কেতিয়াবা ভাবিছেনে পাইলট বা এয়াৰ হোষ্টেছৰ গাত কিয় পাৰ্ফিউমৰ গোন্ধ পোৱা নাযায়?
কিছুমান বিশেষ বস্তু যেনে সুগন্ধি, ছেনিটাইজাৰ, মাউথৱাছ, টুথপেষ্ট আনকি কিছুমান ঔষধো বিমানৰ ভিতৰত কৰ্তব্যৰত কৰ্মচাৰীসকলক ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। ইয়াৰ আঁৰৰ কাৰণ কি?
বিমানত উঠাৰ লগে লগে নাকত লাগে এটা ভাল লগা সুগন্ধ। নিয়মিতভাৱে বিমানেৰে যাত্ৰা কৰাসকলৰ বাবে ই এক সাধাৰণ কথা। যিসকলে প্ৰথমবাৰ বিমানত উঠে, বা নিয়মিত বিমান যাত্ৰা নকৰে, তেওঁলোকৰ বাবে এই মিঠা গোন্ধই মনটো ভাল লগাই। কিন্তু আপোনাৰ কাষেৰে পাৰ হৈ যোৱা পাইলট বা এয়াৰ হোষ্টেছৰ শৰীৰৰ পৰা এনেকুৱা এটা সুগন্ধ কেতিয়াবা পাইছেনে? হয়তো আপুনি লক্ষ্য কৰা নাই। তেওঁলোকৰ শৰীৰৰ পৰা তেনে সুগন্ধ পোৱা নাযায়। ইয়াৰ আঁৰত আছে এটা বিশেষ কাৰণ।
কেৱল পাইলটেই নহয়, বিমানখনত থকা এয়াৰ হোষ্টেছ আৰু অন্যান্য ক্ৰু সদস্যসকলেও সুগন্ধি ব্যৱহাৰ কৰিব নোৱাৰে। অসামৰিক বিমান পৰিবহণৰ নিয়ম অনুসৰি সুগন্ধিৰ দৰে বহু বস্তু ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিছুমান বিশেষ বস্তু যেনে সুগন্ধি, ছেনিটাইজাৰ, মাউথৱাছ, টুথপেষ্ট আনকি কিছুমান ঔষধো বিমানৰ ভিতৰত কৰ্তব্যৰত কৰ্মচাৰীসকলক ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। ইয়াৰ আঁৰৰ কাৰণ কি?
উৰণৰ ক্ষেত্ৰত পাইলটৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল একাগ্ৰতা। ইয়াত ব্যাঘাত জন্মাব পৰা বস্তু ব্যৱহাৰ কৰাত সেয়ে নিষেধাজ্ঞা থাকে। ইয়াৰ আঁৰত এটা বৈজ্ঞানিক কাৰণ আছে। সেইবাবেই নিয়মটো বনোৱা হৈছে।
বিমানত উঠাৰ সময়ত পাইলট আৰু অন্যান্য ক্ৰু সদস্যসকলক ব্ৰেথ এনালাইজাৰ পৰীক্ষা কৰা হয়। যদি তেওঁলোক সেই পৰীক্ষাত বিফল হয়, তেন্তে তেওঁলোকক বিমানত উঠিবলৈ দিয়া নহ’ব পাৰে। আনকি নিষিদ্ধও হ’ব পাৰে। তেওঁলোকক যথেষ্ট পৰিমাণৰ জৰিমনা বিহা হ’ব পাৰে। এই পৰীক্ষাৰ কাৰণ হ’ল তেওঁলোকে মদ্যপান কৰিছে নেকি সেয়া জানিবলৈ? কাৰণ মদ্যপান কৰিলে যাত্ৰীসকলৰ বিপদ হ’ব পাৰে।