শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পৰা এছিয়াত যুদ্ধৰ সংকেতলৈ…পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পৰা এছিয়াত যুদ্ধৰ সংকেতলৈ…পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 16 Jul 2025 07:22 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গুৱাহাটীত উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নিৰজ কুন্দন। ইফালে আজি অসম ভ্ৰমণলৈ আহিব আজি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধী। বুধবাৰে বকো-ছয়গাঁও সমষ্টিত মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়ে অংশ ল’বলগীয়া অনুষ্ঠানৰ পৰিদৰ্শকৰ দায়িত্বত আছে নিৰজ কুন্দন।
  2. গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নামত প্ৰৱঞ্চনাৰ জাল। উপাচাৰ্য ননীগোপাল মহন্তৰ নাম-ফটো ব্যৱহাৰ কৰি ভুৱা হোৱাটছএপ গ্ৰুপ। বিষয়টোক লৈ উদ্বিগ্ন গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল।
  3. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যত চলা উচ্ছেদ অভিযান সন্দৰ্ভত কেতবোৰ তথ্য আগবঢ়ায়। ইয়াৰ লগতে এই উচ্ছেদৰ বিৰোধিতা কৰা সকলকো সমালোচনা কৰে মুখ্য়মন্ত্ৰীয়ে। সংবাদমেলত তথ্য দাখিল কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমানলৈকে চৰকাৰে মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে।
  4. উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। মুৱানীৰ পৰা বকতালৈ যোৱা এখন বাহনে নিয়ন্ত্ৰণৰ হেৰুৱাই ১৫০ মিটাৰ দ’ খাৱৈত পৰে। এই দুৰ্ঘটনা সংঘটিত হৈছে সোণী দলঙৰ সমীপত। লাভ কৰা তথ্য অনুসৰি বাহনখনত মুঠ ১৩ গৰাকী যাত্ৰী আছিল, ইয়াৰে ৭ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন কিছুমান গুৰুতৰভাৱে আহত হৈছে।
  5. ইতিহাস ৰচনা কৰি মঙলবাৰে (১৫ জুলাই) পৃথিৱীত উপস্থিত হ’ল শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰী। এই অভিযানৰ সময়ত শুভাংশুয়ে প্ৰায় ১৮ টা দিন মহাকাশত কটায়। এই সময়চোৱাত তেওঁ বিভিন্ন গৱেষণাত অংশগ্ৰহণ কৰে। অভিযান সামৰি প্ৰায় ২৩ ঘণ্টাৰ যাত্ৰাৰ অন্তত তেওঁৰ ড্ৰেগন মহাকাশযানখনে কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰে।
  6. ভাৰতৰ পুৰুষ আৰু মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলে লণ্ডনৰ ক্লেৰেন্স হাউছত ৰজা চাৰ্লছ তৃতীয়ক সাক্ষাৎ কৰে। ব্ৰিটেইনৰ ৰজা ৰজা চাৰ্লছ তৃতীয়ক গামোচা আৰু চাহপাত উপহাৰ দিলে BCCIৰ সচিব, অসম সন্তান দেৱজিৎ লন শইকীয়াই।
  7. মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ পিছত এছিয়াত শুনা গৈছে নতুন যুদ্ধৰ শব্দ। চীনৰ বাবে হ’বলৈ গৈ আছে এই যুদ্ধ। টাইৱান দখলৰ অভিযান ত্বৰান্বিত কৰিছে চীনে ।  মঙলবাৰে দেখা গ’ল ইয়াৰ আভাস।  যেতিয়া টাইৱানৰ আকাশত এখন বা দুখন নহয় ২১খন চীনৰ যুদ্ধ বিমান দেখা গ’ল। চীনৰ এই কার্যৰ পাছত টাইৱানেও প্রত্যুত্তৰ দিবলৈ সাজু হৈছে৷

লগতে পঢ়ক: বুধবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…