বাৰে বাৰে ভোক লগাৰ কাৰণ কি হ'ব পাৰে?

16 July 2025

TV9 ASSAM

মানুহৰ ভোক লগা সাধাৰণ কথা। কিন্তু যদি বাৰে  বাৰে ভোক লাগে তেন্তে ই সাধাৰণ নহয়। ই বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

বাৰে বাৰে ভোক

ডাঃ সুভাষ গিৰীয়ে কয় যে, বাৰে বাৰে ভোক লগা টাইপ-২ ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। যেতিয়া শৰীৰে ইনছুলিন ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া গ্লুকজ ভালদৰে চেলছ গৈ নাপায়। তেতিয়া বাৰে বাৰে ভোক লাগে।

ডায়েবেটিছ

যদি বাৰে বাৰে ভোকৰ লগতে বাৰে বাৰে প্ৰস্ৰাৱ লাগে, পিয়াহ বেছি হয়, লগতে ভাগৰ বেছি আৰু ওজন কমে তেন্তে ই ডায়েবেটিছৰ লক্ষণ হ'ব পাৰে। এনে অৱস্থাত ব্লাড চুগাৰ পৰীক্ষা কৰিব লাগে।

কেনেকৈ গম পাব

যেতিয়া বাৰে বাৰে আপোনাৰ ভোক লাগে তেতিয়া অধিক খাদ্য খোৱা যায়। ইয়াৰ ফলত মেদবহুলতা, হাই চুগাৰৰ লগতে অন্য সমস্যা হ'ব পাৰে। ই পাচনতন্ত্ৰত প্ৰভাৱিত কৰিব পাৰে। এনে অৱস্থাত ডায়েবেটিছ হ'ব পাৰে।

বেছি খাদ্য

সময়ে সময়ে ব্লাড চুগাৰ পৰীক্ষা কৰিব লাগে। ইয়াৰোপৰি ডায়েটত কম গ্লাইচেমিক খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। হাই ফাইবাৰ আৰু প্ৰটিন থকা খাদ্য খাব লাগে। ইয়াৰ ফলত বাৰে বাৰে ভোক নালাগে। টোপনিও যাব লাগে।

কি কৰিব

শৰীৰ এক্টিভ ৰাখিলে পাচনতন্ত্ৰৰ সমস্যা নহয়। ইয়াৰোপৰি ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকে। এনে অৱস্থাত প্ৰতিদিনে কমেও ৩০ মিনিট খোজ কাঢ়িব বা ব্যায়াম কৰিব লাগে।

ব্যায়াম

যদি বাৰে বাৰে ভোক লগাৰ লগতে অন্য লক্ষণসমূহো দেখা দিয়ে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ। স্বাস্থ্য পৰীক্ষা আৰু সঠিক চিকিৎসাৰ দ্বাৰা আপুনি সুস্থ থাকিব পাৰে।

বিশেষজ্ঞ

পঢ়িবলৈ ক্লিক কৰক 

ডেংগুৰ লক্ষণ