শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৩ বছৰ ধৰি আছিল লিভ-ইনত! বেমাৰ হোৱাৰ পাছতেই হাস্পাতালত এৰি পলায়ন প্ৰেমিকৰ…

আজিকালি বহু যুৱক-যুৱতীয়ে লিভ-ইন ৰিলেশ্যনত থাকে। কোৱা হয়, প্ৰেমত মানুহে সকলো কৰিব পাৰে। কিন্তু প্ৰেমিকাক বেমাৰত কোনোৱে অকলে এৰি যাব পাৰেনে? এনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে যিয়ে আচৰিত কৰিব আপোনাক।।

৩ বছৰ ধৰি আছিল লিভ-ইনত! বেমাৰ হোৱাৰ পাছতেই হাস্পাতালত এৰি পলায়ন প্ৰেমিকৰ…
চিচিটিভি ফুটেজImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Jul 2025 21:20 PM

এগৰাকী যুৱতীৰ মৃতদেহ হাস্পাতালত এৰি থৈ যোৱা ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চেতন নামৰ যুৱকজনক। জানিব পৰা মতে, প্ৰায় ৩ দিন পূৰ্বে চেতনে এখন অটোত এগৰাকী যুৱতী লৈ আহিছিল। পাছত সেই যুৱতীগৰাকীৰ ভুৱা তথ্য দি হাস্পাতালত ভৰ্তি কৰাইছিল। কিন্তু যুৱতীগৰাকীৰ মৃত্যুৰ পাছতে পলায়ন কৰে চেতনে। যেতিয়া হাস্পাতাল কৰ্তৃপক্ষই তেওঁক যোগাযোগ কৰিব বিচাৰে, তেতিয়া গম পাই যে সকলো তথ্য ভুৱা। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়াৰ জিলা চিকিৎসালয়ত।

কথা গম্ভীৰ দেখি চিকিৎসালয় প্ৰশাসনে বিষয়টো আৰক্ষীক অৱগত কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও ভুল ঠিকনাৰ বাবে সকলো খেলিমেলি লাগে। পাছত আৰক্ষীয়ে হাস্পাতালৰ চিচিটিভি ফুটেজৰ ভিত্তিত যুৱকগৰাকীক বিচাৰি অভিযান চলায়। আৰক্ষীয়ে উদ্ধাৰ কৰা চিচিটিভি ফুটেজত স্পষ্টকৈ দেখা যায় যে এজন যুৱকে এগৰাকী যুৱতীক অটোৰ পৰা নমাই আনিছে আৰু পাছত কোলাত লৈ হাস্পাতালৰ ভিতৰত প্ৰৱেশ কৰিছে।

এই চিচিটিভি ফুটেজ চাই প্ৰথমে আৰক্ষীয়ে অটোচালকক বিচাৰি উলিয়াই আৰু পাছত চেতনৰ সন্ধান লাভ কৰে। তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। আৰক্ষীয়ে চেতনক জেৰা কৰাৰ সময়ত তেওঁ কয় যে তেওঁ মাধোগঞ্জৰ বাসিন্দা। যুৱতীগৰাকীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰায় তিনি বছৰ পূৰ্বে গোৱালিয়াৰ ৰে’ল ষ্টেচনত যুৱতীগৰাকীক লগ পাইছিল, আৰু পাছত দুয়োৰে মাজত বন্ধুত্ব আৰু পাছলৈ প্ৰেম হৈছিল। 

দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিছিল। তেনেস্থলত দুয়ো লিভ-ইনত থাকিবলৈ আৰম্ভ কৰে আৰু স্বামী-স্ত্ৰীৰ দৰে জীৱন কটায়। কিন্তু মাজনিশা যুৱতীগৰাকীক কোনো বিষাক্ত জন্তুৱে কামোৰে। লগে লগে তেওঁ যুৱতীগৰাকীক অটোত চিকিৎসালয়লৈ লৈ আহে যদিও যেতিয়া তেওঁৰ মৃত্যু হয় ভয় খায়।যাৰ বাবে তেওঁ চিকিৎসালয়ৰ পৰা পলাই যায়।

বুধবাৰে গোৱালিয়াৰৰ এছ এছ পি ধৰ্মবীৰ সিঙে এই  সন্দৰ্ভত কয় যে আৰক্ষীয়ে অটো চালক আৰু ঘৰৰ মালিক চেতন নামৰ যুৱকজনক জিম্মাত লৈছে। ইফালে যুৱতীগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছত যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ স্পষ্ট হ’ব। গতিকে তাৰ ভিত্তিত পৰৱৰ্তী তদন্ত আগুৱাই নিয়া হব। গতিকে এই ঘটনাৰ প্ৰকৃত কাৰণ পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ আপুনি ৰীল বনাই ভাল পাই নেকি? তেন্তে লাভ কৰিব ১৫ হাজাৰ টকা, জানক…