১২৩ খন টেষ্টলৈকে প্ৰদৰ্শনৰ ক্ষেত্ৰত শচীন-কোহলীৰ তুলনা

15 MAY 2025

TV9 ASSAM

বিৰাট কোহলীক শচীন তেণ্ডুলকাৰৰ সৈতে তুলনা কৰি অহা হৈছে। চাওঁ আহক ১২৩ খন মেচ খেলালৈকে দুয়োৰে মাজত এক তুলনাত্মক বিশ্লেষণ।

শচীন-কোহলী

কোহলীয়ে ১২৩খন টেষ্টত ৪৬.৮৫ গড়ে ৯২৩০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে সমসংখ্যক মেচত তেণ্ডুলকাৰে ৫৭.২৫ গড়ে ১০১৩৪ ৰান সংগ্ৰহ কৰিছিল।

সংগৃহীত ৰান

কোহলীয়ে ১২৩খন টেষ্টত ৩০টা শতক আৰু ৩১টা অৰ্ধশতক কৰাৰ বিপৰীতে শচীনে ৩৪টা শতক আৰু ৪১টা অৰ্ধশতক অৰ্জন কৰিছিল।

শতক-অৰ্ধশতক

১২৩খন টেষ্টৰ অন্তত কোহলীৰ সৰ্বোচ্চ টেষ্ট স্ক’ৰ আছিল অপৰাজিত ২৫৪। আনহাতে ১২৩খন টেষ্টৰ অন্তত শচীনৰ সৰ্বোচ্চ টেষ্ট স্ক’ৰ আছিল অপৰাজিত ২৪৮ ৰান।

সৰ্বোচ্চ স্ক’ৰ

১২৩খন টেষ্টৰ ২১০ ইনিংছত ১৩ বাৰ নট আউট হৈ ৰয় কোহলী। আনহাতে শচীনে তেওঁৰ ১২৩খন টেষ্টৰ ১৯৮ ইনিংছত ২১ বাৰ নট আউট হৈ ৰৈছিল।

নট আউট

কোহলী ১২৩খন টেষ্টৰ অন্তত ১৫বাৰ কোনো ৰান সংগ্ৰহ নকৰাকৈ আউট হয়। আনহাতে শচীনে নিজ কেৰিয়াৰৰ ১২৩খন টেষ্টত ১২ বাৰ শূন্যত আউট হৈছিল।

ডাক

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীত কিমান?