মই কৃতজ্ঞ! ৰাহুল গান্ধী কেৱল মোক সমালোচনা কৰিবলৈ অসম আহিছিলঃ মুখ্যমন্ত্ৰী
ৰাহুল গান্ধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি ছয়গাঁৱত উপস্থিত হৈ গান্ধীয়ে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰিছিল। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰত্যুত্তৰ সামাজিক মাধ্যমৰ জৰিয়তে দিয়ে।

ৰাহুল গান্ধীক প্ৰত্যাক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই কয় যে, “আজি ৰাহুল গান্ধীয়ে কেৱল মোক সমালোচনা কৰিবলৈ অসমলৈ আহিছিল”। উল্লেখ কৰা প্ৰয়োজন যে, বুধবাৰে কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী অসমলৈ আহিছিল। এই সময়চোৱাত ছয়গাঁৱত বিশাল জনসভা সম্বোধন কৰি গান্ধীয়ে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰিছিল। গান্ধীৰ অভিযোগতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
সামাজিক মাধ্যমত তেওঁ লিখে যে- “শ্ৰীৰাহুল গান্ধীয়ে একমাত্ৰ মোক সমালোচনা কৰিবলৈকে যে আজি অসমলৈ আহিছিল সেয়া আখৰে আখৰে প্ৰতিপন্ন হ’ল৷ প্ৰতিখন সভাতে মোৰ নামটো বাৰে বাৰে তেওঁ উল্লেখ কৰাটো হৈছে ইয়াৰে প্ৰমাণ৷ মই বিনা দ্বিধাই ক’ব বিচাৰোঁ যে মই কৃতজ্ঞ! কাৰণ আজি তেওঁ মোৰ ৰাজনৈতিক মৰ্যাদাক অন্য এক পৰ্যায়লৈ উন্নীত কৰিলে, যিটো হয়তো মই কংগ্ৰেছ দলত থকাহেঁতেন কেতিয়াও উপনীত হ’ব নোৱাৰিলোঁহেঁতেন। আজিৰ দিনটো সঁচাকৈয়ে এক অতি সন্তুষ্টিৰ দিন। যি কি নহওক, এটা কথা মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে যিহেতু ৰাহুল গান্ধীয়ে মোক সমালোচনা কৰিবলৈকে বাছি লৈছে, তেন্তে মই নিশ্চয় অসমৰ জনসাধাৰণৰ বাবে সঠিক কাম কৰি আছোঁ আৰু শুদ্ধ পথেৰে আগুৱাই গৈছোঁ”।
উল্লেখ্য যে, আজি জনসভা সম্বোধন কৰাৰ সময়ত ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সমালোচনা কৰিছিল। তীব্ৰ ভাষাৰে গান্ধীয়ে মুখ্যমন্ত্ৰীক জেলত ভৰোৱাৰ কথা কৈছিল। গান্ধীয়ে ভাৰতৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি হিমন্ত বিশ্ব শৰ্মাক আখ্যা দি কৈছিল যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে যি কৰিছে তাৰ পৰিণাম এদিন ভুগিব লাগিব। তেওঁ ভাৰতৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। গতিকে তেওঁ নিৰ্বাচনৰ পাছতে জেললৈ যাব লাগিব।
ইয়াৰোপৰি গান্ধীয়ে কৈছিল যে, মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ পৰা ভূমি- মাটি নি আদানী আৰু আম্বানীক দিছে। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ডাঙৰ কথা কয়, চিঞৰে কিন্তু তেওঁ কণ্ঠত ভয় সোমাই আছে। ইয়াৰোপৰি অমিত শ্বাহ, নৰেন্দ্ৰ মোদী কোনোৱে তেওঁক বচাব নোৱাৰে বুলি কৈছিল ৰাহুল গান্ধীয়ে।
ইয়াৰ পাছতে এতিয়া এই কথাৰ ওপৰত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী আৰু ৰাহুল গান্ধীৰ মাজত সামাজিক মাধ্যমত বাক-বিতণ্ডা হোৱা নাই। গতিকে শৰ্মাৰ এই পোষ্টৰ প্ৰত্যুত্তৰ কংগ্ৰেছ সাংসদগৰাকীয়ে কি ধৰণে দিয়ে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত, কেইদিনমান পাছত জেললৈ যাব লাগিবঃ ৰাহুল গান্ধী