শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি কোন? মাদুৰোৱে ‘টাইগাৰ’ হিচাপে অভিহিত কৰা নেতাক দায়িত্ব উচ্চতম ন্যায়ালয়ৰ

ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছে। শনিবাৰে ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে মাদুৰোৰ অনুপস্থিতিত উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি কোন? মাদুৰোৱে ‘টাইগাৰ’ হিচাপে অভিহিত কৰা নেতাক দায়িত্ব উচ্চতম ন্যায়ালয়ৰ
manas-borah
Manas Borah | Updated On: 04 Jan 2026 11:30 AM

এক বৃহৎ অভিযানৰ অন্তত আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰে। ইয়াৰ পিছতে ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছে। শনিবাৰে ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে মাদুৰোৰ অনুপস্থিতিত উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে নিজৰ ৰায়দানত উল্লেখ কৰিছে যে ,নিকোলাছ মাদুৰোৰ অনুপস্থিতিত ডেলচি ৰড্ৰিগেজে দেশখনৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হ’ব যাতে নিৰৱচ্ছিন্ন চৰকাৰী কাম-কাজ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত হয়। ৰায়দানত লগতে কোৱা হৈছে যে, আদালতে এই বিষয়টো অধিক বিবেচনা কৰি এনে এক আইনী কাঠামো স্থাপন কৰিব যিয়ে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিতো দেশ, চৰকাৰী প্ৰশাসন আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিব।

ট্ৰাম্পেও এটা ডাঙৰ দাবী কৰিছিল

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছিল যে, ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে। অৱশ্যে ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো দেশখনৰ একমাত্ৰ বৈধ নেতা হৈয়ে আছে। ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ দাবী অস্বীকাৰ কৰে।

ভেনিজুৱেলাক আক্ৰমণ কৰে আমেৰিকাই। এই আক্ৰমণৰ পিছত আমেৰিকাই ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰে। চকু-হাত বান্ধি থোৱা অৱস্থাত মাদুৰোৰ ফটো প্ৰকাশ পাইছে। মাদুৰো আৰু তেওঁৰ পত্নীক হেলিকপ্টাৰেৰে আমেৰিকাৰ যুদ্ধজাহাজলৈ লৈ যোৱা হয় আৰু তাৰ পৰাই তেওঁলোকক আমেৰিকালৈ লৈ যোৱা হয়। নিউয়ৰ্কত তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ পৰিকল্পনা কৰিছে ট্ৰাম্প প্ৰশাসনে।

ডেলচি ৰড্ৰিগেজ কোন?

ভেনিজুৱেলাৰ সমাজবাদী চৰকাৰৰ অন্যতম শক্তিশালী ব্যক্তি ডেলচি ৰড্ৰিগেজ (৫৬)। মাদুৰোৰ ঘনিষ্ঠ মিত্ৰ ৰড্ৰিগেজে একেলগে উপ-ৰাষ্ট্ৰপতি, বিত্তমন্ত্ৰী আৰু তেল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। মাদুৰোৱে ৰড্ৰিগেজক তেওঁৰ সমাজবাদী চৰকাৰৰ প্ৰতি তীব্ৰ আনুগত্য আৰু প্ৰতিৰক্ষাৰ বাবে “টাইগাৰ” বুলি অভিহিত কৰিছিল।

কাৰাকাছত জন্মগ্ৰহণ কৰা ৰড্ৰিগেজ লিগা ছ’চিয়েলিষ্ট দলৰ প্ৰতিষ্ঠাপক বাওঁপন্থী গেৰিলা নেতা জৰ্জ এণ্টনিঅ’ ৰড্ৰিগেজৰ কন্যা। আইন অধ্যয়ন কৰি ইউনিভাৰ্চিটি চেণ্ট্ৰেল ডি ভেনিজুৱেলাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ৰড্ৰিগেজে দ্ৰুতগতিত ৰাজনৈতিক পথাৰত ভৰি দিয়ে। যোগাযোগ মন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, আৰু পিছলৈ চৰকাৰ সমৰ্থক সংবিধান সভাৰ সভানেত্ৰী হৈছিল।