Magh bihu 2026: মাঘ বিহু কেতিয়া? জানক ভোগালীৰ ইতিহাস, পৰম্পৰা, তাৎপৰ্য আদি সকলো…
অসমীয়াই বছৰত তিনিটাকৈ বিহু পালন কৰে। ব'হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। প্ৰতিটো বিহুৰে নিজা নিজা বৈশিষ্ট তথা তাৎপৰ্য আছে। ইয়াৰ ভিতৰত এটা হৈছে মাঘ বিহু। এই বিহুটি কেৱল এক পৰম্পৰাই নহয়, চহা অসমীয়াৰ গৌৰৱ।
অসমীয়াৰ হেঁপাহৰ মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। ভোগালী মানেই হৈছে ভোগৰ আনন্দ। মাঘ বিহুৰ দিনা বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰেৰে এসাঁজ উদৰ পূৰাই খাব চহা অসমীয়াই। এয়া পথাৰত মূৰৰ ঘাম মাটিত পেলাই কৃষিজীৱী অসমীয়াই কৰা খেতিডৰাৰ ফচলেৰে এসাঁজ খোৱাৰ পুৰণিকলীয়া পৰম্পৰা। ৰাজ্যৰ ঠাইভেদে ইয়াৰ পৰম্পৰা ৰীতি-নীতি পৃথক হ’লেও, সকলোৰে উদ্দেশ্য এটাই। লগে-ভাগে উদৰ পূৰাই এসাঁজ খোৱা। ইফালে যদি ঢেঁকীৰ গুমগুমনিত মুখৰিত হৈ পৰে ৰাজ্য। আনফালে পিঠা-পনা, লাড়ু, আখৈ, চিৰাৰে ভৰিব নগৰ-চহৰৰ বজাৰ।
মাঘ বিহু কেতিয়া?
অসমীয়াই বছৰত তিনিটাকৈ বিহু পালন কৰে। ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। প্ৰতিটো বিহুৰে নিজা নিজা বৈশিষ্ট তথা তাৎপৰ্য আছে। ইয়াৰ ভিতৰত এটা হৈছে মাঘ বিহু। এই বিহুটি কেৱল এক পৰম্পৰাই নহয়, চহা অসমীয়াৰ গৌৰৱ। কপালৰ ঘাম মাটিত পেলাই পথাৰত ৰোৱা সোণগুটি ডৰা চপাই আনি ভঁৰালত থোৱাৰ পাছতে অসমীয়াই পালন কৰে হেঁপাহৰ ভোগালী। প্ৰচণ্ড শীতৰ সেমেকা ৰ’দত সেই ধান শুকুৱাই প্ৰস্তুত কৰা হয় চাউল। তাৰ পাছতে আৰম্ভ হয় ভোগালীৰ প্ৰস্তুতি।
প্ৰতিবছৰে অসমীয়াই অতি উলহ মালহেৰে মাঘ বিহু পালন কৰে। এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে মাঘ বিহুৰ উৰুকা আৰু ১৪ জানুৱাৰী বুধবাৰে পালন কৰা হ’ব মেজি জ্বলোৱা পৰ্ব। তাৰ পিছতে ১৫ জানুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব মাঘৰ মাহ।
ইতিহাস
মাঘ বিহুৰ ইতিহাস সন্দৰ্ভত বহুতে বহু আখ্যানৰ কথা কয়। লোকবিশ্বাস অনুসৰি আদিম যুগৰ বড়ো মূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল। তেতিয়াৰে পৰাই সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি অহা হৈছে এই বিহু। চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলিও কোৱা হয়। বিহুৰ দিনা আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। ৰজাসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল।
স্বৰ্গদেউ ৰুদ্ৰ সিংহই বিহুক জাতীয় উৎসৱৰ মৰ্যদা দিছিল আৰু ৰংঘৰৰ বাকৰিত বিহু পাতিছিল। আনকি ব্ৰিটিছ লেখক উইলিয়ামছ ৰবিনছনে বিহুক অসমৰ প্ৰধান উৎসৱ হিচাপে উল্লেখ কৰি গৈছে। তেওঁ সেই কথা ‘এ ডেছক্ৰেটিভ একাউণ্ট অফ আছাম গ্ৰন্থত’উল্লেখ কৰিছে।
মাঘ বিহুৰ উৰুকা
মাঘ বিহু আগদিনা নিশা অসমীয়াই উৰুকা পালন কৰে। গাঁৱৰ সকলোয়ে মিলি উমৈহতীয়াকৈ ভেলাঘৰ সাজি তাতে ৰাতি ভোজ-ভাত খায় । সাধাৰণতে এই ভেলাঘৰ সমূহ খেৰৰ নৰাৰে হয়। কিন্তু ঠাইভেদে ভেলাঘৰৰ আকাৰ ভিন্ন হোৱা দেখা যায়। কোনো কোনো ঠাইত শংকু আৰু আয়তাকাৰ আকৃতিৰ মেজিঘৰৰ নিৰ্মাণ কৰাও দেখা যায়। তদুপৰি নামনি অসমৰ কিছু কিছু অঞ্চলত শুকান কলপাতেৰেও ভেলাঘৰ সজা হয়। ঠাই বিশেষে আৰু জনগোষ্ঠীভেদে মেজিৰ আকাৰ তথা আকৃতিৰ ভিন্নতা দেখা যায়। ইফালে বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান জলাশয় আদিত একোটা চুবুৰি বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে।
মাঘ বিহুৰ পৰম্পৰা
পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। বিহুৰ দিনা পুৱা সকলোয়ে গা-পা ধুই উৰুকাৰ দিনা সজা ভেলাঘৰ মেজিত জুই লগাই সমাজৰ অমংগল দূৰ কৰিবৰ বাবে প্ৰাৰ্থনা জনায়। মেজিৰ জুইত মাতি মাহ, মগু, পিঠা, চাউল আদি দি অগ্নিক সেৱা কৰে। মেজি পুৰি শেষ হলে সেই ছাঁইৰে সকলোৱে ফোঁট লয়। লগতে মনৰ আশাৰ পূৰণৰ বাবে ৰাইজৰ আগত আশীৰ্বাদ লয়। এই বিহুৰ সময়ত কৃষিজীৱি অসমীয়া ধান চপাই ভঁৰাল উপচাই থয়। যাৰ বাবে ইয়াক ভোগালী বিহু বুলি কোৱা হয়। এই বিহুত সকলো অসমীয়াই ঘৰে ঘৰে বিভিন্ন ধৰণৰ জলপান, পিঠা-পনা তথা লাডু আদি প্ৰস্তুত কৰে। প্ৰায় সকলোৰে ঘৰত পিঠা, দৈ, সান্দহ, নানা প্ৰকাৰৰ লাড়ু, আখৈ আদি বনোৱা হয়।
ইয়াৰ উপৰিও মাঘ বিহুত গাঁও অঞ্চলবোৰত বিভিন্ন ধৰণৰ খেল-প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত আছে বুলবুলি চৰাইৰ যুঁজ, ম’হ যুঁজ, কণী যুঁজ আদি অন্যতম।ইয়াৰোপৰি এই বিহুৰ সময়ত ম’হ যুজ, কণী যুঁজ আদি অনুষ্ঠিত হয়। লগতে কিছুমান ঠাইত কড়ি খেল, নাওখেল আদি অনুষ্ঠিত হোৱাও দেখা যায়। এই ক্ষেত্ৰত হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। অৱশ্যে বিহুৰ এনে নীতি -নিয়মত বৰ্তমান সময়ত পৰিছে আধুনিকতাৰ প্ৰভাৱ। তথাপিও অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মাঘ বিহুৰ ঐতিহাসিক পৰম্পৰা জীয়াই ৰাখিছে একাংশই।