সাজু হৈছে গুৱাহাটী, ১৭ জানুৱাৰীত ১০০০০ ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা
অহা ১৭ জানুৱাৰীত এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা। এই বৃহৎ অনুষ্ঠানত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা।
বিহু আৰু ঝুমইৰ বিনন্দিনী পাছত এইবাৰ ১০০০০ ৰো অধিক নৃত্য শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। অসম চৰকাৰে বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত লোকনৃত্য বাগৰুম্বা পৰিৱেশনৰ বাবে সকলো ফালৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছে। অহা ১৭ জানুৱাৰীত এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা। এই বৃহৎ অনুষ্ঠানত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়া বিশ্ব মঞ্চলৈ অসমৰ সাংস্কৃতিক যাত্ৰাৰ অংশ হিচাপে বাগৰুম্বাক লৈ যোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ‘বিহু আৰু ঝুমইৰক অধিক জনপ্ৰিয় কৰাৰ পাছত এতিয়া বাগৰুম্বাক বিশ্ব আগত তুলি ধৰাৰ সময় আহি পৰিছে।
অসম চৰকাৰে আয়োজন কৰা বৃহৎ সাংস্কৃতিক প্ৰদৰ্শনীৰ ধাৰাবাহিকতাৰ অতুত ৰাখি এই মেগা বাগৰুম্বা মৃত্য প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম চাহৰ ২০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আদিবাসী চাহ বাগিচা সম্প্ৰদায়ৰ ৮ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে ঝুমুৰ পৰিবেশন কৰিছিল। অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
এইবাৰ অহা ১৭ জানুৱাৰী তাৰিখে সৰুসজাইৰ ভোগেশ্বৰ বৰু ক্ৰীড়া প্ৰকল্পত ১০ হাজাৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব বড়োসকলৰ পৰম্পৰাগত লোকনৃত্য বাগৰুম্বা। ইয়াৰ বাবে সকলো প্ৰস্তুতি সময়মতে আৰু সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে, বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ প্ৰস্তুতিৰ অংশ হিচাপে অহা ৪,৫ আৰু ৬ জানুৱাৰীত ওজা প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ হৈছে। ইয়াৰ পাছতে ওজা প্ৰশিক্ষকসকলে ২৩ খন জিলাত ৮,৯ আৰু ১০ জানুৱাৰীত নৃত্য শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। পৰৱৰ্তী ১২,১৩ আৰু ১৫ জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত নৃত্য শিল্পীসকলৰ চূড়ান্ত আখৰা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।