Assam News: বিজেপিৰ দেৱাল লেখনৰ পৰা আই পি এলত নিষেধাজ্ঞালৈ দিনটোৰ শীৰ্ষ খবৰ
আজি ৫ জানুৱাৰী, বুধবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বিজেপিৰ দেৱাল লেখনৰ পৰা আই পি এলত নিষেধাজ্ঞালৈ চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
আজি পুৱতি নিশা এক ভূমিকম্পই জোঁকাৰি যায় মধ্য অসমক। পুৱা ৪.১৭ মিনিটত অনুভূত হয় কম্পন। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১। ভূমিকম্পৰ ফলত কোনো বিস্তৰ ক্ষতিৰ তথ্য় লাভ কৰা নাই যদিও মৰিগাঁৱত প্ৰাণ ৰক্ষাৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়ত দুগৰাকী লোক আহত হয়।
আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে দেৱাল লেখন অভিযান। খানাপাৰাত এই অভিযানৰ আৰম্ভণি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা বিধানসভা নিৰ্বাচনত এন ডি এই অসমত কমেও ১০৩ খন আসন লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
আমাৰ মিঞা সমাজৰ দুৰ্ভাগ্য, তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে, টকাও দিব লাগে ৷ এই বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ লগতে কয় যে উচ্ছেদৰ সময় বা বিপদৰ সময়ত কংগ্ৰেছে সহায় নকৰে মিঞাসকলক ৷ বিগত সময়তো মিঞা মুছলমান সম্পৰ্কত বিভিন্ন মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰীয়ে।
