ফাইবাৰৰ অভাৱ হ'লে কি কি ৰোগ হ'ব পাৰে? 

16July 2025

TV9 ASSAM

ফাইবাৰে আমাৰ অন্ত্ৰ চাফা কৰে আৰু খাদ্য হজম হোৱাত সহায় কৰে। ই শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰে, লগতে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে। ই হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰে। গতিকে ইয়াৰ অভাৱত বিভিন্ন ৰোগ হ'ব পাৰে।

ফাইবাৰ

ডাঃ দীপক সুমনে কয় যে,ফাইবাৰৰ অভাৱত পাচনতন্ত্ৰ প্ৰভাৱিত হয়। ইয়াৰ ফলত কৌষ্ঠকাঠিন্য, গেছ, পেট ফুলা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। দীৰ্ঘদিন ধৰি এই সমস্যা হ'লে পাইলচ হ'ব পাৰে।

পাচন সম্পৰ্কীয়

ফাইবাৰৰ অভাৱ হোৱাৰ ফলত বাৰে বাৰে ভোক লাগে। ইয়াৰ ফলত বেছিকৈ খোৱা যায়। এনে অৱস্থাত ওজন তীব্ৰগতিত বৃদ্ধি পায়। যদি ডায়েটত পৰ্যাপ্ত পৰিমাণৰ ফাইবাৰ নাথাকে তেন্তে মেদবহুলতা হ'ব পাৰে।

মেদবহুলতা 

ফাইবাৰে কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে। যদি আপোনাৰ খাদ্যত ফাইবাৰ নাথাকে তেন্তে বেয়া কলেষ্টৰেল বৃদ্ধি পায়। এনে অৱস্থাত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা অধিক হ'ব পাৰে।

হৃদৰ সমস্যা

ফাইবাৰে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া চুগাৰৰ মাত্ৰা বাঢ়ি যায়। এনে অৱস্থাত টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে।

ডায়েবেটিছ

খাদ্যত ফাইবাৰযুক্ত বস্তু অন্তৰ্ভুক্ত কৰক। ফল, শাক-পাচলি, দাইল, বীজজাতীয় বস্তু আদিত ফাইবাৰ থাকে। বিশেষকৈ ব্ৰেকফাষ্টত ফাইবাৰযুক্ত খাদ্য খাব লাগে । লগতে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।

নিয়ন্ত্ৰণ

মানুহে প্ৰতিদিনে ফাইবাৰযুক্ত খাদ্য খোৱা প্ৰয়োজনীয়। প্ৰতিদিনে প্ৰায় ২৫-৩০ গ্ৰাম ফাইবাৰ লব লাগে। তেতিয়া আপোনাৰ স্বাস্থ্য ভালে থকাত সহায়ক হয়।

প্ৰয়োজনীয়

পঢ়িবলৈ ক্লিক কৰক

শিৱক অৰ্পন কৰক এই বস্তু