১৮ মে’লৈ থাকিব ভাৰতৰ সৈতে যুদ্ধ বিৰতি…পাকিস্তানৰ মন্ত্ৰীৰ ডাঙৰ মন্তব্য
ইছাক দাৰে নেশ্যনেল এচেম্বলীত কয় যে, ১০ মে'ত দুয়োখন দেশৰ মাজত DGMO স্তৰীয় আলোচনাৰ পাছত ১২ মে'লৈ যুদ্ধবিৰতি বৃদ্ধি কৰা হৈছিল। এতিয়া ইয়াক ১৮ মে'লৈ বৃদ্ধি কৰা হৈছে।

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আন এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। পাকিস্তানে কয় যে, ভাৰতৰ সৈতে দেওবাৰ অৰ্থাৎ ১৮ মে’লৈকে যুদ্ধবিৰতি থাকিব। বৃহস্পতিবাৰে পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ইছাক ডাৰে কয় যে, ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতি ১৮ মে’লৈ বৃদ্ধি পাইছে। অৱশ্যে এতিয়ালৈকে ভাৰতে এই ক্ষেত্ৰত কোনো মন্তব্য প্ৰদান কৰা নাই।
কিন্তু পাকিস্তানৰ মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে এতিয়া নতুন চৰ্চা আৰম্ভ হৈছে। প্ৰশ্ন উত্থাপন হৈছে যে পুনৰ ভাৰত-পাকিস্তানৰ মাজত সংঘৰ্ষ আৰম্ভ হ’ব নেকি? ১৮ মে’ৰ পাছত পাকিস্তানে পুনৰ ভাৰতত মিছাই আৰু ড্ৰ’নেৰে আক্ৰমণ কৰিব নেকি? কি কাৰণে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰিছে?
যুদ্ধ বিৰতি চলি থকাৰ মাজতো পাকিস্তানে হঠাতে যুদ্ধবিৰতি ঘোষণা কৰাটো এক কৌশলগত পদক্ষেপ বুলি ক’ব পাৰি। বিশেষজ্ঞসকলৰ মতে ভাৰতৰ কঠোৰ পদক্ষেপ আৰু বিশ্বব্যাপী মঞ্চত পাকিস্তানৰ ভাবমূর্তিৰ ওপৰত থকা হেঁচাই তেওঁলোকক পিছুৱাই যাবলৈ বাধ্য কৰাইছিল।
ইছাক দাৰে নেশ্যনেল এচেম্বলীত কয় যে, ১০ মে’ত দুয়োখন দেশৰ মাজত DGMO স্তৰীয় আলোচনাৰ পাছত ১২ মে’লৈ যুদ্ধবিৰতি বৃদ্ধি কৰা হৈছিল। ১২ মে’ত এই সন্দৰ্ভত কথা পাতি ১৪ মে’লৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ পাছত যেতিয়া ১৪ মে’ত আলোচনা হয় তেতিয়া এই যুদ্ধ বিৰতি ১৮ মে’লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে ৰাজনৈতিক পৰ্যায়ত দুয়োখন দেশৰ মাজত আলোচনা হ’লেহে সামৰিক পৰ্যায়ত হোৱা চুক্তিখন সম্পূৰ্ণ চুক্তিত পৰিণত হ’ব বুলিও তেওঁ কয়।
কাৰণ কি হ’ব পাৰে
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাৰ পাছত ভাৰত-পাকিস্তানৰ মাজত কি কি হৈছে সেয়া সমগ্ৰ বিশ্বই দেখিছে। কিন্তু পাকিস্তানক বিপদত পেলাব পৰা কিছুমান সিদ্ধান্তৰ বাবে পাকিস্তান ডাঙৰ সমস্যাত পৰিছে। পাকিস্তানৰ সবাতোকৈ ডাঙৰ চিন্তা সিন্ধু জল চুক্তি। যুদ্ধ বিৰতিৰ পাছত ভাৰতে স্পষ্ট কৰি দিছে যে সিন্ধু জল চুক্ত স্থগিত থাকিব। পাকিস্তানৰ লগত আলোচনা কেৱল পাকিস্তান অধীকৃত কাশ্মীৰ আৰু সন্ত্ৰাসবাদৰ ওপৰত হ’ব।
কিন্তু পাকিস্তানে সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত থকা বাধা আঁতৰাব বিচাৰে। যাৰ বাবে ৰাজনৈতিক আলোচনাৰ কথা কৈছে। ৰাজনৈতিক কথা-বতৰা হ’লে পাকিস্তানে ভাৰতৰ সৈতে সিন্ধু জল চুক্তি সন্দৰ্ভত আলোচনা কৰিব পাৰিব। অৱশ্যে ভাৰতে এই অফাৰ ইতিমধ্যেই নাকচ কৰিছে। যাৰ বাবে হয়তো পাকিস্তানে এনে কৌশলগত মন্তব্য কৰিছে।
অন্য খবৰ পঢ়কঃ মধ্যস্থতা নহয়, কেৱল সহায় কৰিছিলো- ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতি সন্দৰ্ভত সুৰ সলনি ট্ৰাম্পৰ…