তুৰ্কীত কিমান হিন্দু লোকে বাস কৰে? জানক

16 May 2025

TV9 ASSAM

পাকিস্তানক মুকলি সমৰ্থন আগবঢ়োৱাৰ পাছতে সামাজিক মাধ্যমত বয়কট তুৰ্কী ট্ৰেণ্ড কৰা দেখা যায়। ইয়াৰোপৰি  ভাৰতেও তুৰ্কীৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। দুই দেশৰ মাজৰ সম্পৰ্কত অৱনতি।

বয়কট তুৰ্কী

তুৰ্কী এখন ধুনীয়া ঠাই। তথ্য অনুসৰি ইয়াত মুঠ জনসংখ্যা ৮.৫৩ কোটি। এছোচিয়েশ্যন অফ ৰিলিজন ডাটা আৰ্কাইভৰ তথ্য অনুসৰি তুৰ্কীত ৯৯ শতাংশ মুছলিম লোকে বাস কৰে।

জনসংখ্যা

তুৰ্কী মুছলিম ব্যয়বহুল দেশ। কিন্তু ইয়াত কম পৰিমাণে হিন্দু লোকেও বাস কৰে। তথ্য অনুসৰি এই দেশখনত হিন্দু লোকৰ সংখ্যা ৮০০ তকৈও কম।

হিন্দু

তথ্য অনুসৰি তুৰ্কীত থকা বেছিভাগ হিন্দু ভাৰতীয় আৰু নেপালৰ।  ইয়াত বেছিভাগ হিন্দু লোকে চাকৰি, পঢ়া-শুনা বা শ্ৰমিকৰ কাম কৰিবলৈ যায়। ইয়াত স্থানীয় হিন্দু নাই বুলি ক'ব পাৰি।

ক'ৰ পৰা আহিছে

তুৰ্কীয়ে পৰ্যটনৰ পৰা বৃহৎ সংখ্যক ৰাজহ আদায় কৰে। প্ৰতিবছৰে লাখ লাখ ভাৰতীয় তুৰ্কী ভ্ৰমণৰ বাবে যায়। ২০২৪ চনত প্ৰায় ৩ লাখ ৩০ হাজাৰ ভাৰতীয় তুৰ্কী ভ্ৰমণ কৰিছিল।

ভাৰতীয়

তুৰ্কী এখন ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্য, প্ৰাচীন ভাস্কৰ্যৰে আৱৰা ঠাই। যাৰ বাবে প্ৰতিবছৰে ইয়াত লাখ লাখ লোকে ভ্ৰমণ কৰে। তুৰ্কীৰ ১২ শতাংশ জিডিপি ভ্ৰমণৰ পৰাই আহে।

পৰ্যটন

কিন্তু এতিয়া ভাৰত-তুৰ্কীৰ মাজৰ সম্পৰ্কত অৱনতি ঘটিছে। যাৰ বাবে বহু ভাৰতীয়ই এডভান্স বুকিং কেনছেল কৰিছে। তুৰ্কীৰ ভাৰত বিৰোধিতাই তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ পেলাব বুলি ক'ব পাৰি।

বুকিং কেনছেল

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীত কিমান হয়?