জুবিন গাৰ্গ মৃত্যুৰ গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ জৰুৰী পত্ৰ আছুৰ, কি কি আছে চিঠিখনত?
Zubeen Garg: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এতিয়া সকলোৱে কেৱল অপেক্ষা কৰি আছে ন্যায়ৰ। ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাৰ গোচৰ সম্পৰ্কে দেওবাৰ (৪ জানুৱাৰী)য়ে সদৌ অসম ছাত্ৰ সন্থা (AASU)ই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন জৰুৰী চিঠি প্ৰেৰণ কৰে। এই চিঠিত আছুই মুখ্যমন্ত্ৰীগৰাকীক কেইবাটাও দাবী জনায়। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ দাবী জনোৱাৰ লগতে জুবিন গাৰ্গৰ হৈ ওকালতি কৰিবলৈ শীঘ্ৰেই ফৌজদাৰী গোচৰৰ অভিজ্ঞ আগশাৰীৰ জ্যেষ্ঠ অধিবক্তাৰে এটা দল গঠন কৰিবলৈ আহ্বান জনায়। ছাত্ৰ সন্থাই এই পত্ৰখনত কি কি দাবী কৰিছে বা কি লিখিছে সেই সকলো তলত অ-সম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল।
আছুৰ চিঠিখন…
“সদৌ অসম ছাত্ৰ সন্থাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ আজি এখন জৰুৰী চিঠি প্ৰেৰণ কৰিছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই জৰুৰী চিঠিখনত কয় বিগত বৰ্ষটোত ৰাজ্যখনৰ, জাতিটোৰ বাবে আটাইতকৈ দুখৰ বাতৰিটোৱেই আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু। অসম চৰকাৰে গঠন কৰি দিয়া SIT এ ইতিমধ্যে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত কৰি আদালতত চার্জশ্বীট দাখিল কৰিছে। জুবিন গাৰ্গক হত্যা কৰাৰ কথা চার্জশ্বীটত স্পষ্টভাবে প্রকাশ পাইছে। আদালতত শুনানি আৰম্ভ হৈছে।
অসমৰ ৰাইজ, ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰি আহিছে। হত্যাকাৰীয়ে শাস্তি পাবই লাগিব। মুখ্যমন্ত্রীয়েও জুবিন গাৰ্গৰ হত্যাকাণ্ডত ন্যায় প্ৰদান কৰাৰ কথা বিভিন্ন সময়ত দোহাৰিছে আৰু গোটেই আইনী প্রক্রিয়াটোত সহায় হোৱাকৈ Special Public Prosecutor নিয়োগ কৰিব বুলি ঘোষণা কৰিছে।
এতিয়া আদালতব শুনানি কালত দেখা গৈছে যে অভিযুক্তসকলৰ প্রত্যেকেই নিজৰ প্ৰতিৰক্ষাৰ বাবে আগশাৰীৰ উকিল নিয়োগ কৰিছে। তেনে ক্ষেত্রত জুবিন গাৰ্গৰ পক্ষত এটা শক্তিশালী অধিবক্তাৰ দল নিয়োগ কৰাৰ সময় আহি পৰিছে। শীঘ্রেই ফৌজদাৰী আইনৰ অভিজ্ঞ আগশাৰীৰ অধিবক্তাৰ এটি দলক Special Public Prosecu-tor হিচাপে নিয়োগ কৰাৰ আৰু আইনী প্রক্রিয়াটো ত্বৰান্বিত হোৱাৰ স্বার্থত এখন বিশেষ আদালতৰ নিতান্তই প্রয়োজন আহি পৰিছে”।
আৰু লিখে- “ছাত্র সন্থাই জৰুৰী চিঠিখনত মুখ্যমন্ত্রীলৈ আহ্বান জনাই কয়-
১) জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰা হওক। এই বিষয়ত মহামান্য উচ্চ ন্যায়ালয়ক অনুৰোধ জনাই বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ ফলপ্রসূ পদক্ষেপ ল’ব লাগে।
২) জুবিন গাৰ্গৰ পক্ষত উকালতি কৰিবলৈ শীঘ্রেই ফৌজদাৰী গোচৰৰ অভিজ্ঞ, আগশাৰীৰ জ্যেষ্ঠ অধিবক্তাৰে গঠিত এটি দলক Special Public Prosector হিচাপে নিয়োগ কৰিব লাগে”।
অন্য খবৰ পঢ়কঃ সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাগ্ৰস্তৰ পৰা ভেনিজুৱেলাৰ পৰিস্থিতিলৈ, দিনটোৰ খবৰ…