শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: শুভাংশু শুক্লাৰ পৃথিৱীত অৱতৰণৰ পৰা উচ্ছেদ অভিযানলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: শুভাংশু শুক্লাৰ পৃথিৱীত অৱতৰণৰ পৰা উচ্ছেদ অভিযানলৈ দিনটোৰ শীৰ্ষ খবৰ

barasha-misra
Barasha Misra | Updated On: 15 Jul 2025 23:05 PM

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড। পত্নীয়ে হত্যা কৰি পুতি থ'লে স্বামীক। বিগত ১৭ ধৰি নিখোঁজ হৈ আছিল ছবিয়াল নামৰ লোকজন। পৰিয়ালৰ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে ছবিয়ালৰ পত্নীক। তাৰ পাছতেই পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা।

. আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A) সমগ্ৰ ৰাজ্যত উচ্ছেদৰ জৰিয়তে মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰিছে চৰকাৰে। আজি সংবাদমেলত এই তথ্য দাখিল কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ দ্বাৰা বেদখল ৰোধ নকৰিলে অহা ২০ বছৰৰ ভিতৰত অসমৰ জনগাঁথনি সম্পূৰ্ণ সলনি হ’ব বুলি মন্তব্য মুখ্য়মন্ত্ৰীৰ।

B. আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। এই সম্পৰ্কে ভাৰত চৰকাৰৰ হাতত কোনো তথ্য নাই বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে, আলফা স্বাধীনে অসমৰ বাবে আন্দোলন কৰিছে, নিজৰ ঘৰত কেতিয়াও আক্ৰমণ নচলায়।

C. আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা সুকলমে পৃথিৱীত অৱতৰণ কৰিলে শুভাংশু শুক্লা আৰু তেওঁৰ তিনি সহযোগীক কঢ়িয়াই অনা ড্ৰেগন কেপচুলে। ২৩ ঘণ্টীয়া যাত্ৰাৰ অন্তত ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰে এই কেপচুলে। অৱতৰণৰ পাছতেই শুভাংশুৰ পৰিয়ালৰ মুখত দেখা গৈছে সন্তুষ্টিৰ হাঁহি।

D. যোৱা বৰ্ষত দলৰ হৈ আন্দোলন কৰিবলৈ যোৱা কংগ্ৰেছ কৰ্মী মৃদুল ইছলামক পাহৰিলে কংগ্ৰেছে। কালিলৈ বকোত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ এক বৃহৎ সমাৱেশ । য’ত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে। কিন্তু ৰাহুল গান্ধীক এবাৰ সাক্ষাৎ কৰাৰ বাবে এতিয়া দলৰ নেতাক হাতযোৰ কৰিও সঁহাৰি পোৱা নাই মৃত মৃদুলৰ পত্নীয়ে।

E. শ্ৰীভূমি জিলাত মঙলবাৰে আৰক্ষীয়ে জব্দ কৰে বিপুল পৰিমাণৰ জালনোট। এখন ই-ৰিক্সাত কাৰ্টনৰ ভিতৰত ৰখা হৈছিল জালনোটখিনি। ই-ৰিক্সাখনৰ চালকে কাৰ্টনটো উদ্ধাৰ কৰি খবৰ দিয়ে স্থানীয় প্ৰশাসনক। এই খবৰ পাই আৰক্ষীয়ে পাঁচশ টকীয়া জালনোট ভৰ্তি কাৰ্টনটো জব্দ কৰে।

F. গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড। পত্নীয়ে হত্যা কৰি পুতি থ’লে স্বামীক। বিগত ১৭ ধৰি নিখোঁজ হৈ আছিল ছবিয়াল নামৰ লোকজন। পৰিয়ালৰ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে ছবিয়ালৰ পত্নীক। তাৰ পাছতেই পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা।

G. অৰুণাচলত অসমৰ দুজন মিচিং যুৱকৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে অসম-অৰুণাচল সীমান্ত। কেবাটাও মিচিং সংগঠনে এই হত্যাৰ ন্যায়ৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে ধেমাজিত । অৰুণাচল সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদত নামি পৰে মিচিং দল-সংগঠনসমূহ।

H. লৰ্ডছ টেষ্টত ইংলেণ্ডৰ হাতত ২২ ৰাণত পৰাস্ত হয় ভাৰত। ইয়াৰ পাছতেই বিভিন্নজন ক্ৰিকেট বিশ্লেষকে বৰ্ণনা কৰিছে এই পৰাজয়ৰ কাৰণ। দ্বিগজ ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে এই সন্দৰ্ভত কয় যে কেতিয়াবা জয় হ’বলৈ ভাগ্যৰ প্ৰয়োজন হয়। ছিৰাজে সুন্দৰ ডিফেন্স কৰিছিল যদিও বলটো ঘূৰি গৈ খুঁটিত লাগিল।

I. মঙলবাৰে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক কমপ্লেক্সত অনুষ্ঠিত এক অনুষ্ঠানত ডুৰাণ্ড কাপৰ ১৩৪ সংখ্যক সংস্কৰণৰ ট্ৰফী আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰা হয়। ২০২৫ চনৰ ২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈ অনুষ্ঠিত হ’ব ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ। ভাৰতীয় সেনাই আয়োজন কৰা ডুৰাণ্ড কাপ এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা। ই সামৰিক পৰম্পৰা আৰু ভাৰতৰ ফুটবলৰ ক্ৰমবৰ্ধমান সংস্কৃতিৰ মাজত সেতু হিচাপে কাম কৰি আহিছে।

এই ভিডিঅ’টোত পলকতে সম্পূৰ্ণ খবৰ চাওক