8 Jan 2026
TV9 ASSAM
আজিৰ সময়ত ওজন বৃদ্ধি এক ডাঙৰ সমস্যা। বহু লোকে এই সমস্যাত ভোগা দেখা যায়। ইয়াৰ ফলত মানুহৰ বিভিন্ন ৰোগ হয়। মেদবহুলতাই যকৃত, বৃক্ক আদিৰ লগতে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি কৰে।
গতিকে ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে প্ৰয়োজন। কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা আপুনি ওজন নিয়ন্ত্ৰণ কৰিব পাৰে। বিশেষকৈ ৫ পানীয়ই আপোনাক সহায় কৰিব পাৰে।
ওজন হ্ৰাস কৰিবলৈ সবাতোকৈ ভাল বিকল্প পানী। পানীৰ দ্বাৰা পেট ভৰি থাকে আৰু বেছি খাদ্য খোৱাত আপোনাক বাধা দিয়ে। গতিকে দিনটোত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
গ্ৰীণ টিত কেটেচিন আৰু কেফিন প্ৰচুৰ পৰিমাণে থাকে। ই বিপাকীয় ক্ৰিয়া ভাল কৰে। গতিকে প্ৰতিদিনে গ্ৰীণ টি খাব পাৰে। ই চৰ্বি কম কৰাত সহায় কৰে।
অধ্যয়নত দেখা গৈছে যে এচিটিক এচিডে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিব পাৰে। এনেস্থলত এপল চাইডাৰ ভিনেগাৰে ওজন হ্ৰাস কৰাত সহায় কৰে। ই খাদ্য গ্ৰহণৰ পৰিমাণ কম কৰি পেট ভৰ্তি কৰি ৰাখে।
ওজন কম কৰাৰ বাবে ব্লেক কফি খাব পাৰে। কফিৰ মেদবহুলতা প্ৰতিৰোধী গুণ আছে, যিয়ে মেদবহুলতা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। গতিকে ওজন হ্ৰাস কৰিবলৈ এয়া খাব পাৰে।
শাক-পাচলিৰে ৰসে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াৰোপৰি শাৰীৰিক কাৰ্যকলাপৰ প্ৰয়োজন। যদি আপোনাৰ বেছিকৈ ওজন বাঢ়িছে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লব পাৰে।
পঢ়িবলৈ ক্লিক কৰক