শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Olympic Cricket: প্ৰত্যাবৰ্তন হ'ব নেকি বিৰাট কোহলিৰ? অলিম্পিকৰ ক্ৰিকেটৰ সূচী প্রকাশ

Olympic Cricket: প্ৰত্যাবৰ্তন হ’ব নেকি বিৰাট কোহলিৰ? অলিম্পিকৰ ক্ৰিকেটৰ সূচী প্রকাশ

Barasha Misra
Barasha Misra | Published: 16 Jul 2025 22:08 PM

টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব অলিম্পিক। ২০২৮ চনৰ ১২ জুলাই তাৰিখে লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব। ২০ আৰু ২৯ জুলাইত পদকৰ বাবে মেচ অনুষ্ঠিত হ’ব। তাত নিৰ্মাণ কৰা এখন অস্থায়ী ষ্টেডিয়ামত খেলসমূহ অনুষ্ঠিত হ’ব।

পৰৱৰ্তী অলিম্পিকলৈ উভতি আহিছে ক্ৰিকেট। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বিষয়াসকলে সময়সূচী ঘোষণা কৰিছে। অলিম্পিকত এবাৰহে ক্ৰিকেট খেলা হৈছিল। সেইটো আছিল ১৯০০ চনত দুটা দলৰ মাজত গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাত্ৰ এখন মেচ হৈছিল। য’ত গ্ৰেট ব্ৰিটেইনে সোণৰ পদক লাভ কৰিছিল। পৰৱৰ্তী অলিম্পিক অৰ্থাৎ ২০২৮ চনত লছ এঞ্জেলছত ছটা দলে অংশগ্ৰহণ কৰিব।

টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব অলিম্পিক। ২০২৮ চনৰ ১২ জুলাই তাৰিখে লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব। ২০ আৰু ২৯ জুলাইত পদকৰ বাবে মেচ অনুষ্ঠিত হ’ব। তাত নিৰ্মাণ কৰা এখন অস্থায়ী ষ্টেডিয়ামত খেলসমূহ অনুষ্ঠিত হ’ব।

য’ত পুৰুষ আৰু মহিলা দুয়োটা পক্ষৰে ক্ৰিকেট দলে মেচ খেলিব। ৬টাকৈ, অৰ্থাৎ মুঠ ১২টা দল। প্ৰতিটো দলত ১৫ জন খেলুৱৈ থাকিব। অলিম্পিকত পুৰুষ আৰু মহিলা শাখাত ১৮০ গৰাকী ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব অলিম্পিকত। স্থানীয় সময় অনুসৰি পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ অনুষ্ঠিত হ’ব এই খেল। একে সময়তে পদকৰ বাবেও মেচসমূহো অনুষ্ঠিত হ’ব।

অলিম্পিকত কোন ৬ খন দেশে ক্ৰিকেটত অংশগ্ৰহণ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে আমি যদি ক্ৰম অনুসৰি চাও তেন্তে ভাৰতৰ খেল নিশ্চিত। আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ পৰা বিদায় লৈছে বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাডেজাই। কিন্তু ক্ৰিকেট অলিম্পিকলৈ প্ৰত্যাবৰ্তন হ’ব নেকি বিৰাট কোহলিৰ।

কিন্তু আঁৰত কি আছে, সবিশেষ চাওক এই ভিডিঅ’টোত…