Pakistan Serial Bomb Blast Drone Attack LIVE: ভাৰতৰ আক্ৰমণত শংকিত পাকিস্তান, ডুবাইলৈ স্থানান্তৰিত PSLৰ মেচ
Pakistan Serial Bomb Blast Drone Attack News LIVE: বুধবাৰে নিশা ভাৰতলৈ উদ্দেশ্যি মিছাইল নিক্ষেপ কৰে। অৱশ্যে এই মিছাইল ভাৰতৰ বায়ু সুৰক্ষা ব্যৱস্থাই ধ্বংস কৰে। ইয়াৰ পাছতে আজি ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ প্ৰায় ২৫ টা স্থানত ড্ৰ'ন আক্ৰমণ চলায়।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে ইয়াৰ প্ৰতিশোধ স্বৰূপে অপাৰেশ্যন সেন্দূৰ (operation sindoor) সফলভাৱে ৰূপায়ন কৰে। ইয়াৰ পাছতে চুবুৰীয়া ৰাষ্ট্ৰ ক্ষোভিত হৈ পৰে আৰু ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। LOC যোৱা কেইবাদিন ধৰি পাকিস্তানে অবিৰত গুলীচালনা কৰি আছে, যাৰ বাবে এই পৰ্যন্ত ১৬ জন ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে পাকিস্তানে বুধবাৰে নিশা ভাৰতলৈ উদ্দেশ্যি মিছাইল নিক্ষেপ কৰে। অৱশ্যে এই মিছাইল ভাৰতৰ বায়ু সুৰক্ষা ব্যৱস্থাই ধ্বংস কৰে। ইয়াৰ পাছতে আজি ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ প্ৰায় ২৫ টা স্থানত ড্ৰ’ন আক্ৰমণ চলায়।
LIVE NEWS & UPDATES
-
ডুবাইত হ’ব PSL
যুদ্ধৰ ভয়াৱহতাই শংকিত কৰি তুলিছে পাকিস্তানক। ভাৰতৰ কঠোৰ প্ৰত্যাক্ৰমণৰ পিছতে এতিয়া পাকিস্তানত অনুষ্ঠিত টি-২০ লীগ PSLৰ মেচসমূহ ডুবাইলৈ স্থানান্তৰিত কৰা হৈছে।
-
সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিলে BSF- এ
জম্মু-কাশ্মীৰৰ চাম্বাত একাংশ সন্দেহযুক্ত লোকৰ অনুপ্ৰৱেশৰ চেষ্টা ব্যর্থ কৰিলে BSF- এ। ইফালে এল অ’ চিৰ কিছুমান অঞ্চলত পাকিস্তানৰ পৰা এতিয়াও গুলীবৰ্ষণ চলি আছে। ভাৰতৰ পক্ষৰ পৰাও ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হৈছে।
-
জম্মু-কাশ্মীৰৰ LoCৰ সমীপত বিস্ফোৰণৰ শব্দ
এতিয়াও অব্যাহত আছে উত্তেজনা। আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে কিছুসময় পূৰ্বে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বিস্ফোৰণৰ শব্দ শুনা গৈছে। ইতিমধ্যে অঞ্চলটো ব্লেক আউট কৰা হৈছে।
-
পাকিস্তানৰ সেনাপ্রধানআটক হোৱাৰ খবৰ
পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ অহাৰ সময়তে পাকিস্তানৰ সেনাপ্রধান জেনাৰেল আসিফ মুনীৰক আটক কৰা বুলি খবৰ প্ৰকাশ পাইছে। বিবিধ উৎসৰ পৰা এই বাৰ্তা সম্মুখলৈ আহিছে।
-
কৰাচীত তুৰ্কীৰ কাৰ্গ’ৰ বিমান
ভাৰতৰ কঠোৰ প্ৰত্যাক্ৰমণৰ মাজতে তুৰ্কীৰ কাৰ্গ’ৰ বিমান কৰাচীত উপস্থিত হৈছে। এই বিমান ভিয়েটনামৰ পৰা ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে। পাকিস্তান আৰু তুৰ্কী এই বিমানৰ তথ্য গোপন ৰাখিছিল বুলি প্ৰকাশ পাইছে।
-
ডি আৰ ডি অ’ কেম্পাছত জৰুৰী বৈঠক আহ্বান
আজি চণ্ডীপুৰ ডি আৰ ডি অ’ কেম্পাছত এখন জৰুৰী বৈঠক আহ্বান কৰা হৈছে। এই সভা দুপৰীয়া ২ বজাত অনুষ্ঠিত হ’ব। ইয়াত আইটিআৰ আৰু পিএক্সইৰ সঞ্চালকৰ লগতে বালাসোৰৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকো উপস্থিত থাকিব। এই বৈঠক সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকললৈ ডি আই জিয়ে এখন পত্ৰ প্ৰেৰণ কৰিছে।
-
কৰাচী বন্দৰত আক্ৰমণ
ভাৰতৰ আক্ৰমণত বিধ্বস্ত হোৱাৰ দিশে আগবাঢ়িছে পাকিস্তান। এইবাৰ আৰৱ সাগৰত মোতায়েন হৈ থকা INS বিক্ৰান্তে কৰাচীক উদ্দেশ্যি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে। এই আক্ৰমণত কৰাচী বন্দৰ প্ৰায় ধ্বংস হৈ পৰিছে।
-
বেলুচিস্তান লিবাৰেচন আৰ্মীৰ আক্ৰমণ
ভাৰতৰ প্ৰতিশোধৰ মাজতে পাকিস্তান আন এক সংকটৰ সন্মুখীন হৈছে। এইবাৰ বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে পাকিস্তানত চলাইছে আক্ৰমণ। বিস্ফোৰণ ঘটাই গেছ পাইপলাইন উৰুৱাই দিছে বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে।
-
মুম্বাইত নিৰাপত্তা বৃদ্ধি
নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ সকলো গুৰুত্বপূৰ্ণ স্থানতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সিদ্ধিবিনায়ক মন্দিৰ, গেটৱে অৱ ইণ্ডিয়া, মুম্বাদেৱী, ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ, তাৰাপুৰ পাৰমাণৱিক কেন্দ্ৰকে ধৰি বহু ঠাইত নিৰাপত্তা আৰু অধিক শক্তিশালী কৰা হৈছে। সিদ্ধিবিনায়ক মন্দিৰত নাৰিকল, মালা, ফুল কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।
-
অৰ্ধসামৰিক বাহিনীৰ সঞ্চালক প্ৰধান সৈতে আলোচনা অমিত শ্বাহৰ
বিএছএফ, চিআইএছএফকে ধৰি অৰ্ধসামৰিক সঞ্চালক প্ৰধানৰ সৈতে আলোচনাত মিলিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ। সীমান্তৰ লগতে বিমানবন্দৰৰ সাম্প্ৰতিক পৰিস্থিতিৰো তথ্য লৈ গৃহমন্ত্ৰীগৰাকীয়ে।
-
কোন কোন স্থানত আক্ৰমণ চলাইছে ভাৰতে
পাকিস্তানৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতে। লাহোৰ, ইছলামাবাদ, বাহাৱালপুৰ আৰু ছিয়ালকোটৰ পিছত এতিয়া পেছাৱৰত তীব্ৰ আক্ৰমণ চলাইছে ভাৰতীয় সেনাই।
-
খালী কৰোৱা হৈছে ইণ্ডিয়া গেট
যুদ্ধৰ ভয়াৱহতাৰ মাজতে দেশৰ সীমাৰ লগতে আভ্যন্তৰীণ নিৰাপত্তাৰ বাবেও তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে। ইয়াৰ অধীনত ইণ্ডিয়া গেট সম্পূৰ্ণৰূপে খালী কৰোৱা হৈছে।
-
পাকিস্তানী যুদ্ধ বিমান এফ-১৬ ধ্বংস
জয়ছালমেৰত পাকিস্তানী যুদ্ধ বিমান এফ-১৬ ধ্বংস কৰিছে ভাৰতে। এই বিমানখনৰ পাইলটকো ভাৰতে জীৱিত অৱস্থাত বন্দী কৰিছে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
-
৩ সেনা প্ৰধানৰ সৈতে বৈঠক ৰাজনাথ সিঙৰ
তিনিওপগৰাকী সেনা প্ৰধানৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তদুপৰি আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতেও ইতিমধ্যে ফোনযোগে গুৰুত্বপূৰ্ণ বাৰ্তালাপ কৰিছে ৰাজনাথ সিঙে।
-
এফ-১৬ যুঁজাৰু বিমান ধ্বংস কৰিলে ভাৰতে, পাইলট আটক
জয়ছালমেৰত পাকিস্তানী যুদ্ধ বিমা এফ-১৬ ধ্বংস কৰিছে ভাৰতে। সেই বিমানখনৰ পাইলটকো জীৱিত অৱস্থাত বন্দী কৰিছে। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
-
৮ হাজাৰতকৈ অধিক এক্স একাউণ্ট ব্লক
যুদ্ধৰ গতিবিধিৰ মাজতে ভাৰত চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সক এক স্পষ্ট নিৰ্দেশ দিছে। অপপ্ৰচাৰৰ লগত জড়িত ৮ হাজাৰৰো অধিক একাউণ্ট ব্লক কৰিবলৈ এক্সক নিৰ্দেশ দিয়া হৈছে।
-
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিবৃতি
পাকিস্তানৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰিছে। বিবৃতিটোত হোৱা হৈছে, “জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জম্মু, পাঠানকোট আৰু উধমপুৰৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি পাকিস্তানী ড্ৰ’ন আৰু মিছাইলেৰে আক্ৰমণ কৰা হৈছিল। এছ অ’ পি অনুসৰি তেওঁলোকৰ আক্ৰমণ নিষ্ক্ৰিয় কৰা হৈছিল। এতিয়ালৈকে কোনো ধৰণৰ হতাহতি বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। ভাৰত নিজৰ সাৰ্বভৌমত্ব ৰক্ষা আৰু জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু।”
-
বিমান সংস্থাসমূহলৈ নিৰ্দেশনা
দেশৰ সকলো বিমান সংস্থা আৰু বিমানবন্দৰক নিৰাপত্তা বৃদ্ধিৰ নিৰ্দেশ দিছে ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়ে। সকলো বিমানবন্দৰতে যাত্ৰীসকলৰ পৰীক্ষাৰ লগতে টাৰ্মিনেল ভৱনত যাত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। বিমানৰ ভিতৰত এয়াৰ মাৰ্শ্বাল মোতায়েন কৰা হ’ব। দেশৰ সকলো বিমানবন্দৰতে দুটাৰ পৰা তিনিটা স্তৰত যাত্ৰীসকলৰ নিৰাপত্তা পৰীক্ষা কৰা হ’ব।
-
আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে বাৰ্তালাপ
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে বাৰ্তালাপ কৰিছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। এই বাৰ্তালাপে যুদ্ধৰ মাজত স্বাভাৱিকতেই বিশেষ তাৎপৰ্য বহন কৰিছে।
-
পাকিস্তানৰ কাউণ্টডাউন আৰম্ভ
আৰম্ভ হৈছে পাকিস্তানৰ বাবে বিপৰ্যয়ৰ সময়। ইতিমধ্যে লাহোৰ, শিয়ালকোট আৰু বাহাৱালপুৰত ভাৰতে তীব্ৰ প্ৰত্যাক্রমণ চলাইছে।
-
প্ৰতিটো কৰ্মৰ উপযুক্ত উত্তৰ দিমঃ এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানক স্পষ্ট হুংকাৰ দিছে। পাকিস্তানে চলোৱা ব্যৰ্থ আক্ৰমণৰ পিছতে বৈদেশিক মন্ত্ৰী জয়শংকৰে প্ৰতিটো কাৰ্যৰ উপযুক্ত উত্তৰ দিয়া হ’ব বুলি ঘোষণা কৰিছে।
-
আক্ৰমণত কোনো ক্ষতি হোৱা নাইঃ সেনা
ভাৰতীয় সেনাই জাৰি কৰিছে এক বিবৃতি। এই বিবৃতিত সেনাই পাকিস্তানৰ আক্ৰমণত কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি স্পষ্ট কৰি দিছে। জম্মু-পাঠানকোটত আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল যদিও এই আক্ৰমণ বিফল কৰা হৈছে বুলি সেনায় কয়।
-
লাহোৰ-ইছলামাবাদত ভাৰতৰ আক্ৰমণ
পাকিস্তানে যদি কোনো পদক্ষেপ লয়, ভাৰতে তাৰ উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিছিল ভাৰতে। ইয়াৰ পিছতো পাকিস্তানে আক্ৰমণৰ চেষ্টা চলাইছিল। এই আক্ৰমণ বিফল কৰাৰ পিছত ভাৰতে এতিয়া প্ৰতিশোধমূলক ব্যৱস্থা আৰম্ভ কৰিছে। ইতিমধ্যে লাহোৰ আৰু ইছলামাবাদত আক্ৰমণ চলাইছে ভাৰতে।
-
জম্মু-কাশ্মীৰ আৰু লেহত ব্লেক আউট
যুদ্ধৰ আশংকাৰ মাজতে সমগ্ৰ জম্মু-কাশ্মীৰ আৰু লেহত ব্লেক আউট ঘোষণা কৰা হৈছে। ইফালে ৰাজস্থান চৰকাৰে সকলো কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে।
-
বিফল পাকিস্তান
পাকিস্তানে পুনৰ মিছাইল আৰু ড্ৰ’নেৰে ভাৰতক আক্ৰমণ কৰাৰ চেষ্টা কৰি বিফল হয়। তথ্য অনুসৰি জম্মুৰ এয়াৰ ডিফেন্স চিষ্টেমে পাকিস্তানৰ মিছাইল আৰু ড্ৰ’ন ধ্বংস কৰি পেলায়। ইয়াৰ পাছতে জম্মুত ব্লেকআউট জাৰি কৰা হয়।
-
জম্মুৰ বহু ঠাইত ড্ৰ’ন আক্ৰমণ…
জম্মুৰ বহু ঠাইত ড্ৰ’ন আক্ৰমণ। জম্মুৰ বিভিন্ন স্থানত বিস্ফোৰণৰ শব্দ । ইয়াৰ পিছত এয়াৰ ছাইৰেন বজোৱা শুনা যায়। সমগ্ৰ জম্মুতে ব্লেকআউট। সকলো মানুহক নিজৰ ঘৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
-
এয়া সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ যুগ
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমাৰ বাহিনীয়ে সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে সদায় কাম কৰি আহিছে। অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে উচিত প্ৰত্যুত্তৰ দিছে। এয়া সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ যুগ।
-
সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে কি ক’লে…
ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে এখন অনলাইন বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ভাৰত আৰু পাকিস্তানৰ মাজত থকা উত্তেজনা সন্দৰ্ভত প্ৰস্তাৱ গৃহীত কৰা হয়। ইয়াত কোৱা হৈছে যে দুয়োখন দেশে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিব লাগে, যুদ্ধ কোনো সমস্যাৰ সমাধান নহয়।
-
পাকিস্তানত নিৰ্মিত গীত, প’ডকাষ্ট, চিৰিয়েল আদিত নিষেধাজ্ঞা
ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে আন এক ডাঙৰ সিদ্ধান্ত ভাৰতৰ। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰি পাকিস্তানৰ গীত, প’ডকাষ্ট, চিৰিয়েল আদিত নিষেধাজ্ঞা আৰোপ কৰে।
-
এখনৰ পাছত আনখন বৈঠক
পিএমঅ’ত এখনৰ পাছত আনখন উচ্চ পৰ্যায়ৰ বৈঠক চলি আছে। কিছু সময়ৰ পূৰ্বে বিশ্ব বেংক গোটৰ সভাপতি অজয় বাংগাই পিএমঅ’ত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে।
-
কাশ্মীৰৰ বহু অঞ্চলৰ স্কুল বন্ধ
ভাৰতৰ আক্ৰমণৰ পাছতে পাকিস্তানে অহৰহ যুদ্ধবিৰতি উলংঘা কৰি আছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দ্যালয় শিক্ষা সঞ্চালক কাশ্মীৰে বাৰামুল্লা, কুপৱাৰা, শ্ৰীনগৰৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আৰু আৱন্তীপোৰা বিমানবন্দৰৰ সমীপৱৰ্তী বিদ্যালয়সমূহ অহা ৯ আৰু ১০ মে’ত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
-
পাকিস্তানে জন্মৰ পৰাই মিছা কথা কৈ আহিছে…
সংবাদমেলত টিভি৯ৰ সংবাদদাতা মনীষ ঝাই বৈদেশিক সচিবক প্ৰশ্ন কৰে, ‘পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলো ধৰণৰ অপপ্ৰচাৰ কৰি আছে…এই সন্দৰ্ভত আপুনি কি ক’ব?’ ইয়াৰ প্ৰত্যুত্তৰত বিক্ৰম মিশ্ৰীয়ে কয় যে পাকিস্তানে জন্মৰ পৰাই মিছা কথা কৈ আহিছে। কাশ্মীৰ সন্দৰ্ভত প্ৰথম মিছা কথা কোৱা হৈছিল ৰাষ্ট্ৰসংঘত। সেয়েহে আজি তেওঁ কোৱা কথাবোৰত কোনো আচৰিত কথা নাই।
-
গুৰুদ্বাৰত আক্ৰমণ
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদমেলত কয় যে, কালি পাকিস্তানে জম্মু-কাশ্মীৰৰ শিখ সম্প্ৰদায়ক আক্ৰমণ কৰে। পুঞ্চত এটা গুৰুদ্বাৰত আক্ৰমণ। এই সময়চোৱাত শিখ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লয়।
-
লাদেনত কোনে শ্বহীদ কৈছিল…
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, পৃথিৱীত পাকিস্তানৰ পৰিচয় কি… এয়া মনত পেলাই দিয়াৰ প্ৰয়োজন নাই। ক’ত পোৱা গৈছিল ওছামা বিন লাডেনক আৰু কোনে তেওঁক শ্বহীদ বুলি কৈছিল? পাকিস্তানত ৰাষ্ট্ৰসংঘৰ নিৰ্ধাৰিত বৃহৎ সংখ্যক সন্ত্ৰাসবাদী আৰু কেইবাখনো দেশৰ নিষিদ্ধ সন্ত্ৰাসবাদীও আছে। যোৱা কেইদিনমানৰ পৰা পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰীয়ে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে নিজৰ দেশৰ সম্পৰ্ক স্বীকাৰ কৰিছে।
-
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কি ক’লে…
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, পাকিস্তান সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু। বিশ্বৰ বহু সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ হাত আছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰীয়ে স্বীকাৰ কৰিছে সন্ত্ৰাসবাদৰ সৈতে পাকিস্তানৰ সম্পৰ্ক।
-
আৰু কি কয়…
কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে ,৭-৮ মে’ৰ নিশা পাকিস্তানে অৱন্তিপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বাথিণ্ডা, চণ্ডীগড়, নল, ফালোদী, উত্তৰলাই আৰু ভূজকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও সামৰিক ঘাটি ড্ৰ’ন আৰু মিছাইলেৰে লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল। ইতিমধ্যে এইবোৰ বিফল হৈছে আৰু ইয়াত ধ্বংসাৱশেষ উদ্ধাৰ হৈছে। যিয়ে পাকিস্তানৰ আক্ৰমণৰ প্ৰমাণ দিয়ে।
-
ছফিয়া কুৰেশ্বীয়ে কি কয়…
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে আমি কৈছিলো যে আমি পাকিস্তানৰ সামৰিক ঘাটি লক্ষ্য কৰি লোৱা নাই। কিন্তু পাকিস্তানে ভাৰতৰ কেইবাটাও সামৰিক ঘাটিত ড্ৰ’ন আৰু মিছাইলেৰে আক্ৰমণৰ চেষ্টা চলাইছিল। ইয়াৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে।
-
সংবাদ মাধ্যম, অ’টিটি প্লেটফৰ্মলৈ নিৰ্দেশনা…
ভাৰত-পাকিস্তানৰ মাজত অব্যাহত আছে উত্তেজনা। অপাৰেশ্যন সেন্দূৰৰ পাছতে পাকিস্তানৰ বৰ্তমানৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দেশৰ সকলো অ’টিটি প্লেটফৰ্ম, মিডিয়া ষ্ট্ৰীমিং প্লেটফৰ্ম আদিক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত বিশেষ পৰামৰ্শ জাৰি কৰিছে। চৰকাৰে কয় যে পাকিস্তানত নিৰ্মিত ৱেব-ছিৰিজ, চিনেমা, গীত, প’ডকাষ্ট আৰু অন্যান্য ষ্ট্ৰীমিং মিডিয়াৰ কন্টেন্ট (পাকিস্তানৰ সূত্ৰ) তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰিব লাগে।
-
কিছুসময়ৰ পাছতে বৈদেশিক মন্ত্ৰালয়ৰ সংবাদমেল
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অপাৰেশ্যন সেন্দূৰক লৈ কিছুসময়ৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদমেল অনুষ্ঠিত হ’ব। ইয়াত বৈদেশিক সচিব বিক্ৰম মিশ্ৰী, কৰ্ণেল ছফিয়া কুৰেশ্বী, উইং কমাণ্ডাৰ ব্যোমিকা সিং আৰু বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে তথ্য প্ৰকাশ কৰিব।
-
জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰা হ’ব অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানী
সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানী জম্মু-কাশ্মীৰৰ প্ৰেৰণ কৰা হ’ব। ইয়াৰ ভিতৰত চিআৰপিএফ, বিএছএফ, আইটিবিপি আৰু এছএছবি অন্তৰ্ভুক্ত। তেওঁলোকৰ মূল কৰ্তব্য হ’ব গুৰুত্বপূৰ্ণ সংস্থাসমূহক সুৰক্ষা প্ৰদান কৰা আৰু সীমান্তত বসবাস কৰা লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা।
-
আমাৰ ধৈৰ্য্যৰ সুবিধা ল’বলৈ চেষ্টা নকৰিব : ৰাজনাথ সিং
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লগতে কয়, ভাৰতে সদায় এটা দায়িত্বশীল ৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আহিছে। আমি সদায় আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ পক্ষত আছো। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ ধৈৰ্য্যৰ অনুচিত সুবিধা কোনেও ল’ব লাগে। যদি কোনোবাই এই কাম কৰে তেন্তে কালিৰ দৰে একচনৰ সন্মুখীন হ’বলৈ সাজু হ’ব লাগিব। ভৱিষ্যতেও এনে দায়িত্বশীল পদক্ষেপৰ বাবে আমি সাজু।
-
ৰাজনাথ সিঙে কি কয়…
অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, বৰ্তমান এই অভিযান চলি আছে। যোৱা নিশাও সেনাই এক নিখুঁত আক্ৰমণ চলায়। দেশৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ বাবে অৰ্ডানেন্স ফেক্টৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
-
ৰাজনাথে সিঙৰ প্ৰতিক্ৰিয়া
অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্তি কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে কয় যে,সশস্ত্ৰ বাহিনীক প্ৰদৰ্শন কৰা সাহস আৰু বীৰত্বৰ বাবে মই অভিনন্দন জনাইছো। সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰাৰ বাবে অভিনন্দন।
-
কান্দি উঠিল পাকিস্তানী সাংসদ
ভাৰতৰ প্রতিশোধমূলক কার্যৰ বাবে পাকিস্তানত আতংকৰ সৃষ্টি হৈছ। ইয়াৰ প্ৰভাৱ পাকিস্তানৰ সংসদতো দেখা গৈছে। সংসদ চলি থকা বিতৰ্কৰ সময়ত সাংসদ তথা প্ৰাক্তন পাকিস্তানী মেজৰ তাহিৰ ইকবালে কান্দি উঠে। তেওঁ কয় যে, মই দোৱা কৰিছো আল্লাহে ৰক্ষা কৰক।
-
১৬ ভাৰতীয়ৰ মৃত্যু
পাকিস্তানে বৃদ্ধি কৰিছে গুলীচালনা। জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, উৰি, পুঞ্চ, মেন্ধৰ আৰু ৰাজৌৰী ছেক্টৰত মৰ্টাৰ আৰু গধুৰ কেলিবাৰ আৰ্টিলাৰী ব্যৱহাৰ কৰি এল অ’ চিৰ ওপৰেৰে গুলীচালনা কৰিছে পাকিস্তানে। ইয়াৰ ফলত বৰ্তমান পৰ্যন্ত ১৬ জন ভাৰতীয়ই প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত ৩ গৰাকী মহিলা আৰু ৫ টা শিশু আছে।
-
পাকিস্তানে উলংঘা কৰি গৈছে যুদ্ধ বিৰতি চুক্তি
পাকিস্তান অবিৰতভাৱে যুদ্ধ বিৰতি উলংঘা কৰি আছে। জম্মুৰ পুঞ্চস্থিত গুৰুদ্বাৰা পৰিচালনা সমিতিৰ সভাপতি নৰিন্দৰ সিঙে কয় যে কালি পুঞ্চত প্ৰচণ্ড গোলাবৰ্ষণ সংঘটিত হৈছে। ইয়াৰ ফলত গুৰুদ্বাৰাৰ ৰাগী ভাই অমৰিক সিঙৰ মৃত্যু হয়। সেই অঞ্চলটোত ইয়াৰোপৰি এটা হিন্দু শিশু, চাৰিজন শিখৰ মৃত্যু হৈছে। ইয়াৰোপৰি মুছলিম সম্প্ৰদায়ৰ লোকো আছে।
-
ইছলামাবাদত চাইৰেনৰ শব্দ
পাকিস্তানৰ ইছলামাবাদত চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইয়াৰ পাছতে পাকিস্তানত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।
-
২৫ টা স্থানত ড্ৰ’ন আক্ৰমণ
প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতীয় বায়ুসেনাই আজি পুৱা পাকিস্তানৰ একাধিক বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাক লক্ষ্য কৰি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰে। ৭-৮ মে’ৰ নিশা পাকিস্তানে ভাৰতৰ উত্তৰ আৰু পশ্চিম সামৰিক ঘাটিত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰে।
-
ভাৰতে কি ক’লে
প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানী সেনাৰ যিকোনো প্ৰৰোচনাৰ প্ৰতি কঠোৰ সঁহাৰি দিব বুলি সকীয়াই দিছে। পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰা হৈছে, আৰু ভাৰতে শান্তি বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
-
আমেৰিকাৰ সতৰ্কবাণী
ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত উত্তেজনাৰ মাজতে আমেৰিকাই লাহোৰ সন্দৰ্ভত নিজৰ নাগৰিকসকলক সতৰ্কবাণী জাৰি কৰিছে। লগতে আমেৰিকাৰ মানুহক তাৰ পৰা পলাবলৈ বা আন ঠাইত আশ্ৰয় লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে।
Published On - May 08,2025 3:50 PM