শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত দুই কংগ্ৰেছ নেতাৰ উপস্থিতিৰ পৰা মোদী কেবিনেটৰ ডাঙৰ ঘোষণালৈ, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…

অসমকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত আজি বহু ঘটনা-পৰিঘটনা সংঘটিত হয়। আজি ৰাহুল গান্ধী অসমত উপস্থিত হয়, ইফালে মমতা বেনাৰ্জীয়ে বিজেপিক হুংকাৰ দিয়ে। কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত উল্লেখ কৰা হ'ল।

অসমত দুই কংগ্ৰেছ নেতাৰ উপস্থিতিৰ পৰা মোদী কেবিনেটৰ ডাঙৰ ঘোষণালৈ, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…
ৰাহুল গান্ধীImage Credit source: facebook (rahul gandhi)
barasha-sarma
Barasha Sarma | Published: 16 Jul 2025 17:00 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. বুধবাৰে অসমত উপস্থিত হয় কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে কংগ্ৰেছ নেতা দুগৰাকীয়ে কিৰণশ্ৰী হোটেলেত এক বৈঠকত মিলিত হয়। কংগ্ৰেছৰ PAC আৰু জ্যেষ্ঠ নেতাৰ সৈতে সতীৰ্থ সন্মিলনৰ পাছত তেওঁ ছয়গাঁৱৰ বিশাল জনসভা সম্বোধন কৰে।
  2. গুৱাহাটীত দুই কংগ্ৰেছ নেতাৰ উপস্থিতিত হোৱা বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট। তেওঁ লিখে যে-‘লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম’— ঠিক এই বাক্যশাৰীয়েই বিৰোধী দলপতি শ্রীৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৈছে।
  3. চাকৰিৰ পৰা অব্যাহতি বিচাৰিছে এগৰাকী চিকিৎসকে। এগৰাকী দণ্ডাধীশৰ বিৰুদ্ধে অভব্য আচৰণৰ অভিযোগ তুলি চিকিৎসক সুৰজিত গিৰিয়ে NHMৰ পৰা অব্যাহতি বিচাৰিছে। এই সন্দৰ্ভত তেওঁ বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। অভিযোগ অনুসৰি, চিকিৎসালয়ত কৰ্মৰত অৱস্থাত ডাঃ সুৰজিত গিৰিক অভব্য ব্যৱহাৰ, অপমান কৰিছে দণ্ডাধীশগৰাকীয়ে। যাৰ বাবে চিকিৎসকগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
  4. সংবাদ মাধ্যমৰ আগত বিশেষ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। তেওঁ কয় যে, কংগ্ৰেছে অসমীয়া জনসাধাৰণৰ বাবে যুঁজিব। খিলঞ্জীয়াৰ মাটি পাট্টা, বিভিন্ন জাতি-গোষ্ঠীৰ ভাষা- সংস্কৃতি,আমাৰ ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে  আমি যুঁজিম। যিসকলৰ ওপৰত চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে তেওঁলোকৰ স্বাধীনতাৰ বাবে কংগ্ৰেছে যুঁজিব বুলি কয় গগৈয়ে।
  5. G20 বিকাশ মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকালৈ কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব কিংডম অৱ ইশ্বাটিনি আৰু কিংডম অৱ লেছ’থো।
  6. মোদী কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। কৃষকৰ বাবে ‘পি এম ধন-ধন্য যোজনা’ত অনুমোদন। ইয়াৰ অধীনত প্ৰতি বছৰে ২৪ হাজাৰ কোটি টকাৰে ১০০খন জিলাত কৃষি সংস্কাৰ কৰা হ’ব। ইয়াৰোপৰি চৰকাৰে নবীকৰণযোগ্য শক্তিত বিনিয়োগ কৰিবলৈ এনএলচিআইএলৰ বাবে ৭ হাজাৰ কোটি টকাৰ অনুমোদন।
  7. বাংলাদেশৰ মাইমেনছিঙত অৱস্থিত বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা সাহিত্যিক সত্যজিৎ ৰায়ৰ পূৰ্বপুৰুষৰ ঘৰটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই ঐতিহাসিক সম্পত্তিৰ সংৰক্ষণ আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতে বাংলাদেশ চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ সাজু। জানিব পৰা মতে, এই ঘৰটো প্ৰায় ১০০ বছৰ পুৰণি।
  8. পৰৱৰ্তী অলিম্পিকত অনুষ্ঠিত হ’ব ক্ৰিকেট মেচ। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বিষয়াসকলে সময়সূচী ঘোষণা কৰিছে। ২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত টি-২০ ফৰ্মেটত ক্ৰিকেট মেচ হ’ব।২০২৮ চনৰ ১২ জুলাই তাৰিখে লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব। ২০ আৰু ২৯ জুলাইত পদকৰ বাবে মেচ অনুষ্ঠিত হ’ব।
  9. পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ডাঙৰ ঘোষণা। এক জনসভা সম্বোধন কৰি তেওঁ কয় যে, ২০২৬ চনৰ নিৰ্বাচনত টিএমচিয়ে বংগ দখল কৰিব আৰু পৰৱৰ্তী নিৰ্বাচনত দিল্লী দখল কৰিব। ইয়াৰোপৰি তেওঁ বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰি বাংলাভাষী প্ৰব্ৰজিত শ্ৰমিকক কৰা হাৰাশাস্তিৰ সমালোচনা কৰে। লগতে ইয়াৰ লগত বিজেপিৰ ৰাজনীতি জড়িত আছে বুলি কয়।

 

অন্য খবৰ পঢ়কঃ শ্বহীদ ঘোষণা কৰা মৃদুল ইছলামক পাহৰি গ’ল প্ৰদেশ কংগ্ৰেছে! ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ পত্নীৰ…