শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আমেৰিকাৰ হাতলৈ সমগ্ৰ ভেনিজুৱেলা! ট্ৰাম্পৰ দাবীক লৈ চাঞ্চল্য, আঁৰত কি?

বিগত সপ্তাহত অপাৰেচন এবছল্যুট ৰিজ’লিউচন আৰম্ভ কৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক অপহৰণ কৰিছিল আমেৰিকাই। কিন্তু ৰাষ্ট্ৰপতি অবিহনে এখন দেশ কেনেকৈ চলিব? ইয়াৰ উত্তৰত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে, আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলা চলাব।

আমেৰিকাৰ হাতলৈ সমগ্ৰ ভেনিজুৱেলা! ট্ৰাম্পৰ দাবীক লৈ চাঞ্চল্য, আঁৰত কি?
কাৰ নিয়ন্ত্ৰণত ভেনিজুৱেলা?
trishna-kalita
Trishna Kalita | Published: 05 Jan 2026 12:46 PM

তেওঁ নিজৰ ভাগ্যৰ মালিক! ইচ্ছা কৰিলে শুল্ক যুদ্ধ আৰম্ভ কৰে, খং উঠিলে নিষেধাজ্ঞাও আৰোপ কৰে। এইবাৰ ভেনিজুৱেলাত অভিযান চলাই দেশখনৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক পনবন্দী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তাৰ পিছতে ঘোষণা কৰে যে আমেৰিকাই ভেনিজুৱেলা চলাব। ইয়াৰ পিছতে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই খেলপথাৰত প্ৰৱেশ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে ৱাশ্বিংটনে কোনো প্ৰশাসনিক ভূমিকা গ্ৰহণ নকৰে।

বিগত সপ্তাহত অপাৰেচন এবছল্যুট ৰিজ’লিউচন আৰম্ভ কৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক অপহৰণ কৰিছিল আমেৰিকাই। কিন্তু ৰাষ্ট্ৰপতি অবিহনে এখন দেশ কেনেকৈ চলিব? ইয়াৰ উত্তৰত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে, আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলা চলাব।

কিন্তু ভাৰত, ৰাছিয়াকে ধৰি কেইবাখনো দেশে আমেৰিকাৰ এই পদক্ষেপক ইতিবাচক দৃষ্টিৰে চোৱা নাছিল। অধিক বিতৰ্কৰ পৰা হাত সাৰিবলৈ আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ লোৱা নাই। বৰঞ্চ আমেৰিকাই অধিক নিষেধাজ্ঞা আৰোপ কৰি ভেনিজুৱেলাৰ তেল টেংকাৰ জব্দ কৰিব। এইদৰে ড্ৰাগছ সৰবৰাহ বন্ধ কৰা হ’ব বুলি দাবী কৰে ৰুবিঅ’ই। ইতিমধ্যে আমেৰিকাই ভেনিজুৱেলাৰ কেইবাখনো তেল টেংকাৰ জব্দ কৰিছে। মাৰ্কো ৰুবিঅ’ই কয় যে ভেনিজুৱেলাত পৰিৱৰ্তন দেখা নোপোৱালৈকে টেংকাৰসমূহ আৱদ্ধ কৰি ৰখা হ’ব।

কিন্তু আমেৰিকাই ভেনিজুৱেলাৰ শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে সেই দেশৰ চৰকাৰৰ ওপৰত এৰি নিদিয়ে। ৰুবিঅ’ই কয় যে, আমেৰিকাই এতিয়া ভেনিজুৱেলা চলোৱাসকলক পৰ্যালোচনা কৰিব। তেওঁ কয়, “আমি চাম তেওঁলোকে কি কৰিছে, তাৰ পিছত সিদ্ধান্ত লোৱা হ’ব”। ভেনিজুৱেলাৰ ৰাজপথত আমেৰিকাৰ সৈন্য দেখা কথাটো নাকচ কৰা নাই ৰুবিঅ’ই।

ইফালে আজি সোমবাৰে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক প্ৰথমবাৰৰ বাবে মানহাটান ফেডাৰেল আদালতত হাজিৰ কৰা হ’ব। তেওঁৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে ড্ৰাগছ সৰবৰাহৰ ওপৰত নিৰ্ভৰশীল অবৈধ, দুৰ্নীতিগ্ৰস্ত চৰকাৰ চলোৱাৰ অভিযোগ। এতিয়া ৰাষ্ট্ৰপতি মাদুৰোৱে নিজকে ৰক্ষা কৰাৰ সুযোগ পায় নে নাপায় সেয়া হ’ব লক্ষ্যণীয়।

লগতে পঢ়ক: হ’ব নেকি তৃতীয় বিশ্বযুদ্ধৰ সূচনা? ট্ৰাম্পৰ বিৰুদ্ধে বিশ্বজুৰি ক্ষোভ…