শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বৰপেটাৰ জঘন্য কাণ্ডৰ পৰা ভাৰত-বাংলাদেশৰ ক্ৰিকেট উত্তেজনালৈ…পুৱাৰ খবৰ পঢ়ক

আজি ৮ জানুৱাৰী, ২০২৬। নতুন বছৰৰ প্ৰথমটো সোমবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

বৰপেটাৰ জঘন্য কাণ্ডৰ পৰা ভাৰত-বাংলাদেশৰ ক্ৰিকেট উত্তেজনালৈ…পুৱাৰ খবৰ পঢ়ক
পুৱাৰ খবৰ
Trishna Kalita
Trishna Kalita | Published: 08 Jan 2026 07:51 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. বৰপেটাত ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি কিশোৰী। বৰপেটা জিলাৰ বাটগাঁও নয়াপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ডৰ ঘটনা। ধৃত ৬০ বছৰীয়া বৃদ্ধ বাটগাঁও নয়াপাৰাৰ আলেফ ভূঞা।
  2. উত্তৰ-পূব বিজেপিৰ পিতামহস্বৰূপ কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান। কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত ৰাজ্যিক বিজেপিত শোকৰ ছাঁ। বিজেপি নেতাগৰাকীৰ বিয়োগত গভীৰ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
  3. প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ট্ৰফী স্বচক্ষে দৰ্শনৰ সুবিধা লাভ কৰিব অসমৰ ফুটবলপ্ৰেমীয়ে। বিশ্ব ক্ৰীড়াৰ অন্যতম আকাংক্ষিত আৰু শ্ৰদ্ধাৰ প্ৰতীক এই ট্ৰফী প্ৰথমবাৰৰ বাবে অসমলৈ অনা হ’ব। ফিফা বিশ্বকাপ ট্ৰফী ১৩ জানুৱাৰীত অসমলৈ অনা হ’ব, গুৱাহাটীত এই সন্মানীয় গ্ল’বেল আইকনটিক আতিথ্য প্ৰদান কৰা হ’ব।
  4.  চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ চৰকাৰী মালিকানাধীন নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা ১ লাখ ৮০ হাজাৰ টন ডিজেল আমদানি কৰিবলৈ অনুমোদন জনাইছে আৰু এই ক্ৰয়ৰ বাবে আনুমানিক ১৪.৬২ বিলিয়ন টাকাৰ প্ৰতিশ্ৰুতি দিছে বাংলাদেশে। বিত্ত উপদেষ্টা ছালেহুদ্দিন আহমেদৰ অধ্যক্ষতাত ৬ জানুৱাৰীত ঢাকাত অনুষ্ঠিত এখন বৈঠকত চৰকাৰী ক্ৰয়ৰ পৰামৰ্শদাতা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।
  5. ভেনিজুৱেলাৰ ৰাছিয়াৰ পতাকা থকা এখন তেল টেংকাৰ জব্দ কৰিছে আমেৰিকাই। আমেৰিকাৰ ক’ষ্ট গাৰ্ডে আটলাণ্টিক মহাসাগৰত প্ৰায় দুসপ্তাহ ধৰি ইয়াক বিচাৰি ফুৰিছিল। ভেনিজুৱেলাৰ তেল ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা বলবৎ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযানৰ সময়ত ৰাছিয়াৰ যুদ্ধজাহাজ আৰু চাবমেৰিন উপস্থিত আছিল যদিও কোনো সামৰিক সংঘৰ্ষ হোৱা নাছিল। আমেৰিকাই আন এখন টেংকাৰ এম ছফিয়াকো আটক কৰিছে।
  6. বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাৰ পুত্ৰ অগ্নিবেশৰ ৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। তেওঁ উল্লেখ কৰে যে, আমেৰিকাত স্কিইং দুৰ্ঘটনাৰ পিছত অগ্নিভেছ নিউয়ৰ্কৰ মাউণ্ট চিনাই হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেওঁৰ অৱস্থাৰ উন্নতি ঘটিছিল যদিও হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে হঠাতে তেওঁৰ মৃত্যু হয়। অনিল আগৰৱালাই জীৱনৰ আটাইতকৈ বেদনাদায়ক দিন বুলি অভিহিত কৰে।
  7. ভাৰত-বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত সৃষ্টি হোৱা উত্তেজনাই এতিয়া খেলপথাৰত প্ৰভাৱ পেলাইছে। বাংলাদেশত আই পি এল সম্প্ৰচাৰ নিষিদ্ধ কৰাৰ পিছত ভাৰতীয় কোম্পানী SG-এ বাংলাদেশী ক্ৰিকেটাৰৰ সৈতে কৰা সকলো কিট স্পনছৰশ্বিপ চুক্তি বন্ধ কৰি দিয়াৰ খবৰ আহিছে। ফলস্বৰূপে বাংলাদেশী বেটছমেনে আৰু SGৰ বেট ব্যৱহাৰ কৰিব নোৱাৰিব। টি-২০ বিশ্বকাপ ২০২৬ৰ অধিনায়ক লিটন দাসেও এতিয়ালৈকে SGৰ বেটৰ সৈতে খেলি আহিছে।

লগতে পঢ়ক: এইসকলে পাব ভাল খবৰ! বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…