8 Jan 2026
TV9 ASSAM
মুখৰ ক'লা দাগ আঁতৰোৱাত আলুৰ বাকলি উপকাৰী। আলুৰ বাকলিত থকা এন্টিবেক্টিৰিয়েল, ফেনলিক আৰু এন্টিঅক্সিডেন্ট তত্ব যিয়ে ছাল কলা পৰাৰ পৰা বছাব পাৰে।
আলুৰ বাকলিক পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি গণ্য কৰা হয়। আলুৰ বাকলিত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে আৰু ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে।
আলুৰ বাকলিয়ে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে। ভাৰতত হৃদৰোগীৰ সংখ্যা যথেষ্ট বেছি, আলুৰ বাকলি বহু লোকৰ বাবে উপযোগী হ’ব পাৰে।
পাকঘৰৰ বাচন-বৰ্তন সমূহ চাফা কৰিবলৈ আলু বাকলিৰ ব্যৱহাৰ কৰিব পাৰি।
আলুৰ বাকলি আৰু বাচন ঘঁহা স্ক্ৰাবৰ সহায়ত বাচনটো ঘঁহি ধুই দিয়ক। বাচন নতুনৰ দৰে হৈ পৰিব। আপোনাৰ ঘৰৰ লোহাৰ কেৰাহী, পেন আদি চিকচিকিয়া কৰিব পাৰে।
আলুৰ বাকলিত আইৰণৰ পৰিমাণ বেছি থাকে যাৰ ফলত এনিমিয়া হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। আলুৰ বাকলিয়ে শৰীৰত ৰক্তহীনতা হোৱাৰ পৰা বচোৱাৰ লগতে আইৰণৰ অভাৱ পূৰণ কৰে।
আলুৰ বাকলিত পোৱা ক্লোৰোজেনিক এচিড আৰু কেফিক এচিডে শৰীৰত হোৱা জ্বলা-পোৰা কম কৰে, ইয়াৰ লগতে ই বাত বিষৰ দৰে সমস্যা সমূহ দূৰ কৰে।
পঢ়িবলৈ ক্লিক কৰক