8 Jan 2026
TV9 ASSAM
আজিকালি মানুহৰ হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি হোৱা দেখা গৈছে। আনকি যুৱক-যুৱতীসকলৰো হৃদযন্ত্ৰৰ সমস্যা, হাৰ্ট এটেক আদি হোৱা দেখা যায়।
হৃদযন্ত্ৰৰ সমস্যাৰ আঁতৰ বিভিন্ন কাৰণ থাকিব পাৰে। কিন্তু কিছুমান অভ্যাসেও মানুহৰ এই সমস্যা বৃদ্ধি। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।
আজিকালি যুৱক-যুৱতী বহুতে ধূমপান কৰা দেখা যায়। ধূমপানে হাৰ্ট এটেকৰ লগত জড়িত সমস্যা বৃদ্ধি কৰে এই অভ্যাসে হাৰ্ট এটেকৰ আশংকা বৃদ্ধি কৰে। গতিকে ধূমপান কৰিব নালাগে।
শৰীৰত ব্লাড চুগাৰ নিয়ন্ত্ৰণত নাথাকিলে বিভিন্ন সমস্যা হ'ব পাৰে। স্নায়ুত হোৱা ক্ষতিয়ে হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি কৰে। এনেস্থলত হাৰ্ট এটেকৰ আশংকা বৃদ্ধি পায়।
আজিকালি মানুহৰ ব্যস্ততা বৃদ্ধি পাইছে। আৰাম নকৰা বাবে, কামৰ বোজা বা বিভিন্ন কাৰণত মানুহৰ মানসিক চাপ বৃদ্ধি পাইছে। গতিকে হৃদযন্ত্ৰৰ সমস্যা কৰাৰ ই ডাঙৰ কাৰণ।
আজিকালি প্ৰদূষণ বৃদ্ধি পাইছে। বায়ু প্ৰদূষিত। আমি গম নোপোৱাকৈ ই আমাৰ শৰীৰত প্ৰভাৱ পেলাই আৰু হৃদযন্ত্ৰক প্ৰভাৱিত কৰে। গতিকে বাহিৰলৈ গ'লে মাস্ক পিন্ধিব লাগে।
হৃদযন্ত্ৰৰ সমস্যা বা হাৰ্ট এটেকৰ মূল কাৰণ হ'ল বৃদ্ধি হোৱা ওজন। আজিকালি বহু যুৱক-যুৱতীৰ মেদবহুলতা হোৱা দেখা যায়। গতিকে ওজন নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।
পঢ়িবলৈ ক্লিক কৰক