শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্য-দেশৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ… পলকতে চাওক দিনটোৰ চৰ্চিত সংবাদসমূহ

আজি ১৫ মে’। ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, সামাজিক-ৰাজনৈতিক ক্ষেত্ৰৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ আজিৰ দিনটোত কেতবোৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছে। চাওঁ আহক আজিৰ দিনটোৰ কেতবোৰ চৰ্চিত সংবাদ।

ৰাজ্য-দেশৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ… পলকতে চাওক দিনটোৰ চৰ্চিত সংবাদসমূহ
পুলৱামাত সেনাৰ বৃহৎ সাফল্যImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 15 May 2025 19:39 PM

আজি ১৫ মে’। ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, সামাজিক-ৰাজনৈতিক ক্ষেত্ৰৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ আজিৰ দিনটোত কেতবোৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছে। বিগত কিছুদিন ধৰি ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ খবৰে দুই দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চা লাভ কৰিছে। আজিও দুই দেশৰ খবৰ চৰ্চাত থকা দেখা গৈছে। চাওঁ আহক আজিৰ দিনটোৰ কেতবোৰ চৰ্চিত সংবাদ..

ৰাজ্যৰ ১১খনকৈ জিলাত আজি ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা জাৰি কৰিছে IMD গুৱাহাটীয়ে ।বৰপেটা, দৰং, ধেমাজি, গোৱালপাৰা, কামৰূপ, কামৰূপ (মেট্ৰ’), লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, আৰু পশ্চিম কাৰ্বি আংলঙকে ধৰি কেইবাখনো জিলাত বজ্ৰপাত আৰু সৰুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

পহলগাম আক্ৰমণৰ পিছত ভাৰতে চলোৱা প্ৰত্যাক্ৰমণত ১০০ৰো অধিক পাকিস্তানী সন্ত্ৰাসবাদী নিহত হোৱা বুলি প্ৰকাশ কৰিছিল ভাৰতে। ইফালে পাকিস্তানে প্ৰথমে এক বিবৃতি যোগে ১১ জন সেনা আৰু ৪০ জন সাধাৰণ লোক নিহত হোৱা বুলি দাবী কৰিছিল। এতিয়া পাকিস্তানে নিহত সেনাৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে। ভাৰতে অৱশ্যে আক্ৰমণত সাধাৰণ লোকৰ মৃত্যুৰ দাবী নাকচ কৰিছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে ভাৰতীয় সেনাই। আজি পুৱতি নিশা উপত্যাকাটোৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনীয়ে চলোৱা এক অভিযানত ব্যাপক সফলতা লাভ কৰিছে। সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত তিনি সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।

স্বাধীন বেলুচিস্তান গঠনৰ বাবে পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ পৰা সহায় বিচাৰিছে বেলুচ আৰ্মীয়ে। বেলুচ আৰ্মীৰ এই আহ্বানৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰি হিংলাজ মাতা মন্দিৰৰ কথা উল্লেখ্য কৰে। এই মন্দিৰটোৰ স্থানতেই দেৱী সতীৰ শিৰ অংশ পৰিছিল বুলি বিশ্বাস কৰা হয়৷

ভাৰত চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল। ভাৰতৰ এই সিদ্ধান্তত সংকটত পৰিছে পাকিস্তান। এতিয়া দেশখনে প্ৰথমবাৰৰ বাবে এই বিষয়ত দিল্লীৰ সৈতে কথা পতাৰ ইচ্ছা প্ৰকাশ কৰিছে। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত প্ৰকাশিত বাতৰি অনুসৰি, পাকিস্তানৰ জলসম্পদ সচিব চৈয়দ আলী মুৰ্তাজাই ভাৰতৰ সিদ্ধান্ত সন্দৰ্ভত আলোচনাৰ প্ৰস্তাৱ দিছে।

কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত বিপদত পৰিছে মধ্য প্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহ। উচ্চ ন্যায়ালয়ে এই অভিয়োগত দিয়া নিৰ্দেশৰ পিছতে বুধবাৰে নিশা ইন্দোৰ জিলাত এজাহাৰ ৰুজু কৰা হয়। ভাৰতীয় দণ্ডবিধিৰ তিনিটা ভিন্ন ধাৰাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। মুখ্যমন্ত্ৰী মোহন যাদৱেও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত জনজাতীয় কল্যাণ মন্ত্ৰী শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিছে।

ভাৰত-ম্যানমাৰ সীমান্তৰ মণিপুৰৰ চান্দেল জিলাত অসম ৰাইফলছে এক অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। এই অভিযানত ১০ উগ্রপন্থী নিহত হৈছে। এই অভিযান এতিয়াও অব্যাহত আছে বুলি  জানিবলৈ দিয়ে সেনাবাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডে।

যোৱা ২৩ এপ্ৰিলত সীমান্তত নিয়োজিত BSFৰ জোৱান পূৰ্ণম কুমাৰ শ্ব’ই ভুলৱশতঃ পাকিস্তানত প্ৰৱেশ কৰাৰ পিছত পাকিস্তানী ৰেঞ্জাৰৰথাতত বন্দী হৈছিল। অৱশেষত কালি তেওঁক ভাৰতলৈ ঘূৰাই পঠায় পাকিস্তানে। এই সময়ছোৱাত জোৱানগৰাকীৰ পৰা গোপন তথ্য উদ্ধাৰৰ বাবে পাকিস্তানী সেনাই তেওঁক নানা মানসিক নিৰ্যাতন চলোৱা বুলি জানিব পৰা গৈছে। পাকিস্তানী সেনাই পূৰ্ণমক নিশা আনকি শুবলৈও দিয়া নাছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ভাৰত-পাকিস্তান সংঘাতৰ পৰিপ্ৰেক্ষিতত এসপ্তাহৰ বাবে স্থগিত হোৱাৰ পিছত অহা ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল। ইফালে জাতীৰ দলৰ দায়িত্ব, ব্যক্তিগত কাৰণ, আঘাত বা অসুস্থতাৰ বাবে কিছুমান খেলুৱৈ এতিয়া প্ৰতিযোগিতাখনত উপলব্ধ নোহোৱাৰ বাবে তেওঁলোকৰ স্থানত আন খেলুৱৈক অন্তৰ্ভুক্ত কৰাৰ বাবে বিচিচিআইয়ে সকলো ফ্ৰেন্সাইজিকে অনুমতি প্ৰদান কৰিছে।