শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লক্ষ্য ২০২৬! আজিৰে পৰা ১৫ জুনলৈ ৩৯ খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

আজিৰে পৰা ১৫ জুনলৈ সাংগঠনিক ভেঁটি শক্তিশালী কৰা উদ্দেশ্যে ৩৯ খন সাংগঠনিক জিলাত জিলা কাৰ্যনিৰ্বাহক সভাত আয়োজন কৰিব বিজেপিয়ে । বিজেপিৰ আয়োজন কৰিবলগীয়া প্ৰতিখন জিলা কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিব বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লক্ষ্য ২০২৬! আজিৰে পৰা ১৫ জুনলৈ ৩৯ খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা
বিজেপিImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 30 May 2025 21:36 PM

লক্ষ্য ২০২৬! ইতিমধ্যে ৰাজ্যত ২৬ ৰ নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰিছে । শাসক-বিৰুদ্ধে কেনেকৈ এই নিৰ্বাচনী ৰণত নামিব সেইলৈ কৌশল ৰচনা কৰিছে । ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ ১০ মাহৰো অধিক সময় আছে যদিও দলসমূহে নিৰ্বাচনী ৰণৰ বাবে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত জোৰ দিছে । ইয়াৰ অংশ হিচাপে আজিৰে পৰা ১৫ জুনলৈ ৩৯ খন সাংগঠনিক জিলাত জিলা কাৰ্যনিৰ্বাহক সভাত আয়োজন কৰিব বিজেপিয়ে ।

বিজেপিৰ আয়োজন কৰিবলগীয়া প্ৰতিখন জিলা কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিব বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । দলীয় সূত্ৰই জনোৱা মতে, শাসকীয় দলটোৱে বিশেষভাৱে সাংগঠনিক শক্তি বৃদ্ধিত জোৰ দিছে । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে যাতে দলটোৰ সংগাঠনিক ভেঁটি শক্তিশালী হয় তাৰ ওপৰত গুৰুত্ব দিছে বিজেপিৰ নেতৃত্বই ।

কোৱা হৈছে যে, উজনিৰ পৰা নামনিলৈকে, বৰাক-ব্ৰহ্মপুত্ৰ সামৰি সকলো অঞ্চলতে যাতে বিজেপিৰ সাংগঠনিক ভেঁটি বৃদ্ধি হয় সেই উদ্দেশ্যে ৩০ মে’ৰ পৰা ১৫ জুনলৈকে প্ৰতিখন সাংগঠনিক জিলাত কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিব ৰাজ্যিক বিজেপিয়ে।

ইফালে, প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, ৰাজ্যখনৰ ২৯,৬৫৬ বথৰ ভিতৰত ২৬,৩০৯ টাতকৈ অধিক বুথত এতিয়াও বিজেপিৰ সাংগঠনিৰ ভেঁটি বহু শাক্তিশালী হৈ আছে । ইয়াৰ প্ৰমাণ শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বুলি দাবী কৰে ৰাজ্যিক বিজেপিয়ে । তদুপৰি মণ্ডল কাৰ্যনিৰ্বাহক সভা আয়োজন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিয়ে ।

ইফালে, আজিৰ দিনটোত বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজ্যিক কাৰ্যালয়ত বিশেষ সাংগঠনিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তদুপৰি আজি বিয়লিলৈ ৰাজ্যিক কাৰ্যালয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিশেষ বৈঠক অনুষ্ঠিত হ’ব । য’ত উপস্থিত থাকিব অগপৰ সভাপতি অতুল বৰাৰ লগতে অগপ আৰু বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতা । প্ৰকাশিত ঘৰত ধাৰণা কৰা হৈছে যে,  বিয়লি বৈঠকখন অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচন কেন্দ্ৰিক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বতৰৰ কালৰূপ ! ৰাজ্যৰ অধিকাংশ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি, ঘৰৰ পৰা নোলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : ২৫০ কোটি টকা ব্যয়, ডিব্ৰুগড়ত স্থাপন হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান

লগতে পঢ়ক : ২৬ ৰ বাবে কেনেদৰে আগবাঢ়িব ? দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ প্ৰথমখন বৈঠক…