শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ বান বিভীষিকাৰ পৰা অৰুণাচলৰ ভূমিস্খলনলৈ, পলকতে চকু ফুৰাওক দিনটোৰ চৰ্চিত খবৰ…

প্ৰকৃতিৰ ৰুক্ষ অৱস্থাই ৰাজ্যত সৃষ্টি কৰিছে প্ৰলয়ৰ। এফালে বান বিভীষিকাৰ লগতে ভূমিস্খলনেও উদ্বিগ্ন কৰি তুলিছে সকলোকে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো দেখা গৈছে ভূমিস্খলনে ঘটোৱা শোকাৱহ ঘটনা। চাওঁ আহক আজি দিনটোত চৰ্চাত থকা এনে কিছু গুৰুত্বপূৰ্ণ খবৰ।

monjit-dutta
Monjit Dutta | Published: 31 May 2025 19:58 PM
নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত ডুব গৈছে গুৱাহাটী মহানগৰ । তাৰ মাজতেই গুৱাহাটীৰ একাধিক স্থানত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত ৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ খাৰঘূলি, চপাইদাং, কামাখ্যা অঞ্চলত ভূমিস্খলন সংঘটিত হৈছে । ভূমিস্খলৰ ফলত বহু লোকৰ ঘৰ-দুৱাৰ তথা সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে ।

1 / 9
বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ ৰাজ্যতে জাৰী কৰিছে ৰেড এলাৰ্ট । আজি অসমৰ কেইবাখনো জিলাত বজ্ৰপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। এই সময়চোৱাত সকলো লোককে ঘৰৰ ভিতৰতে থাকিবলৈ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ।

2 / 9
ৰাজ্যত বানৰ ভয়ংকৰ ৰূপ । লখিমপুৰ, কামপুৰ, কামৰূপ মহানগৰ, গোৱালপাৰা, ধেমাজিকে ধৰি কমেও ৬ খন জিলা বানৰ কবলত পৰিছে । প্ৰায় ১২০০০ লোক ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা । কেবা ঠাইতো মথাউৰি আৰু ৰাষ্ট্ৰীয় ঘাইপথ ক্ষতিগ্ৰস্ত হোৱা খবৰ পোৱা গৈছে ।

3 / 9
ধাৰাসাৰ বৰষুণৰ ফলত বানৰ কবলত পৰিছে লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল । ইফালে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত জিলাখনত জলপ্ৰলয়ৰ সৃষ্টি হৈছে। জিলাখনত প্ৰায় ২৩০ খন গাঁও বানত বুৰ যোৱাৰ লগতে এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে ।

4 / 9
অৰুণাচলত ভূমিস্খলনত প্ৰাণ হেৰুৱালে ৭ গৰাকীকৈ লোকে । ইয়াৰ ভিতৰত দুগৰাকী শিশু আৰু এগৰাকী গৰ্ভৱতী মহিলাও আছে । পাহাৰৰ পৰা খহি অহা শিল আৰু মাটিয়ে এখন বাহন পথৰ পৰা উটুৱাই নি দ খাৱৈত পেলায় । ফলত বাহনখনত থকা যাত্ৰীসকলৰ মৃত্যু ঘটে।

5 / 9
পুনৰ পাকিস্তানক স্পষ্ট বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মধ্যপ্ৰদেশৰ ভূপালত এক অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় “অপাৰেচন সেন্দূৰ ভাৰতৰ ইতিহাসত বৰ্তমানলৈকে সৰ্ববৃহৎ সফল অভিযান। গুলীৰ উত্তৰ গুলীৰে দিয়া হ’ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ এতিয়াও বন্ধ হোৱা নাই।”

6 / 9
অসমৰ পৰা দিল্লীলৈ বা দিল্লীৰ পৰা অসমলৈ বিমানেৰে যাত্ৰা কৰা সকলৰ বাবে সুখবৰ । কম খৰচী বিমান সংস্থা ইণ্ডিগ’ই অহা ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা দিল্লী আৰু যোৰহাটৰ মাজত আৰম্ভ কৰিব ননষ্টপ বিমান যাত্ৰা । এই বিষয়ে সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে ৰাজ্যৰ অন্যান্য স্থানলৈও বিমান সংযোগ বৃদ্ধিৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

7 / 9
ৰাজ্যত বিদেশী ঘোষিত কোনো লোককে ৰেহাই দিয়া নহ’ব । প্ৰশাসনে ক্ষিপ্ৰতাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ বিদেশী নাগৰিকক বিচাৰি উলিয়াব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যত বিদেশী ধৰা পেলোৱাৰ কাম ক্ষিপ্ৰতাৰে কৰা হ’ব আৰু ঘোষিত বিদেশী নাগৰিকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয় ।

8 / 9
আইপিএলত ৩০০ ছিক্সাৰ কোবোৱাৰ অভিলেখ ৰচিলে ৰোহিত শৰ্মাই । গুজৰাট টাইটানছৰ বিৰুদ্ধে কালি খেলা মেচখনত চাৰিটাকৈ ছিক্সাৰ কোবাই হিটমেনে ৩০০ ছিক্সাৰৰ সীমা অতিক্ৰম কৰে । ৩০০ ছিক্সাৰ কোবোৱা ৰোহিত প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ । লগতে আই পি এলত ৭০০০ ৰাণো সম্পূৰ্ণ কৰে ৰোহিতে ।

9 / 9