বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! ২৫ টাকৈ স্থানত ভাৰতৰ ড্ৰ’ন আক্ৰমণ, অথ’লে গ’ল বায়ু প্ৰতিৰক্ষা ব্যৱস্থা…
Drone Attack in Pakistan: আজি পাকিস্তানৰ কেইবাখন চহৰত ভাৰতে ক'মেও ২৫ টা ড্ৰ'ন আক্ৰমণ সংঘটিত কৰে। বুধবাৰে পাকিস্তানে ভাৰতত ড্ৰ'ন আৰু মিছাইল নিক্ষেপ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে আজি এই আক্ৰমণ সংঘটিত কৰে।
 
                                সম্পূৰ্ণৰূপে ধ্বংস পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। বৃহস্পতিবাৰে লাহোৰৰ পৰা কৰাচীলৈকে বহু কেইখন বৃহৎ চহৰত এটাৰ পাছত আনটো ড্ৰ’ন আক্ৰমণ সংঘটিত কৰে ভাৰতে । পাকিস্তান চৰকাৰৰ তথ্য অনুসৰি এই পৰ্যন্ত ২৫টা ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে। ইয়াৰে ৩ টা বৃহৎ ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত । এই আক্ৰমণৰ লগে লগে উত্তেজনাই বিৰাজ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনত। ৰাৱালপিণ্ডী, লাহোৰ আৰু কৰাচীত আৰ্মী কেম্প আছে। জানিব পৰা মতে, ৰাৱালপিণ্ডিৰ আৰ্মী কেম্প ড্ৰ’নৰ আক্ৰমণত ধ্বংস হৈ গৈছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতীয় বায়ুসেনাই আজি পুৱা পাকিস্তানৰ একাধিক বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাক লক্ষ্য কৰি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰে। ৭-৮ মে’ৰ নিশা পাকিস্তানে ভাৰতৰ উত্তৰ আৰু পশ্চিম সামৰিক ঘাটিত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰে। এই আক্ৰমণত লাহোৰৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।
ভাৰতৰ কত কত হৈছিল আক্ৰমণ
পাকিস্তানে ভাৰতৰ অৱন্তীপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বাথিণ্ডা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই, ভূজ আজি সামৰিক ঘাটিচ আক্ৰমণ চলাইছিল। অৱশ্যে ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াক বিফল কৰি তুলিছিল।
ভাৰতৰ প্ৰত্যুত্তৰ
ইয়াৰ প্ৰত্যুত্তৰস্বৰূপে ভাৰতে আজি পাকিস্তানৰ ওপৰত আক্ৰমণ কৰি কেইবাখনো চহৰক লক্ষ্য কৰি লয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই কাৰ্য সীমিত আছিল। এই সময়চোৱাত কেৱল বিশেষ স্থানক লক্ষ্য কৰি লোৱা হৈছিল, কিয়নো এই ঠাই পৰা ভাৰতত আক্ৰমণ চলোৱা হৈছিল।পাকিস্তানত এতিয়ালৈকে মুঠ ২৫ টা ড্ৰন আক্ৰমণ সংঘটিত হৈছে। এই চহৰ কেইখন হ’ল- লাহোৰ, কৰাচী, ৰাৱালপিণ্ডি, ছিয়ালকোট, উমাৰকোট, গুজৰাণৱালা, চাকৱাল, ঘোটকী, আটক, নৰৱাল, ছ’ৰ আৰু শ্বেইখুপুৰা।
পাকিস্তানী সংবাদ মাধ্যমৰ মতে কৰাচীত ড্ৰ’ন বিস্ফোৰণ হৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ইয়াৰ পাছতে সেনাই উক্ত স্থান নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানৰ সকলো পাৰমাণৱিল অস্ত্ৰ কেৱল কৰাচীত মজুত হৈ আছে। এনে পৰিস্থিতিত কৰাচীত ড্ৰ’ন বিস্ফোৰণ হোৱাৰ লগে লগে পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থাকলৈও প্ৰশ্ন উত্থাপন হৈছে। কৰাচীত সংঘটিত এই বিস্ফোৰণ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ ভাবুকি বুলি গন্য কৰিব পাৰি। খবৰ অনুসৰি, লাহোৰৰ নৌ সেনাৰ ঘাটি আৰু কৰাচীৰ নৌ সেনাৰ ঘাটিৰ সমীপত এই বিস্ফোৰণ সংঘটিত হৈছে।
সবাতোকৈ বেছি ড্ৰ’ন বিস্ফোৰণ লাহোৰত সংঘটিত হৈছে। পাকিস্তানী সংবাদ মাধ্যমৰ মতে, লাহোৰত ৩ টা বিস্ফোৰণ সংঘটিত হোৱাৰ লগতে সৰ্বমুঠ ১২ টা বিস্ফোৰণ সংঘটিত হৈছ। এই ড্ৰ’ন আক্ৰমণ ৰোধ কৰাৰ বাবে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম অৰ্থাৎ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বিফল হয়। উল্লেখ্য কৰা প্ৰয়োজন যে, বুধবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সদনত পাকিস্তানী বায়ুসেনাৰ যথেষ্ঠ প্ৰশংসা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে, পাকিস্তানী বায়ুসেনাই দৃঢ়তাৰে থিয় দিছে। ইয়াৰ পাছতে আজি সংঘটিত এই কাণ্ডই পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
অন্য খবৰ পঢ়কঃ Operation Sindoor: অপাৰেশ্যন সেন্দূৰৰ পাছতে অমৃতসৰক উদ্দেশ্যি পাকিস্তানৰ মিছাইল নিক্ষেপ…
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      