শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মোদীৰ সকীয়নিৰ পাছত পাকিস্তানত হাহাকাৰ, বিচাৰিছে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সহায়…

মোদীৰ সকীয়নিৰ পাছতে আন্তঃৰাষ্ট্ৰীয় মঞ্চক সহায়ৰ আহ্বান জনাইছে পাকিস্তানে। উল্লেখ্য যে, কালি ৰাজস্থানৰ পৰা মোদীয়ে পাকিস্তান আৰু সন্ত্ৰাসবাদীক কঠোৰ সকীয়নি দিছিল।

মোদীৰ সকীয়নিৰ পাছত পাকিস্তানত হাহাকাৰ, বিচাৰিছে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সহায়…
মোদী-শ্বাহবাজImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 May 2025 11:51 AM

ৰাজস্থানৰ বীকনেৰৰ পৰা পাকিস্তান আৰু সন্ত্ৰাসবাদীক তীব্ৰ সকীয়নি প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৃহস্পতিবাৰে ভাষণ কৰি মোদীয় কৈছিল যে, সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ মালিকসকলক কেতিয়াও ৰেহাই দিয়া নহয়। ইয়াৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। মোদীৰ ভাষণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সহায়ৰ আহ্বান জনাইছে।

মোদীয়ে পাকিস্তান কাণ্ড উদঙাই দিয়াৰ পাছতে এতিয়া চুবুৰীয়া দেশখনে প্ৰধানমন্ত্ৰীৰ এই ভাষণত ৰাজনৈতিক ৰূপ দিয়াৰ অপচেষ্টা চলাইছে। ভাষণৰ সময়ত মোদীয় কৈছিল যে, অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতে তিনিটা নীতি নিৰ্ধাৰণ কৰিছিল। ইয়াৰে এটা হ’ল উত্তৰ দিয়াৰ সময় আৰু পদ্ধতি সেনাই নিৰ্ধাৰণ কৰিব, পৰমাণু বোমাৰ ভাবুকি ভাৰতে ভয় নকৰে আৰু সন্ত্ৰাসবাদ, সন্ত্ৰসবাদীৰ মালিকসকলক একে চকুৰে চোৱা যাব।

পাকিস্তানৰ প্ৰতিক্ৰিয়া

মোদীৰ উদাত্ত ভাষণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এতিয়া পাকিস্তানে কৈছে যে, শেহতীয়াকৈ ৰাজস্থানত ৰাজহুৱা ভাষণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দিয়া ভিত্তিহীন আৰু দায়িত্বহীন অভিযোগ নাকচ কৰে পাকিস্তানে। ইয়াৰোপৰি প্ৰধানমন্ত্ৰীৰ ভাষণক ৰাজনীতিৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰি পাকিস্তানে কয় যে ভুল তথ্য আৰু উচটনিমূলক বাক্যবাণেৰ কৰা মন্তব্যৰ মূল লক্ষ্য ৰাজনৈতিক লাভালাভ আৰু আঞ্চলিক উত্তেজনা সৃষ্টি কৰা। ইয়াৰ পাছতে পাকিস্তানে নিজকে সন্ত্ৰাসবাদৰ বলি হোৱা বুলি অভিহিত কৰি জম্মু-কাশ্মীৰৰ বিষয়টো উত্থাপন কৰে।

আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সহায়ৰ আহ্বান

ইয়াৰ লগে লগে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সহায়ৰ বাবে আহ্বান জনাইছে। পাকিস্তানে কয় যে, আঞ্চলিক শান্তিৰ প্ৰতি ভাবুকিস্বৰূপ ভাৰতৰ আগ্ৰাসী স্থিতি আৰু ঘৃণাপ্ৰেৰিত বক্তব্যৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় মঞ্চই গুৰুত্ব দিয়া উচিত। এফালে পাকিস্তানে শান্তিৰ কথা উল্লেখ কৰাৰ বিপৰীতে আকৌ এবাৰ পাৰমাণৱিক শক্তিৰ ভাবুকি দিয়াৰ বিষয়টো চৰ্চালৈ আহিছে। পাকিস্তানে কয় যে, আমাৰ শান্তিৰ আহ্বান দুৰ্বলতা বুলি নাভাবিব। যিকোনো আক্ৰমণৰ উত্তৰ দিয়া হ’ব। ইয়াৰ পূৰ্বেও পাকিস্তানে নিজৰ সংকল্প প্ৰদৰ্শন কৰিছে আৰু প্ৰয়োজন হ’লে পুনৰ কৰিব।

উল্লেখ্য যে, ২২ মে’ত পহলগাম সন্ত্ৰাসবাদী কাণ্ডৰ এমাহ সম্পূৰ্ণ  হয়। এই সময়চোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। মোদীয়ে কৈছিল যে,  তিনিও সেনাই লগ হৈ পাকিস্তানক আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল। ২২ তাৰিখৰ আক্ৰমণৰ উত্তৰ ২২ মিনিটত সন্ত্ৰাসবাদীসকলে লাভ কৰিছিল। সকলোৱে দেখা পাইছে কেনেকৈ সেন্দূৰ বাৰুদলৈ ৰূপান্তৰিত হ’লে ইয়াৰ পৰিণাম কি হয়। ইয়াৰোপৰি পাকিস্তানত কটাক্ষ কৰি কৈছিল যে,  পাকিস্তানৰ প্ৰকৃত স্বৰূপ সমগ্ৰ বিশ্বই দেখিছে। ভাৰতত আক্ৰমণ কৰিলে ইয়াৰ প্ৰত্যুত্তৰ লগে লগে লাভ কৰিব। ইয়াৰোপৰি এয়া নতুন ভাৰতৰ স্বৰূপ বুলি কৈছিল মোদীয়ে।

 

অন্য খবৰ পঢ়কঃ ২২ মিনিটত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ২২ এপ্ৰিলৰ প্ৰতিশোধ লৈছিলো, এয়া ভাৰতৰ ৰুদ্ৰ ৰূপঃ মোদী