শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বাংলাদেশ-পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ! দুই প্ৰধানমন্ত্ৰীৰ দাবী খাৰিজ...

বাংলাদেশ-পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ! দুই প্ৰধানমন্ত্ৰীৰ দাবী খাৰিজ…

barasha-sarma
Barasha Sarma | Published: 30 May 2025 22:32 PM

বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে দুয়োখন দেশক আক্ৰমণ কৰি মন্তব্য কৰে। প্ৰথমে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু পাছত মহম্মদ ইউনুছৰ দাবী খাৰিজ কৰে।

পাকিস্তান আৰু বাংলাদেশক হুংকাৰ প্ৰদান ভাৰতৰ। বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে দুয়োখন দেশক আক্ৰমণ কৰি মন্তব্য কৰে। প্ৰথমে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু পাছত মহম্মদ ইউনুছৰ দাবী খাৰিজ কৰে। তেওঁ কয় যে, সন্ত্ৰাসবাদ আৰু আলোচনা কেতিয়াও একেলগে হ’ব নোৱাৰে।  এই সন্দৰ্ভত ভাৰতৰ স্থিতি অতি স্পষ্ট। কেইবছৰমান পূৰ্বে আমি পাকিস্তানৰ হাতত সন্ত্ৰাসবাদীৰ তালিকা এখন দিছিলো। গতিকে সেই সন্ত্ৰাসবাদীকেইজনত আমাৰ ওচৰত গতাই দিয়ক। তেতিয়াহে আলোচনা হটব। লগতে কয়, যদি পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয়ে আলোচনা কৰিব বিচাৰে তেন্তে আমাক তাৰ আগত পি অ’ কে ঘূৰাই দিয়ক।

কেৱল পাকিস্তানকে নহয়, বাংলাদেশৰ বিৰুদ্ধেও সৰৱ হৈ পৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়।