শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অৰুণোদয় আঁচনিৰ বাবে অসমৰ মহিলাসকল শক্তিশালী হৈছে: মুখ্যমন্ত্রী

সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, "যোৱা ৭ অক্টোবৰ তাৰিখে বি টি আৰৰ বাহিৰে অসমৰ আন স্থানৰ হিতাধিকাৰীসকলৰ বাবে অৰুণোদয় ৩.০ আৰম্ভ কৰা হৈছিল। কিন্তু পৰিষদীয় নির্বাচনৰ বাবে বি টি আৰৰ হিতাধিকাৰীসকলক অৰুণোদয় ৩.০ দিব পৰা হোৱা নাছিল।"

অৰুণোদয় আঁচনিৰ বাবে অসমৰ মহিলাসকল শক্তিশালী হৈছে: মুখ্যমন্ত্রী
বি টি আৰত অৰুণোদয় ৩.০ৰ শুভাৰম্ভণি
trishna-kalita
Trishna Kalita | Published: 12 Dec 2025 22:40 PM

কোকৰাঝাৰৰ বডোফা নগৰ গ্ৰীণ ফিল্ডত আয়োজিত এখন বিশাল জনসভাত উপস্থিত ড° হিমন্ত বিশ্ব শর্মা। বি টি আৰৰ হিতাধিকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে অৰুণোদয় ৩.০ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রীয়ে। ইয়াৰ জৰিয়তে উপকৃত হ’ব বি টি আৰৰ ৪.১২ লাখ মহিলা। এই উপলক্ষে ওদালগুৰি, চিৰাং, বাক্সা আৰু তামুলপুৰ জিলাত আয়োজিত সভাত কোকৰাঝাৰত অনুষ্ঠিত সভাখনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।

সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, “যোৱা ৭ অক্টোবৰ তাৰিখে বি টি আৰৰ বাহিৰে অসমৰ আন স্থানৰ হিতাধিকাৰীসকলৰ বাবে অৰুণোদয় ৩.০ আৰম্ভ কৰা হৈছিল। কিন্তু পৰিষদীয় নির্বাচনৰ বাবে বি টি আৰৰ হিতাধিকাৰীসকলক অৰুণোদয় ৩.০ দিব পৰা হোৱা নাছিল।” তেওঁ কয়, “বি টি চি প্রধান হাগ্রামা মহিলাৰীৰ সৈতে আলোচনামর্মে বি টি আৰৰ ৪ লাখতকৈ অধিক হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল।”

উল্লেখ্য যে, আঁচনিখন আনুষ্ঠানিকভাবে শুভাৰম্ভ হোৱাৰ ফলত বিটিআৰৰ কোকৰাঝাৰ জিলাত ১,২০,৮৫৪ গৰাকী, বাক্সা জিলাত ৬০,৬৭৬ গৰাকী, চিৰাং জিলাত ৬০,৫৪৫ গৰাকী, তামুলপুৰ জিলাত ৬১,৫৭৮ গৰাকী আৰু ওদালগুৰি জিলাত ১,০৯,০৩৪ গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব। বিটিআৰত প্ৰথমবাৰৰবাবে ৪ লাখৰো অধিক মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি অহা পহিলা জানুৱাৰীৰ দিনা সমগ্ৰ অসমৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবেএটা উপহাৰ দিয়া হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্রীয়ে ।

ড° শৰ্মাই কয়, “অৰুণোদয় আঁচনিৰ বাবেই অসমৰ মহিলাসকল শক্তিশালী হ’ব পাৰিছে।” আগতে মহিলাসকলে বহুত কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিল বুলি মন্তব্য কৰি তেওঁ কয়, “এতিয়া মহিলাসকলে প্রতিমাহৰ ১০ তাৰিখে নিজৰ একাউন্টত ১,২৫০ টকাকৈ লাভ কৰে।” ইয়াৰ উপৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰা চাউল, অসম চৰকাৰে ১১৭ টকাত এক কিলোকৈ দাইল, চেনি আৰু নিমখ দিয়াৰ কথা ভাষণত উল্লেখ কৰি তেওঁ কয় যে অহা ১ জানুৱাৰীৰ পৰা ১০০ টকাতে এক কিলোকৈ দাইল, চেনি আৰু নিমখ দিয়া হ’ব। চৰকাৰৰ এনে পদক্ষেপৰ ফলত এতিয়া ঘৰ এখন চলাবৰ বাবে মহিলাসকলে কাৰো ওচৰত হাত পাতিবলগীয়া নহয় বুলিও তেওঁ কয়।

বিটিআৰৰ মহিলাসকলক ২০ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাৰ চেক দিয়া হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, তামুলপুৰত ইতিমধ্যে চেক বিতৰণ কৰা হৈছে। ১৩ ডিচেম্বৰত গোসাঁইগাৱত, ১৭ ডিচেম্বৰত দতমাত চেক বিতৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। নিযুত মইনা আঁচনিৰ জৰিয়তে কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলক পঢ়াৰ বাবে আর্থিক সহায়তা আগবঢ়াই থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ১ জানুৱাৰীত ছাত্ৰসকলৰ বাবেও এনেধৰণৰ এখন আঁচনি ঘোষণা কৰা হ’ব।