ছফী শ্বাইন কোন ? ফেব্ৰুৱাৰী মাহত শিখৰ ধৱনৰ সৈতে বিয়াত বহিব এইগৰাকী আইৰিছ যুৱতী…
Shikhar Dhawan Sophie Shine: দুয়োৰে জীৱনত এক নতুন আৰম্ভণি হ'বলৈ গৈ আছে আৰু তেওঁলোকে এই দিনটোৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰিছে। তেওঁলোকৰ এই আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানত ক্ৰিকেট আৰু বলীউডৰ ডাঙৰ ডাঙৰ তাৰকা উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
ফেব্ৰুৱাৰী মাহত শিখৰ ধৱনৰ সৈতে বিয়াত বহিব ছফী শ্বাইন। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধৱনে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ছফী শ্বাইনক বিয়া কৰাবলৈ সাজু হৈছে। সূত্ৰৰ উদ্ধৃতি দি HT City য়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহত দিল্লী-এনচিআৰত বিবাহপাশত আবদ্ধ হ’ব এই দম্পতীটো।
দুয়োৰে জীৱনত এক নতুন আৰম্ভণি হ’বলৈ গৈ আছে আৰু তেওঁলোকে এই দিনটোৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰিছে। তেওঁলোকৰ এই আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানত ক্ৰিকেট আৰু বলীউডৰ ডাঙৰ ডাঙৰ তাৰকা উপস্থিত থাকিব বুলি আশা কৰা হৈছে। পিছতে অনুৰাগীৰ মাজত প্ৰশ্ন হৈছে শিখৰ ধৱনে বিয়া কৰিবলৈ লোৱা ছফী শ্বাইন কোন ?
ছফী শ্বাইন কোন?
১৯৯০ চনত জন্মগ্ৰহণ কৰা আইৰিছ নাগৰিক ছফী শ্বাইনে বৰ্তমান শিখৰ ধৱন ফাউণ্ডেশ্যনৰ ‘Da One Sports’ ৰ মুখ্য পৰিচালন বিষয়া(COO) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২৫ চনৰ জুলাই মাহত এই দায়িত্ব গ্ৰহণ কৰিছিল। ছফীয়ে ইয়াৰ পূৰ্বে এটা বহুজাতিক প্ৰতিষ্ঠানৰ প্ৰডাক্ট কনচালটেণ্ট হিচাপে কাম কৰিছিল। লিমেৰিক ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা মাৰ্কেটিং এণ্ড মেনেজমেণ্টত ডিগ্ৰী লাভ কৰে ছফী শ্বাইনে ।
আয়াৰলেণ্ডৰ কেছলাৰয় কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ছফীয়ে ২০২৫ চনৰ মাৰ্চ মাহলৈকে আবুধাবিৰ নৰ্দাৰ্ণ ট্ৰাষ্ট কৰ্পৰেশ্যনৰ চেকেণ্ড ভাইচ-প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ছফীৰ ছ’চিয়েল মিডিয়াতো এক শক্তিশালী প্ৰভাৱ আছে, ইনষ্টাগ্ৰামত ৩ লাখ ৪৩ হাজাৰৰো অধিক ফল’ৱাৰছ আছে তেওঁৰ। বিগত কেইমাহমানৰ পৰা নিয়মীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ক্ৰিকেটাৰগৰাকীৰ সৈতে তেওঁৰ জীৱনৰ আভাস শ্বেয়াৰ কৰি আহিছে।
ছফী শ্বাইন আৰু শিখৰ ধৱনৰ প্ৰেম কাহিনী
যোৱা বছৰৰ জুন মাহত ছফীয়ে ইনষ্টাগ্ৰামত শিখৰৰ সৈতে নিজৰ সম্পৰ্ক আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল, শ্বেয়াৰ কৰিছিল যে, তেওঁলোকে প্ৰথমবাৰৰ বাবে ডুবাইৰ এখন ৰেষ্টুৰেণ্টত লগ পাইছিল, য’ৰ পৰা তেওঁলোকৰ বন্ধুত্ব ক্ৰমান্বয়ে এটা সম্পৰ্কলৈ ৰূপান্তৰিত হৈছিল।
ইচ টিৰ এক প্ৰতিবেদন অনুসৰি শিখৰে প্ৰথমে ছফীৰ এটা ইনষ্টাগ্ৰাম পোষ্ট লাইক কৰিছিল ২০২৩ চনৰ ১৩ জুনত। ২০২৪ চনৰ আই পি এল ছিজনত এই দম্পতীয়ে প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যেতিয়া ছফীয়ে ক্ৰিকেটাৰগৰাকীৰ সৈতে পঞ্জাৱ কিংছ খেলৰ বাবে ষ্টেডিয়ামলৈ গৈছিল। আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সময়তো শিখৰৰ সৈতে ষ্টেণ্ডত দেখা গৈছিল ছফীক।
২০২৩ চনত প্ৰাক্তন পত্নী আইছা মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত এইটোৱেই হৈছে শিখৰ ধৱনৰ প্ৰথম নিশ্চিত সম্পৰ্ক। মুখাৰ্জীৰ সৈতে তেওঁৰ ১১ বছৰীয়া পুত্ৰ সন্তান আছিল। তেওঁৰ নাম জোৰাভাৰ ধৱন।