শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
এই পদ্ধতি অনুসৰণ কৰিলে তেল ডিপোত ঠগ নাখায়

এই পদ্ধতি অনুসৰণ কৰিলে তেল ডিপোত ঠগ নাখায়

trishna-kalita
Trishna Kalita | Published: 15 Jul 2025 22:33 PM

বহু ক্ষেত্ৰত তেলৰ পৰিমাণ পাম্প মেচিনত নিৰ্ধাৰণ কৰা হয়। ফলত ১০০, ২০০ বা ৫০০ টকাৰ তেল ভৰালেই গণ্ডগোলটো লাগে। এই ধৰণৰ প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ আপুনি টকাৰ সলনি লিটাৰ জোখত তেল ভৰাব পাৰে।

তেল ডিপোত পেট্ৰ’ল বা ডিজেল ভৰাওঁতে ঠগ নোখোৱা ভাগ্যৱান লোক খুব কমেইহ থাকে। ডিপোত তেল ভৰোৱাৰ সময়ত বহু ডিপো কৰ্মীয়ে ইন্ধন মিটাৰ পৰীক্ষা কৰিবলৈ কয়। তাৰ পিছত তেল ভৰাবলৈ আৰম্ভ কৰে। কিন্তু ইয়াতো বহুতে ঠগ খোৱাৰ শংকা থাকে। অৱশ্যে এটা উপায় আছে। এই পদ্ধতি অনুসৰণ কৰিলে ডিপোত তেল কিনাৰ সময়ত কোনেও আপোনাক ঠগিব নোৱাৰে।

সাধাৰণতে আমি যেতিয়া তেল কিনো তেতিয়া কওঁ, “৫০০ টকাৰ তেল দিয়ক বা ২০০ টকাৰ তেল দিয়ক।” তাৰ পিছত পাম্পৰ ষ্টাফে আমাক তেল দিয়ে। সাধাৰণভাৱে ক’বলৈ গ’লে ইয়াত প্ৰতাৰণা কৰাৰ কোনো স্থান নাই। কিন্তু ইয়াতো বহুতে ঠগ খায়। যদি মিটাৰৰ ৰিডিং শূন্যৰ পৰা আৰম্ভ হয় আৰু ১/২/৩ ৰ পৰিৱৰ্তে পোনেই ৬ বা ৭ লৈ যায়, তেন্তে আমি বুজিব লাগে যে কিবা এটা সমস্যা আছে।