শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পলাশবাৰীত হঠাৎ আহিল বান, উদ্ধাৰ অভিযানত নামিল দুৰ্যোগ ব্যৱস্থাপনা বিভাগ...

পলাশবাৰীত হঠাৎ আহিল বান, উদ্ধাৰ অভিযানত নামিল দুৰ্যোগ ব্যৱস্থাপনা বিভাগ…

barasha-sarma
Barasha Sarma | Updated On: 13 Dec 2025 15:48 PM

পলাশবাৰীত হঠাতে সকলোফালে হুৱা-দুৱা। বানৰ পৰা হাত সাৰিবলৈ মানুহে লৈছে ইটোৰ পাছত সিটো পদক্ষেপ। অৱশ্যে এয়া বান নহয়, বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন কৰা হৈছে।

পলাশবাৰীত হঠাৎ আহিল বান! ঠায়ে ঠায়ে হোৱা বানৰ ফলত বহু লোকে হেৰুৱাব লগা হৈছে প্ৰাণ, জীৱ-জন্তু, সা সম্পত্তিৰ যথেষ্ট ক্ষয় ক্ষতি। পিছে এইয়া কোনো বানৰ দৃশ্য নহয়। এইয়া হৈছে বানপানীৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে পলাশবাৰী ৰাজহচক্ৰৰ উদ্যোগত পলাশবাৰীৰ লোহাৰঘাটত তিনিদিনীয়াকৈ বানপানীৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন কাৰ্য্যসূচী অনুষ্ঠিত হয়।

পলাশবাৰীৰ পি এম শ্ৰী লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ত ১১ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুশীলনৰ আজি সফল অন্ত পৰে। আজি শেষৰ দিনা বাঠা নদীত বানপানীৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলনৰ মকড্ৰিল দেখুওৱা হয়। আজিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, পলাশবাৰী সমজিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈ, পলাশবাৰী ৰাজহ চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মা, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৰকান্ত অধিকাৰী।

 

সবিশেষৰ বাবে চাওক ভিডিঅ’…