বিশ্বকাপৰ পূৰ্বে ভাৰতীয় শিবিৰত ডাঙৰ আঘাত, ‘প্ৰস্তুতি’ শৃংখলাৰ পৰা বাহিৰ এইগৰাকী তাৰকা
টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলে নিউজিলেণ্ডৰ বিপক্ষে খেলিব পাঁচখন মেচৰ টি-২০ শৃংখলা। এই শৃংখলাটো ভাৰতীয় দলৰ বাবে হ’ব বিশ্বকাপৰ প্ৰস্তুতি। পিছে এই প্ৰস্তুতি শৃংখলাৰ পৰা বাহিৰ হৈছে দলৰ এগৰাকী নিৰ্ভৰযোগ্য তাৰকা।
কাষ চাপি আহিছে টি-২০ বিশ্বকাপ। ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ প্ৰতিযোগিতাত নামিব ভাৰতীয় দল। নিজ দেশতে বিশ্বকাপ অভিযানত নামিব যদিও চাপৰো সন্মুখীন হ’ব লাগিব। এই চাপ হ’ব খিতাপ অক্ষুণ্ণ ৰখাৰ। এই চাপ দূৰ কৰি পুনৰবাৰ খিতাপ দখললৈ অনাৰ লক্ষ্যৰে ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতীয় দল। পিছে এই বিশেষ অভিযানৰ পূৰ্বে ভাৰতীয় দল আন এক চাপৰ সন্মুখীন হৈছে। পোনপটীয়াকৈ টি-২০ বিশ্বকাপৰ বাবে এই চাপ নপৰিলেও প্ৰস্তুতিৰ ক্ষেত্ৰত ভাৰতীয় শিবিৰত দেখা দিছে চিন্তাই।
টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলে নিউজিলেণ্ডৰ বিপক্ষে খেলিব পাঁচখন মেচৰ টি-২০ শৃংখলা। এই শৃংখলাটো ভাৰতীয় দলৰ বাবে হ’ব বিশ্বকাপৰ প্ৰস্তুতি। পিছে এই প্ৰস্তুতি শৃংখলাৰ পৰা বাহিৰ হৈছে দলৰ নিৰ্ভৰযোগ্য তাৰকা তিলক বাৰ্মা। আঘাতৰ বাবে শৃংখলাৰ প্ৰথম তিনিখন মেচৰ পৰা বাহিৰ হৈছে তিলক।
তিলক বাৰ্মাৰ স্বাস্থ্যৰ শেহতীয়া খবৰ
বিচিচিআইৰ (BCCI) এক বিবৃতি মতে, যোৱা ৭ জানুৱাৰীত ৰাজকোটত তিলক বাৰ্মাৰ এটা অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে। আজি পুৱা তেওঁক চিকিৎসালয়ৰ পৰা ছুটী দিয়া হৈছে আৰু শুকুৰবাৰে তেওঁ হায়দৰাবাদলৈ উৰা মাৰিব। চিকিৎসকৰ মতে, তেওঁৰ আৰোগ্যৰ গতি সন্তোষজনক যদিও সম্পূৰ্ণ সুস্থ নোহোৱালৈকে তেওঁ খেলপথাৰত নামিব নোৱাৰিব।
শৃংখলাত পৰিব প্ৰভাৱ
এনে পৰিস্থিতিত ২১ জানুৱাৰীৰ পৰা নাগপুৰত আৰম্ভ হ’বলগীয়া ৫খনীয়া টি-২০ শৃংখলাৰ প্ৰথম তিনিখন মেচত তেওঁ খেলিব নোৱাৰিব। শৃংখলাৰ অন্তিম দুখন মেচত তেওঁৰ অংশগ্ৰহণ সম্পূৰ্ণৰূপে তেওঁৰ শাৰীৰিক সুস্থতাৰ ওপৰত নিৰ্ভৰ কৰিব। বৰ্তমানলৈকে বিচিচিআইয়ে তেওঁৰ পৰিৱৰ্তে আন কোনো খেলুৱৈৰ নাম ঘোষণা কৰা নাই।
মধ্যম ক্ৰমত প্ৰত্যাহ্বান
যোৱা কিছু সময় ধৰি টি-২০ত ভাৰতীয় দলৰ বেটিং ক্ৰমৰ ৩ বা ৪ নম্বৰ স্থানত তিলক বাৰ্মাই শক্তিশালী প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ অনুপস্থিতিত স্বাভাৱিকতেই ভাৰতীয় দলৰ মধ্য ক্ৰমৰ বেটিং লাইন আপত কিছু চাপ থাকিব। আগন্তুক বিশ্বকাপৰ পৰিপ্ৰেক্ষিতত এতিয়া তিলক সম্পূৰ্ণ সুস্থ হৈ উঠাটোৱেই প্ৰতিজন অনুৰাগীয়ে আশা কৰিব।
প্ৰথম তিনিখন টি-২০ৰ বাবে ভাৰতীয় দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), ৰিংকু সিং, অভিষেক শৰ্মা, অক্ষৰ পেটেল (সহ-অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, হৰ্ষিত ৰাণা।