অপাৰেশ্যন সেন্দূৰত নিহত হৈছিল এই ৫ ডাঙৰ সন্ত্ৰাসবাদী, পাকিস্তানে প্ৰকাশ কৰিছে চূড়ান্ত তালিকা
ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত মাছুদ আজহাৰৰ ভাতৃ আৰু ভগ্নি নিহত হয়। পাকিস্তানৰ পৰা খবৰ অনুসৰি অপাৰেশ্যন সেন্দুৰ অভিযানত ৫ টা ডাঙৰ সন্ত্ৰাসবাদী নিহত হয়। এই আটাইকেইজন সন্ত্ৰাসবাদীৰ প্ৰত্যক্ষ সম্পৰ্ক আছিল লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ সৈতে।

ভাৰত-পাকৰ মাজত এতিয়া তুমুল যুদ্ধ! চলোৱা হৈছে ড্ৰোন, মিছাইল। পহলগাম ঘটনাৰ প্ৰতিশোধ হিচাপে অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে পাকিস্তানত ৯টা সন্ত্ৰাসবাদীৰ গোপন ঘাটিত আক্ৰমণ কৰে। এতিয়া এই আক্ৰমণত নিহত পাকিস্তানী সন্ত্ৰাসবাদীৰ নাম পোহৰলৈ আহিছে। সূত্ৰ অনুসৰি সেনাৰ এই আক্ৰমণত ৫টা ডাঙৰ সন্ত্ৰাসবাদী নিহত হয়। ইয়াৰ ভিতৰত মুদাছাৰ খাদিয়ান, খালিদ, হাফিজ জমিল, ইউছুফ আজহাৰ আৰু হাছান খানৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। এই আটাইকেইজন সন্ত্ৰাসবাদী লস্কৰ আৰু জৈছৰ লগত জড়িত আছিল। যিসকলে হাফিজ ছাইদ আৰু মাছুদ আজহাৰৰ নিৰ্দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছিল।
নিহত সন্ত্ৰাসবাদীৰ সম্পূৰ্ণ তথ্য
১) মুদাছাৰ খাদিয়ান খাছ- এইগৰাকী সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী মুৰিদকেৰ মাৰ্কাজ টাইবাৰ দায়িত্বত আছিল। অপাৰেশ্যনৰ নিশা তাত উপস্থিত আছিল মুদাছাৰ খাদিয়ান। পাকিস্তানৰ পৰা পোৱা চোৰাংচোৱাৰ তথ্য অনুসৰি আবু জণ্ডালৰ অন্ত্যেষ্টিক্ৰিয়াত পাকিস্তানী সেনাই গাৰ্ড অৱ অনাৰ প্ৰদান কৰে।
জুণ্ডলৰ অন্ত্যেষ্টিক্ৰিয়াত পাকিস্তান সেনা প্ৰধান তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী (মৰিয়াম নৱাজে)-এ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জামাত-উদ-দাৱাৰ (এজন নিৰ্দিষ্ট বিশ্বব্যাপী সন্ত্ৰাসবাদী) হাফিজ আব্দুল ৰাউফৰ নেতৃত্বত এখন চৰকাৰী বিদ্যালয়ত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ নামাজ অনুষ্ঠিত কৰা হয়। পাক সেনাবাহিনীৰ কাৰ্যনিৰ্বাহক লেফটেনেণ্ট জেনেৰেল আৰু পঞ্জাৱ আৰক্ষীৰ আই জিয়ে নামাজ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
২) হাফিজ মহম্মদ জমিল- জইছ-ই-মহম্মদৰ লগত জড়িত জমিল আছিল মৌলানা মাছুদ আজহাৰৰ জ্যেষ্ঠ ভাতৃ। যিদিনা অপাৰেশ্যন সংঘটিত হৈছিল, সেইদিনা জমিল বহাৱালপুৰৰ নিজৰ ঘৰত শুই আছিল। মাৰ্কাজ সুবহানাল্লাহৰ দায়িত্বত আছিল জমিল। যুৱক-যুৱতীসকলক উগ্ৰপন্থী বনোৱাত জৈছ-ই-মহম্মদৰ বাবে ধন সংগ্ৰহৰ কামত জমিলে সক্ৰিয়ভাৱে জড়িত আছিল।
৩) মহম্মদ ইউছুফ আজহাৰ- এই জৈছ সন্ত্ৰাসবাদীক উস্তাদ আৰু মহম্মদ চেলিম নামেৰেও জনা গৈছিল। তেওঁ আছিল মাছুদ আজহাৰৰ ভাতৃ। অজহাৰে জৈছৰ মাদ্ৰাছাত অস্ত্ৰ প্ৰশিক্ষণ চম্ভালিছিল। জম্মুত বহু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল আজহাৰ। আইচি-৮১৪ হাইজেকিং গোচৰত তেওঁক বিচাৰি থকা বুলি গণ্য কৰা হৈছিল।
৪) খালিদ @ আবু আকাশ- লস্কৰ-ই-তৈবাৰ এই সন্ত্ৰাসবাদীয়ে আফগানিস্তানৰ পৰা অস্ত্ৰ যোগান ধৰিছিল। আক্ৰমণ সংঘটিত হোৱাৰ দিনা তেওঁ নিজৰ ঘৰতে শুই আছিল। জম্মুত আতংক বিয়পোৱাৰ অভিযোগ খালিদৰ বিৰুদ্ধে। খালিদৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ফৈছালাবাদত, য’ত পাকিস্তান সেনাৰ জ্যেষ্ঠ বিষয়া আৰু ফৈছালাবাদৰ উপ আয়ুক্ত উপস্থিত থাকে।
৫) মহম্মদ হাছান খান- এই জৈছ সন্ত্ৰাসবাদী পাকিস্তান দখল কৰা কাশ্মীৰ (PoK)ৰ জয়ছ-ই-মহম্মদৰ অপাৰেচনেল কমাণ্ডাৰ মুফতি আছঘৰ খান কাশ্মীৰীৰ পুত্ৰ আছিল। ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ সমন্বয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
লগতে পঢক: ভাৰত শান্তিপ্ৰিয় দেশ…বিশ্বৰ সকলো দেশকে অপাৰেশ্যন সেন্দূৰত যোগদান কৰিবলৈ আহ্বান বেলুচ আৰ্মিৰ