শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত, কেইদিনমান পাছত জেললৈ যাব লাগিবঃ ৰাহুল গান্ধী

আজি অসমত উপস্থিত হয় কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে। এই সময়চোৱাত বিশাল জনসভা সম্বোধন কৰি গান্ধীয়ে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি মন্তব্য কৰে।

অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত, কেইদিনমান পাছত জেললৈ যাব লাগিবঃ ৰাহুল গান্ধী
ৰাহুল গান্ধীImage Credit source: facebook (rahul gandhi)
barasha-sarma
Barasha Sarma | Published: 16 Jul 2025 18:15 PM

বুধবাৰে অসমত উপস্থিত হয় কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। বিমান বন্দৰত উপস্থিত হৈ তেওঁলোকে প্ৰথমে হোটেল কিৰনশ্ৰী লৈ যায়। তাত কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীৰ সৈতে বৈঠক অনুষ্ঠিক কৰি ৰাওনা হয় ছয়গাঁৱলৈ। পাছত ছয়গাঁৱৰ এক বিশাল জনসভা সম্বোধন কৰে কংগ্ৰেছ নেতা দুগৰাকীয়ে। এই সময়চোৱাত দুইগৰাকী কংগ্ৰেছ নেতাই বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক উদ্দেশ্যি বহু কটাক্ষমূলক মন্তব্য কৰে।

হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গান্ধীয়ে কয় যে, “আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে নিজকে ৰজা বুলি ভাবে। অসমৰ ৰজাই ২৪ ঘন্টাই কেতিয়াবা আদানী, কেতিয়াবা আম্বানীক আপোনালোকৰ টকা, মাটি দি আহিছে। কিন্তু তেওঁৰ কথা ভালদৰে শুনিব, তেতিয়া জানিব তেওঁৰ কণ্ঠত ভয় সোমাই আছে। তেওঁ ডাঙৰ ডাঙৰ কথা কয়, চিঞৰে কিন্তু আপোনালোকে ভালকৈ চালে দেখিব তেওঁৰ মনত ভয় আছে। কিয়নো তেওঁ জানে, এদিন তেওঁক কংগ্ৰেছে জেললৈ পঠিয়াব। তেওঁ আৰু তেওঁলোকৰ পৰিয়ালে যি দুৰ্নীতি কৰিছে তাৰ হিচাপ অসমৰ জনতাই দিব। তেওঁ জেললৈ যাব লাগিব। কেইদিনমান পাছতেই তেওঁ জেললৈ যাব লাগিব”। লগতে কয় যে অমিত শ্বাহ, নৰেন্দ্ৰ মোদী কোনোৱে তেওঁক বচাব নোৱাৰে। 

 

গান্ধীয়ে লগতে কয়,  “কংগ্ৰেছ কৰ্মীসকলো সিংহ আৰু সিংহই কাকো ভয় নকৰে। কংগ্ৰেছ কৰ্মীৰ DNAত কংগ্ৰেছৰ বিচাৰধাৰা আছে।.কংগ্ৰেছৰ বিচাৰ ধাৰা সত্য আৰু অহিংসাৰ। আজি অসমত যি হৈ আছে সেয়া সমগ্ৰ দেশতে হৈ আছে। তেওঁ আৰু কয় যে, মুখ্যমন্ত্ৰীয়ে ২৪ ঘন্টাই অসমত চুৰ কৰি আছে। কংগ্ৰেছে এইবাৰ নিৰ্বাচন চুইপ কৰি জিকিব। গৌৰৱ গগৈয়ে কাম ইতিমধ্যে আৰম্ভ কৰিছে। ইয়াৰ ফলাফল অসমবাসীয়ে নিশ্চয় লাভ কৰিব”।

গান্ধীয়ে আৰু কয়,  “মহাৰাষ্ট্ৰৰ নিৰ্বাচন বিজেপিয়ে অনৈতিকভাবে জিকিছে। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত এক কোটি নতুন ভোটাৰ সৃষ্টি কৰিছে বিজেপিয়ে। সেই একেই কাম এতিয়া বিহাৰত আৰম্ভ কৰিছে। মহাৰাষ্ট্ৰ আৰু বিহাৰৰ পিচত এই কাম অসমত আৰম্ভ কৰিব বিচাৰিছে। কিন্তু অসমত এই কাম কৰিবলৈ দিয়া নহ’ব”।

নিৰ্বাচন আয়োগৰ ওপৰত অভিযোগ উত্থাপন কৰি গান্ধীয়ে কয় যে, নিৰ্বাচনী আয়োগ বিজেপিৰ মতে চলে। নিৰ্বাচনী আয়োগক ভোটাৰ তালিকা বিচাৰিলে তেওঁলোকে বাহানা বনায়। অসমত যি হৈছে সেয়া সমগ্ৰ দেশত হৈ আছে। আজিৰ সন্ধিয়ালৈ মুখ্যমন্ত্ৰীৰ মুখত আপোনালোকে ভয় দেখা পাব আৰু এই নিৰ্বাচনৰ পাছতে তেওঁক জেলত দেখা পাব বুলি কয় গান্ধীয়ে।

 

অন্য খবৰ পঢ়কঃ কংগ্ৰেছ দলত হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট কোন? মুখ্যমন্ত্ৰীৰ পোষ্টে স্পষ্ট কৰিলে বহু কথা…