শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

লক্ষ্য হিন্দু! সন্মুখত নিৰ্বাচন, বাংলাদেশত সংখ্যালঘুৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ চাঞ্চল্যকৰ তথ্য…

বাংলাদেশত ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ ওপৰত লক্ষ্যভিত্তিক আক্ৰমণ অবিৰতভাৱে অব্যাহত আছে। ইফালে হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ ( Bangladesh Hindu Buddhist Christian Unity Council)-এ তথ্য প্ৰকাশ কৰি দেখুৱাইছে যে কেৱল ডিচেম্বৰ মাহত সংখ্যালঘুৰ বিৰুদ্ধে কমেও ৫১টা লক্ষ্য নিৰ্ধাৰিত ঘটনা সংঘটিত হৈছে।

লক্ষ্য হিন্দু! সন্মুখত নিৰ্বাচন, বাংলাদেশত সংখ্যালঘুৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ চাঞ্চল্যকৰ তথ্য…
বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণ
Trishna Kalita
Trishna Kalita | Published: 07 Jan 2026 11:54 AM

বাংলাদেশত ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ ওপৰত লক্ষ্যভিত্তিক আক্ৰমণৰ ঘটনা অবিৰতভাৱে অব্যাহত আছে। ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে দেশখনত সংঘটিত হৈছে এই ঘটনা। ২০২৪ চনত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত ক্ষমতালৈ অহা অন্তৱৰ্তীকালীন চৰকাৰখনৰ কাৰ্যকালত সংখ্যালঘুৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে। ইফালে,এক বিবৃতিযোগে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে।

ঐক্য পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি কেৱল ডিচেম্বৰ মাহত সংখ্যালঘুৰ বিৰুদ্ধে কমেও ৫১টা লক্ষ্যভিত্তিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। য’ত ১০টা হত্যাকাণ্ড, লুণ্ঠন, অগ্নিসংযোগ, ধৰ্ষণৰ চেষ্টা, আৰু ঘৰ-মন্দিৰ দখল কৰা আদি ঘটনাও সংঘটিত হৈছে। পৰিষদে উদ্বেগ প্ৰকাশ কৰে যে, এই আক্ৰমণ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুসকলক ভয় খুৱাবলৈ ইচ্ছাকৃত ষড়যন্ত্ৰৰ অংশ হ’ব পাৰে। ডিচেম্বৰৰ আৰম্ভণিতে ৰাজবাৰীত অমৃত মণ্ডলক প্ৰহাৰ কৰি হত্যা কৰাৰ লগতে মৈমেনসিঙত দিপু চন্দ্ৰ দাসক প্ৰহাৰ কৰি হত্যা কৰাৰ লগতে মৃতদেহ জ্বলাই দিয়াৰ খবৰ আহিছিল।

Attacks Minorities Bangladesh Hindu Community

শেহতীয়া হত্যাকাণ্ড

হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে যোৱা কিছুদিনত কেইবাটাও ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। যোৱা ৫ জানুৱাৰীত জেছৌৰ জিলাত হিন্দু ব্যৱসায়ী তথা কাকতৰ কাৰ্যবাহী সম্পাদক ৰানা কান্তি বৈৰাগীক গুলীয়াই হত্যা কৰা হৈছিল। সেইদিনা নাৰ্চিংডিত গেলামালৰ দোকানৰ মালিক মনি চক্ৰৱৰ্তীক চোকা অস্ত্ৰৰে হত্যা কৰা হয়। যোৱা ৩ জানুৱাৰীত শ্বৰীয়তপুৰ জিলাত খোকন চন্দ্ৰ দাসক নৃশংসভাৱে আক্ৰমণ কৰি জ্বলাই হত্যা কৰা হৈছিল। দুৰ্বল চৰকাৰী প্ৰতিষ্ঠান আৰু ক্ৰমবৰ্ধমান সাম্প্ৰদায়িক উত্তেজনাৰ বিপজ্জনক সংমিশ্ৰণ এইবোৰ ঘটনাই প্ৰদৰ্শন কৰে।

ঐক্য পৰিষদে উল্লেখ কৰে যে, এই ঘটনাসমূহে দুৰ্বল চৰকাৰী প্ৰতিষ্ঠান আৰু বৰ্ধিত সাম্প্ৰদায়িক উত্তেজনাৰ বিপজ্জনক সংমিশ্ৰণ প্ৰদৰ্শন কৰে। অন্তৱৰ্তীকালীন চৰকাৰে এই আক্ৰমণক গৰিহণা দি তদন্তৰ প্ৰতিশ্ৰুতি দিছে যদিও সংখ্যালঘু সম্প্ৰদায়ৰ মাজত আতংকৰ পৰিস্থিতিৰ অব্যাহত আছে। নির্বাচনৰ পূর্বে সংখ্যালঘুসকলৰ সুৰক্ষাৰ প্রতি আন্তর্জাতিক সমাজেও উদ্বেগ প্রকাশ কৰিছে৷

বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ

পৰিষদৰ প্ৰতিবেদনত কোৱা হৈছে যে, “বাংলাদেশত ইয়াৰ পূৰ্বেও ৰাজনৈতিক অস্থিৰতা দেখা গৈছে, কিন্তু বৰ্তমানৰ পৰিস্থিতি, ইয়াৰ প্ৰতিষ্ঠানিক দুৰ্বলতা আৰু সাম্প্ৰদায়িক উদ্বেগ, বিশেষভাৱে বিপজ্জনক।” বিশেষজ্ঞসকলৰ মতে নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে হিংসা বৃদ্ধি পাব পাৰে, যাৰ ফলত গণতান্ত্ৰিক প্ৰক্ৰিয়াত সম্ভাৱ্য প্ৰভাৱ পৰিব পাৰে।