শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কংগ্ৰেছৰ সৈতে গোপনে মিতিৰালি কৰিছে মুখ্যমন্ত্ৰীয়ে! অভিযোগ AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ

নিজৰ গুৰুত্ব বঢ়াবলৈ বদৰুদ্দিন আজমলে বহু অভিযোগ আনিছে মুখ্যমন্ত্ৰীৰ ওপৰত। আজমলৰ মতে কংগ্ৰেছ-বিজেপিৰ মাজত আছে মিতিৰালি। মুখ্যমন্ত্ৰীয়ে হেনো পৰাজয়ৰ ভয়ত কংগ্ৰেছৰে মিতিৰালি কৰিছে। ইয়াৰোপৰি আজমলে মুকলিকৈ বিৰোধীক মিত্ৰতাৰ বাবে আহ্বান জনায়।

কংগ্ৰেছৰ সৈতে গোপনে মিতিৰালি কৰিছে মুখ্যমন্ত্ৰীয়ে! অভিযোগ AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ
Barasha Misra
Barasha Misra | Updated On: 06 Jan 2026 20:23 PM

সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। ইতিমধ্যে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ৰাজ্যৰ সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। এই ব্যস্ততাৰ মাজতে আজি AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰিছে অদ্ভুদ মন্তব্য।

নিজৰ গুৰুত্ব বঢ়াবলৈ বদৰুদ্দিন আজমলে বহু অভিযোগ আনিছে মুখ্যমন্ত্ৰীৰ ওপৰত। আজমলৰ মতে কংগ্ৰেছ-বিজেপিৰ মাজত আছে মিতিৰালি। মুখ্যমন্ত্ৰীয়ে হেনো পৰাজয়ৰ ভয়ত কংগ্ৰেছৰে মিতিৰালি কৰিছে। ইয়াৰোপৰি আজমলে মুকলিকৈ বিৰোধীক মিত্ৰতাৰ বাবে আহ্বান জনায়।

আজি সংবাদ মাধ্যমৰ আগত গীত গাই অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই বদৰুদ্দিন আজমলে। আজমলে কয়, ‘এই বৰ্ষটোত যথেষ্ট ভাল হ’ব AIUDF-ৰ বাবে। প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা প্ৰাৰ্থীক দিব প্ৰাৰ্থীত্ব। কংগ্ৰেছ আৰু বিজেপিয়ে মিতিৰালি কৰি থকাটো ৰাজহুৱা হৈ পৰিছে। ৰাজ্যত চলি থকা উচ্ছেদবোৰ কংগ্ৰেছ আৰু বিজেপিৰ বুজাবুজিত হৈ আছে। মুখ্যমন্ত্ৰীয়ে পৰাজয়ৰ ভয়ত কংগ্ৰেছ সৈতে গোপন মিতিৰালি কৰিছে।’

ইয়াৰোপৰি আজমলে কয়, নিতিশ কুমাৰৰ দৰেই মই অসমৰ মুখ্যমন্ত্ৰীৰ নাম দিছোঁ ‘পল্টু’ মুখ্যমন্ত্ৰী। কাৰণ ক্ষমতাৰ লোভত তেওঁলোকে দল বাগৰা ৰাজনীতি কৰে। পিপলছ পালছৰ সমীক্ষাটো হৈছে বিজেপি পালছ। আনহাতে বিৰোধীক মিত্ৰতালৈ আমন্ত্ৰণ জনাই কয়, মিত্ৰতাৰ বাবে AIUDF ৰ দোৱাৰ খোলা আছে বিৰোধীলৈ। পুনৰ বিজেপি শাসনলৈ আহিলে বৰবাদ হ’ব। বিজেপি পুনৰ শাসনলৈ আহিলে বুজা যাব যে আমাৰ মানুহৰ কিমান পাপ হৈছে, সেয়া হিন্দুৱে হওক বা মুছলমান!