6 JAN 2026
TV9 ASSAM
মাজ নিশা হঠাতে দাঁতৰ বিষ উঠিলে ডাঙৰ সমস্যাত পৰা যায়। সেই সময়ত ডাক্তৰৰ ওচৰলৈ যোৱাটোও সম্ভৱ নহয়। গতিকে এই কাম কৰিব পাৰে।
দাঁতৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে। দাঁতৰ গুৰি ফুলা, বেক্টেৰিয়া, বিভিন্ন সংক্ৰমণৰ বাবে এই সমস্যা হ'ব পাৰে।
এক গিলাচ গৰম পানীৰ লগত আধা চামুচ নিমখ মিহলাই কুলকুলি কৰক, ই বিষ নিৰাময়ত সহায় কৰে।
এটা লং দাঁত বিষোৱা ঠাইত লগাই কমূৰি ধৰি থাকক বা লং তেলৰ সৈতে নিমখ মিহলাই লগাব পাৰে। লঙৰ বিষ নাশক গুণ আছে।
নহৰু পিচি পেষ্ট বনাই বা নহৰুৰ কোঁহা চোবাই দাঁতৰ বিষোৱা ঠাইত লগাব পাৰে।
খালী নিমখ পানীৰে মুখখন ধুব। ই প্ৰাকৃতিক এণ্টিচেপ্টিক, যিয়ে বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে ৷
দাঁতৰ ফুলা আৰু বিষ হ্ৰাস কৰিবলৈ আপুনি দিনত দুই-তিনিবাৰ গৰম নিমখ পানীৰে মুখখন ধুব ৷
চাবলৈ ক্লিক কৰক