শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডিব্ৰুগড়ত ছুপাৰী কিলাৰ নিয়োগ কৰি ব্যৱসায়ীক হত্যা! পত্নী-কন্যাসহ ৪ অভিযুক্তক আটক

ডিব্ৰুগড়ৰ বৰবৰুৱাৰ উত্তম গগৈ হত্যাকাণ্ডৰে জড়িতক আটক কৰিছে আৰক্ষীয়ে । বৰবৰুৱা আৰক্ষীৰ জালত পৰিছে ৪ হত্যাকাৰী। ঘটনা সন্দৰ্ভত উত্তম গগৈৰ পত্নী, কন্যাসহ ২ ছুপাৰী কিলাৰক আটক কৰা হৈছে। জানিব পৰা মতে উত্তম গগৈক হত্যাৰ বাবে ছুপাৰী কিলাৰ নিয়োগ কৰিছিল পত্নী-কন্যাই।

ডিব্ৰুগড়ত ছুপাৰী কিলাৰ নিয়োগ কৰি ব্যৱসায়ীক হত্যা! পত্নী-কন্যাসহ ৪ অভিযুক্তক আটক
ছুপাৰী কিলাৰ নিয়োগ কৰি ব্যৱসায়ীক হত্যা!
trishna-kalita
Trishna Kalita | Updated On: 03 Aug 2025 19:15 PM

২৫ জুলাইত ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লাহনগাঁৱত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। শোৱাপাটিতে দৃৰ্বৃত্তই হত্যা কৰিছিল এজন ব্যৱসায়ীক। উত্তম গগৈ নামৰ ব্যক্তিজনক কোনে হত্যা কৰিলে তাক লৈ সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ। অৱশেষত যেন এই ঘটনাৰ আঁৰৰ  সকলো তথ্য পোহৰলৈ আহিছে।

ডিব্ৰুগড়ৰ বৰবৰুৱাৰ উত্তম গগৈ হত্যাকাণ্ডৰে জড়িতক আটক কৰিছে আৰক্ষীয়ে । বৰবৰুৱা আৰক্ষীৰ জালত পৰিছে ৪ হত্যাকাৰী। ঘটনা সন্দৰ্ভত উত্তম গগৈৰ পত্নী, কন্যাসহ ২ ছুপাৰী কিলাৰক আটক কৰা হৈছে। জানিব পৰা মতে উত্তম গগৈক হত্যাৰ বাবে ছুপাৰী কিলাৰ নিয়োগ কৰিছিল পত্নী-কন্যাই।  বিগত ২৫ জুলাইত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো।

জানিব পৰা মতে বৰবৰুৱাৰ লাহনগাঁৱৰ উদীয়মান ব‍্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাইক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংসভাৱে হত‍্যা কৰিছিল। মৃতদেহ উদ্ধাৰ হোৱা শুৱনি কোঠাটোৰ বিভিন্ন সামগ্ৰী ছেদেলি-ভেদেলি কৰি মুল‍্যবান বয়- বস্তু চুৰি কৰি নিছিল হত‍্যাকাৰীয়ে । তাৰ পিছতে এয়া এক এক ডকাইটিৰ ঘটনা বুলি অনুমান কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। লাভ কৰা তথ্য অনুসৰি উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক নিজৰ পত্নী আৰু কন্যাই ছুপাৰী কিলাৰ লগাই হত্যা কৰিছিল।

কিন্তু কিয় এই হত্যাকাণ্ড কৰিছিল সেই কথা সঠিককৈ জানিব পৰা হোৱা নাই। আজি পুৱাই বৰবৰুৱা আৰক্ষীয়ে আটক কৰিছে উত্তম গগৈৰ পত্নী ববী গগৈ, নৱম শ্ৰেণীৰ অধ্যয়নত কন্যাক। লগতে কন্যাৰ ঘনিষ্ঠ বন্ধু জামিৰা মটক গাওঁ দীপজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগী জামিৰা পাত্ৰ গাঁৱৰ গৌৰাংগ পাত্ৰকো আটক কৰিছে আৰক্ষীয়ে ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি পত্নী-কন্যাই দুই ছুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক । তাৰ পিছত এই হত্যাকাণ্ড কৰি ডকাইটিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। অৱশেষত বৰবৰুৱা আৰক্ষীৰ তৎপৰতাত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে। আৰক্ষীৰ জেৰাৰ অন্ততহে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্যৰ কাৰণ জানিব পৰা যাব ।‌

ইফালে আৰক্ষীয়ে আটক কৰা দুই যুৱকে আৰক্ষীৰ আগত দিছে সমগ্ৰ ঘটনাৰ বিৱৰণ । আনকি ঘটনা সংঘটিত কৰি লৈ যোৱা সোণৰ গহনা আৰু আন সামগ্ৰীসমূহ মৃত উত্তম গগৈৰ ঘৰৰ ভিতৰৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আজি উত্তম গগৈৰ হত্যাকাণ্ডৰে জড়িত ৪ অভিযুক্তক আৰক্ষীয়ে আটক কৰা পিছতে বৰবৰুৱা আৰক্ষী থানাত ঘটনাৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদত নামি পৰিছে অঞ্চলটোৰ ৰাইজ।‌

৪ অভিযুক্তক আটক কৰা পাছত বৰবৰুৱা আৰক্ষী থানাত উপস্থিত হোৱা উত্তম গগৈৰ ভাতৃয়ে কয়, “হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনাদাদাৰ মৃত্যু হ’ল বুলি খবৰ লাভ কৰিছিলো। প্ৰেচাৰৰ বাবে মৃত্যু হোৱা বুলি ভাবিছিলো যদিও গৈ পাই দেখিছিলো কাণ এখন চিগি আছিল আৰু আলমাৰিটো খোলা আছিল। তেতিয়া আমি ডকাইটি হৈছে বুলি ভাবি লৈছিলোঁ। তেওঁৰ পত্নী আৰু কন্যাই হত্যা কৰা বুলি স্বীকাৰ কৰিছে । কিয় এই কাম কৰিলে সেই কথা গম পোৱা নাই । আৰক্ষীয়ে আৰু দুজনক ধৰা বুলি কৈছে।”

ঘটনা সন্দৰ্ভত খোৱাং সমজিলা আৰক্ষী অধীক্ষক অমৃত ৰঞ্জন বৰ্মনে কয়, “যোৱা ২৫ জুলাইত বৰবৰুৱাৰ লাহন গাঁৱত উত্তম গগৈ ওৰফে চেং কাইক হত্যা কৰাৰ খবৰ লাভ কৰিছিলো। ঘটনাৰ পাছৰে পৰা আৰক্ষীৰ তদন্ত আগবঢ়াই নিয়া হৈছিল। চেং কাইৰ পত্নী, কন্যা আৰু দুজন যুৱকক আটক কৰিছো। আমাৰ তদন্ত শেষ হোৱা নাই। আমাৰ সন্দেহ আৰু কেইজনমান মানুহ আছে। তেওঁলোককো জেৰা কৰা হ’ব।”

লগতে পঢ়ক: ইণ্ডিগ’ৰ বিমানত আক্ৰমণৰ বলি হোৱা অসমৰ যাত্ৰীক উদ্ধাৰ, ক’ত নিৰুদ্দেশ হৈ আছিল হুছেইন?