Gorilla, Viral Video: মৰমতে খং আৰু অভিমান! এই খং পিছে মানুহৰ নহয়, গৰিলাৰহে…
খং, ক্ষোভ, মান-অভিমান এইবোৰ কেৱল মানুহৰেই অনুভূতি নেকি? কেৱল মানুহৰ মনতেই আৱেগ থাকে নেকি? তেনে মুঠেই নহয়। জীৱ-জন্তু বা চৰাই-চিৰিকতিৰো থাকে এনেবোৰ অনুভূতি। মাথো প্ৰকাশ ভংগী পৃথক হয়। মানুহে কথাৰে যিবোৰ অভিব্যক্তি প্ৰকাশ কৰে, ঠিকে তেনে অভিব্যক্তি জীৱ-জন্তুৱে প্ৰকাশ কৰে ইংগিতেৰে। আজিৰ কাহিনী জানি আচৰিত হ'ব।
আমাৰ বহুতেই জীৱ-জন্তুৰ সৈতে সময় কটাই ভালপায়। কিন্তু কিছুমান জন্তুৰ কাষ চপাটো বিপদৰ সন্মুখীন হোৱাৰ দৰেই কথা। বন্দী অৱস্থাত বাঘ-সিংহক আমি যিমান ওচৰৰ পৰা চাব পাৰো বা যিমান তেওঁলোকেৰ কাষ চাপিব পাৰোঁ, মুকলি হৈ থাকিলে কিন্তু সিমান কাষলৈ যোৱাৰ সাহস আমি কৰিব নোৱাৰোঁ। কিন্তু কিছুমান জন্তু অতিসহজেই মানুহৰ কাষ চাপে। গৰিলাও প্ৰায়েই মানুহৰ কাষ চপা দেখা যায়। গৰিলা আৰু মানুহৰ ধেমালিৰ বহু ভিডিঅ’ ইণ্টাৰনেটত উপলব্ধ। এনেবোৰ ভিডিঅ’ই চৰ্চাও লাভ কৰে। কেতিয়াবা গৰিলাই শিশুক বচোৱা দেখা যায়, কেতিয়াবা পৰ্যটকৰ সৈতে ওমলা বা তেওঁলোকৰ পৰা খাদ্য লোৱা দেখা যায়।
কিন্তু, এইবাৰ এটা ভিডিঅ’ত সম্পূৰ্ণ পৃথক এক দৃশ্য দেখা গ’ল। এই ভিডিঅ’টো শ্বেয়াৰ হৈছে @rose_k01 নামৰ এটা হেণ্ডেলৰ পৰা। য’ত দেখা গৈছে এটা গৰিলাৰ সমুখত এগৰাকী মহিলা। গৰিলাটোৱে মহিলাগৰাকীক চুলিত ধৰি ‘মৰম’ কৰিছে। কিছু সময়ৰ পাচতে সেই স্থানলৈ আহিল আন এটা গৰিলা। এটা নহয়, এজনীহে। মহিলাগৰাকীক মৰম কৰা গৰিলাটোৰ সংগী এই গৰিলাজনী। সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰিছিল গৰিলাজনীয়ে। মানুহৰ দৰেই তাইৰো সহ্য নহ’ল সংগী গৰিলাটোৰ কাণ্ড। তাৰ পাছত যি দৃশ্য দেখা গ’ল, সেই দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে।
সবিশেষ চাওক এই ভিডিঅ’টোত…