কংগ্ৰেছ দলত হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট কোন? মুখ্যমন্ত্ৰীৰ পোষ্টে স্পষ্ট কৰিলে বহু কথা…
বুধবাৰে অসমত উপস্থিত হৈছে কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু মালিকাৰ্জুন খাৰ্গে। কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্টে বিশেষ চৰ্চা লাভ কৰিছে।

কংগ্ৰেছত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট! বিগত সময়চোৱাত এই অভিযোগে বহু সময়ত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আনকি কংগ্ৰেছৰ একাংশ নেতা-মন্ত্ৰীয়েও এই কথা নুই নকৰে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক মন্তব্যৰ পৰা যেন এই কথা স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ শৰ্মাই কৰা এক মন্তব্যই এই অভিযোগৰ ওপৰত সাৰ-পানী দিয়াৰ কাম কৰিছে।
১৬ জুলাইত অসমত ভ্ৰমণৰ বাবে আহিছে কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে তেওঁলোকে পোনে পোনে হোটেল কিৰনশ্ৰী লৈ যায়। য’ত তেওঁলোকে কংগ্ৰেছৰ একাংশ নেতা-বিধায়কৰ সৈতে ৰুদ্ধদাৰ বৈঠকত মিলিত হয়। কংগ্ৰেছৰ PAC আৰু জ্যেষ্ঠ নেতাৰ সৈতে সতীৰ্থ সন্মিলনত দলৰ আটাইকেইগৰাকী বিধায়ক, সাংসদ তথা জিলা সভাপতিসকল উপস্থিত থাকে।
এই বৈঠকৰ কিছু সময় পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমক এক বিশেষ পোষ্ট কৰে। যিয়ে দৃষ্টি কাঢ়ে বিভিন্নজনৰ। শৰ্মাই লিখে যে- “‘লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম’— ঠিক এই বাক্যশাৰীয়েই বিৰোধী দলপতি শ্রীৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৈছে। তেওঁ মাত্র এই কথাটোকে ক’ম বুলি অসমলৈ আহিছে যদিও দুর্ভাগ্যবশত: নেতাগৰাকীয়ে পাহৰিয়েই গ’ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে বর্তমান জামিনতহে মুকলি হৈ আছে। তেওঁলৈ মোৰ শুভকামনা। দিনজোৰাকৈ অসমৰ আতিথ্য উপভোগ কৰক”।
মুখ্যমন্ত্ৰীৰ এই পোষ্টৰ পাছতেই এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে সঁচাকৈ মুখ্যমন্ত্ৰীৰ এজেন্ট কংগ্ৰেছ দলত এতিয়াও আছে নেকি? যদি আছে সেয়া কোন? সেয়া সময়ত চিনাক্ত কৰিব পাৰিবনে কংগ্ৰেছে? উল্লেখ্য যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ মানুহ কংগ্ৰেছ দলত আছে বুলি মুকলিকৈ কৈ আহিছে।
কিছুদিন পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাকো আওপকীয়াকৈ শৰ্মাই বিজেপিলৈ আমন্ত্ৰণ জনাইছিল। ভূপেন বৰাই বিজেপিত যোগদান কৰিব নে নাই সেই সন্দৰ্ভত চৰ্চা চলি আছিল যদিও পাছলৈ এই চৰ্চাত ইতি পৰে। ইয়াৰ মাজতে কিন্তু বহুতে একাংশ কংগ্ৰেছীক বিজেপিৰ শুভচিন্তক বুলি গণ্য কৰি আহিছে।
তেনেস্থলত মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই আজি বিশেষ চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, ২০২৬ চনত অসমত অনুুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে আজি অসমলৈ আজি এক প্ৰকাৰ ৰণশিঙা বজালে কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু মালিকাৰ্জুন খাৰ্গে। গতিকে পৰৱৰ্তী সময়ত বিজেপিয়ে কি ৰণনীতি গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ অসমত দুই কংগ্ৰেছ নেতাৰ উপস্থিতিৰ পৰা মোদী কেবিনেটৰ ডাঙৰ ঘোষণালৈ, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…