ভাৰত শান্তিপ্ৰিয় দেশ…বিশ্বৰ সকলো দেশকে অপাৰেশ্যন সেন্দূৰত যোগদান কৰিবলৈ আহ্বান বেলুচ আৰ্মিৰ
সমগ্ৰ দেশক ভাৰতৰ কাষত থিয় দিবলৈ আহ্বান জনাইছে বেলুচ বিদ্ৰোহীয়ে। ভাৰতে লোৱা সিদ্ধান্তক সমৰ্থন কৰা উচিত বুলিও উল্লেখ কৰা হৈছে পত্ৰখনত ।

ক্ৰমাৎ উত্তেজনাপূৰ্ণ হৈ আহিছে ভাৰত-পাকৰ পৰিস্থিতি। ইফালে এই অশান্তিৰ পৰিৱেশৰ মাজতে কণ্ঠস্বৰত পৰিণত হৈছে বেলুচ বিদ্ৰোহী। বৃহস্পতিবাৰে নিশা পাকিস্তানে ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলোৱাৰ সময়তে এই বেলুচ বিদ্ৰোহীসকলে নিজৰ স্বাধীনতাৰ দাবী কৰিবলৈ আৰম্ভ কৰে। শুকুৰবাৰে বেলুচিস্তানত পাকিস্তানৰ পতাকা নমাই দিলে বেলুচ বিদ্ৰোহীয়ে। উত্তোলন কৰিলে ‘স্বাধীন’ বেলুচিস্তানৰ পতাকা। তাৰ পাছতে ভাৰতত দূতাবাস খুলিবলৈ অনুৰোধ জনাই বেলুচিস্তানে। কয় যে বেলুচ লিবাৰেচন আৰ্মীয়ে পাকিস্তানৰ হিন্দুসকলক সুৰক্ষা দিব। তাৰ পাছতে বিশ্ববাসীলৈ এখন মুকলি চিঠি লিখিছে তেওঁলোকে। কি ক’লে চিঠিত?
মিৰ ইয়াৰ বালোচৰ এক্স একাউণ্টৰ পৰা এটা দীঘলীয়া পোষ্ট কৰা হয়, সমগ্ৰ বিশ্বক সম্বোধন কৰি পোষ্টটোত লিখা হৈছে, “পাকিস্তান এক কৃত্ৰিম সত্তা। ইতিহাসত ইয়াৰ কোনো জাতিগত, সাংস্কৃতিক, সভ্যতাৰ শিপা নাই। ইংৰাজে পাকিস্তানক বাফাৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল এক সংযুক্ত ভাৰতক বিভাজিত কৰিবলৈ। ফলত ৭৭ বছৰীয়া সংঘাত, অস্থিৰতা, লাখ লাখ জেহাদীৰ সৃষ্টি, আৰু সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ সৃষ্টিৰ সৃষ্টি হৈছে। ইয়াৰ পৰাই জেহাদ শব্দৰ উৎপত্তি হৈছে।”
লগতে লিখা হৈছে, “ধৰ্মীয় ঘৃণা ব্যৱহাৰ কৰি আফগানিস্তানৰ নিৰপেক্ষতাক ধ্বংস কৰি মৌলবাদৰ দিশে ঠেলি দিয়া হৈছে। পাকিস্তানী সেনা, পাকিস্তান চৰকাৰ আৰু পাঞ্জাবী মুছলমানে ভাৰতীয় মুছলমানক ভাৰতৰ ক্ষতি কৰিবলৈ আৰু গণতান্ত্ৰিক পৰিৱেশ ধ্বংস কৰিবলৈ অহৰহ উচটনি দি আহিছে।”
পোষ্টটোত কোৱা হৈছে যে, “বেলুচৰ ইতিহাস অস্বীকাৰ কৰাটো ভুল। আমি ১০ হাজাৰ বছৰীয়া মেহৰগড় সভ্যতাৰ অংশ। ব্ৰিটিছ, ভাৰত, আফগানিস্তান, উপসাগৰীয় দেশসমূহৰ সৈতে আমাৰ দীৰ্ঘদিনীয়া কূটনৈতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক আছে। পাকিস্তানে অন্যায়ভাৱে বেলুচিস্তান দখল কৰিছিল।”
বেলুচসকলে দাবী কৰে যে, “পাকিস্তানৰ এই আগ্ৰাসনৰ প্ৰথম বলি আমি বেলুচ। সন্ত্ৰাসবাদৰ দ্বিতীয় বলি হৈছে বাংলাদেশ। ১৯৭১ চনত সেই সময়ত পাঞ্জাবী মুছলমান পাকিস্তানী সৈন্যই দুই লাখ বঙালী মহিলাক ধৰ্ষণ কৰি ৩০ লাখ বাংলাদেশী নাগৰিকক হত্যা কৰিছিল। শেষত ৯৩ হাজাৰ সৈন্যই আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল।”
বেলুচে কয়, “পাকিস্তান ইয়াতেই ক্ষান্ত নাথাকিল। পাঞ্জাবী মুছলমান সেনাই সন্ত্ৰাসবাদক লালন-পালন কৰি থাকিল। আই এছ আই আৰু পাকিস্তানী জেনেৰেলৰ সহায়ত ৰাৱালপিণ্ডিত জেহাদী সৃষ্টি কৰি থাকিল। ইয়াৰ ফলত ৫ লাখ আফগানক হত্যা কৰিলে।”
সেই চিঠিখনত মুখা খুলি দিয়া হৈছে পাকিস্তানৰ। ভাৰতক শান্তিপ্ৰিয় দেশ বুলি অভিহিত কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে বেলুচিস্তানে। বেলুচ বিদ্ৰোহীয়ে বিশ্ব সমগ্ৰ দেশক ভাৰতৰ কাষত থিয় দিবলৈ আহ্বান জনাইছে। ভাৰতে লোৱা সিদ্ধান্তক সমৰ্থন কৰা উচিত বুলিও উল্লেখ কৰা হৈছে পত্ৰখনত । তেওঁলোকে আন দেশকসমূহক ভাৰতৰ অপাৰেশ্যন সেন্দূৰত যোগদান কৰিবলৈ আহ্বান জনাইছে। বেলুচসকলে দাবী কৰে যে তেওঁলোক কেৱল ভাৰতৰে নহয়, পাকিস্তানৰো অত্যাচাৰৰ বলি হৈছে।
Message to the international community,
Dear citizens of the world,
Pakistan is an artificial entity, it has no ethnic, cultural, national and civilizational roots in the history. It was invented by the Britishers as buffer state to divide United India which resulted 77 years… pic.twitter.com/2ne31y9KNF— Mir Yar Baloch (@miryar_baloch) May 9, 2025
আকৌ লিখিছে, “ভাৰতে শান্তি ঘূৰাই অনাৰ বাবে যি কৰিছে সেয়া একেবাৰে সঠিক। সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে ‘অপাৰেশ্য়ন সেন্দূৰ’ত যোগ দিব লাগে। সেই নিৰীহ বিধৱাসকলৰ বাবে এইটোৱেই উচিত ন্যায়। ভাৰত অকলশৰীয়া নহয়। ৭ দশকৰো অধিক সময় পাকিস্তানৰ আগ্ৰাসনৰ বলি হোৱা বেলুচ, পষ্টুন, সিন্ধী আৰু কাশ্মীৰৰ জনসাধাৰণে সকলোৱে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে এই বিমান আক্ৰমণ আৰু ড্ৰোন আক্ৰমণক সমৰ্থন কৰিছে।”
লগতে লিখিছে, কেৱল সামৰিক বা চৰকাৰৰ পৰিৱৰ্তনে পাকিস্তানৰ বুকুৰ পৰা উগ্ৰপন্থী সমস্যা নিৰ্মূল কৰিব নোৱাৰে। বৰঞ্চ মানচিত্ৰখন সলনি কৰিব লাগিব। বেলুচিস্তানৰ স্বাধীনতা ইয়াৰ এক গুৰুত্বপূৰ্ণ অংশ। ভাৰতৰ সৈতে ইয়াৰ ঐতিহাসিক সম্পৰ্কৰ বাবে সিন্ধ প্ৰদেশক পাকিস্তানৰ পৰা স্বাধীন হ’বলৈ বা ভাৰতত যোগদান কৰিবলৈ অনুৰোধ কৰিম। পাষ্টুন জনগোষ্ঠীয়ে বসবাস কৰা পাষ্টুনিস্তানৰ বাকী অংশটো আফগানিস্তানৰ লগত অন্তৰ্ভুক্ত কৰা উচিত কাৰণ আফগানিস্তানৰ সংস্কৃতি, ভাষা, কাপোৰ-কানি আৰু ভূমি একে। পাকিস্তানৰ অবৈধ দখলৰ পৰা মুক্ত হ’ব লাগিব পাকিস্তান অধিকৃত কাশ্মীৰ।
পোষ্ট লিখা হৈছে, “ইৰাণৰ পুঁজিৰে চলি থকা হামাছ, হিজবুল্লাহ আৰু হাউথী বিদ্ৰোহীৰ প্ৰতিনিধিয়ে ইজৰাইলৰ ওপৰত হাজাৰ হাজাৰ ৰকেট আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। খবৰ অনুসৰি পাকিস্তানে নিজৰ জেহাদী সংগঠনসমূহক সুৰক্ষা প্ৰদান কৰি ভাৰতৰ অসামৰিক জনসাধাৰণৰ ওপৰত ৫০০ৰো অধিক ড্ৰ’ন নিক্ষেপ কৰাৰ ফলত নিৰীহ লোকৰ প্ৰাণ হেৰুৱাইছে। এয়া যুদ্ধৰ কাৰ্য আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত পাকিস্তানৰ ভিতৰত সন্ত্ৰাসবাদৰ উৎপত্তি আৰু কেন্দ্ৰবিলাকক প্ৰতিশোধ লোৱা আৰু ধ্বংস কৰাৰ অধিকাৰ ভাৰতৰ আছে।”
শেহতীয়াকৈ তেওঁলোকে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি ৰাষ্ট্ৰসংঘক দাবী জনাইছে যে বেলুচিস্তান গণতান্ত্ৰিক গণৰাজ্যই স্বাধীনতা ঘোষণা কৰাক। বেলুচিস্তানত শান্তিৰক্ষী বাহিনীৰ উপস্থিতিৰো দাবী জনাইছে। লগতে তেওঁলোকে বিচাৰে যে পাকিস্তানী সেনা শীঘ্ৰে আঁতৰি যাওক।
উল্লেখ্য যে বেলুচিস্তানত আকৌ এবাৰ পাকিস্তানী সেনা আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি বৃহৎ আক্রমণ চলাইছে বেলুচ বিদ্ৰোহীয়ে৷ বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত বেলুচ বিদ্ৰোহী সংগঠনে এই আক্ৰমণ সংঘটিত কৰিছে। বহু অঞ্চলত পাকিস্তানৰ নিৰাপত্তা বাহিনীক পিছুৱাই অহা থকা দেখা গৈছিল আৰু কোনো কোনো ঠাইত চৰকাৰী প্ৰতিষ্ঠানত জুই লগাই দিয়া হৈছিল।