে পাকিস্তানে কৈছে যে অহা ১৮ মে পৰ্যন্ত দুই দেশৰ মাজত যুদ্ধ বিৰতি আছে। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ এনে মন্তব্যৰ পাছতে এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে।
- পুনৰ বাহাল নহয় সিন্ধু জল চুক্তি। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, যেতিয়ালৈকে পাকিস্তানে সীমান্তত সন্ত্ৰাসবাদী কাৰ্যকালাপ ৰোধ নকৰে তেতিয়ালৈকে এই চুক্তি স্থগিত থাকিব।
অন্য খবৰ পঢ়কঃ ১৮ মে’লৈ থাকিব ভাৰতৰ সৈতে যুদ্ধ বিৰতি…পাকিস্তানৰ মন্ত্ৰীৰ ডাঙৰ মন্তব্য