‘অপহৃত’ ৰাষ্ট্ৰপতি মাডুৰোৰ সম্পত্তি জব্দ ছুইজাৰলেণ্ডৰ, কিয় ল’লে এনে পদক্ষেপ?
সপত্নীক আমেৰিকাত বন্দী হৈ আছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো। এনে সময়তে ছুইজাৰলেণ্ডে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ছুইজাৰলেণ্ড চৰকাৰৰ ফেডাৰেল কাউঞ্চিলে সোমবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সমগ্ৰ বিশ্বজুৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দ্ৰু লেটিন আমেৰিকান ৰাষ্ট্ৰ ভেনিজুৱেলা। যোৱা শনিবাৰে নিশা আমেৰিকাৰ অতৰ্কিত আক্ৰমণে দেশখনক এক অনাকাংক্ষিত পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে। এই আক্ৰমণৰ পিছৰে পৰা সপত্নীক আমেৰিকাত বন্দী হৈ আছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো। এনে সময়তে ছুইজাৰলেণ্ডে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ছুইজাৰলেণ্ড চৰকাৰৰ ফেডাৰেল কাউঞ্চিলে সোমবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই সিদ্ধান্ত অনুসৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ সৈতে জড়িত লোকসকলৰ ছুইজাৰলেণ্ডত থকা সকলো সম্পত্তি তাৎক্ষণিকভাৱে ফ্ৰীজ (Freeze) কৰা হৈছে। ইয়াৰ অৰ্থ হ’ল এতিয়াৰে পৰা এই সম্পত্তিসমূহ বিক্ৰী কৰিব নোৱাৰিব বা দেশৰ বাহিৰলৈ পঠিয়াব নোৱাৰিব।
ফেডাৰেল কাউঞ্চিলে অৱশ্যে স্পষ্ট কৰি দিছে যে এই ব্যৱস্থা কেৱল মাডুৰো আৰু তেওঁৰ ঘনিষ্ঠ একাংশ লোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। বৰ্তমানৰ ভেনিজুৱেলা চৰকাৰৰ কোনো সদস্য ইয়াৰ আওতাত নপৰে।
মাডুৰোৰ গ্ৰেপ্তাৰ আৰু ভেনিজুৱেলাৰ পৰিস্থিতি
যোৱা ৩ জানুৱাৰীত আমেৰিকাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ পৰা নিকোলাছ মাডুৰোক গ্ৰেপ্তাৰ কৰি নিউয়ৰ্কলৈ লৈ যায়। মাডুৰোৰ গ্ৰেপ্তাৰৰ পিছত দেশখনত তীব্ৰ ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। ছুইজাৰলেণ্ড চৰকাৰেও ভেনিজুৱেলাৰ এই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰিছে।
ছুইজাৰলেণ্ডৰ মধ্যস্থতাৰ প্ৰস্তাৱ
ভেনিজুৱেলাত মাৰ্কিন আক্ৰমণৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছুইজাৰলেণ্ডে সকলো পক্ষকে উত্তেজনা হ্ৰাস কৰিবলৈ আৰু আন্তৰ্জাতিক আইন মানি চলিবলৈ আহ্বান জনাইছে। লগতে দেশখনে শান্তি স্থাপনৰ বাবে মধ্যস্থতা কৰিবলৈ সাজু বুলিও ঘোষণা কৰিছে।
কোন আইনৰ অধীনত এই সিদ্ধান্ত
চুইজাৰলেণ্ড চৰকাৰে FIAA আইনৰ অধীনত এই মাডুৰোৰ সম্পত্তি ফ্ৰীজ কৰিছে। এই আইনখনে বিদেশী নেতা আৰু প্ৰভাৱশালী ব্যক্তিয়ে অবৈধভাৱে উপাৰ্জন কৰা সম্পত্তি জব্দ কৰা আৰু পৰৱৰ্তী সময়ত তাক ঘূৰাই দিয়াৰ অনুমতি দিয়ে। এনে পদক্ষেপ গ্ৰহণৰ আঁৰৰ কাৰণো প্ৰকাশ কৰিছে ছুইজাৰলেণ্ড চৰকাৰে।
ভৱিষ্যতে আইনগত তদন্তৰ সময়ত এই সম্পত্তিসমূহ যাতে সুৰক্ষিত থাকে, সেই উদ্দশ্যে এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে। যদি তদন্তত প্ৰমাণিত হয় যে এই সম্পত্তিসমূহ অবৈধভাৱে উপাৰ্জন কৰা হৈছিল, তেতিয়া ছুইজাৰলেণ্ডে ভেনিজুৱেলাৰ জনসাধাৰণে এই সম্পত্তিসমূহৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিব।