নিজৰ নোবেল বঁটা ট্ৰাম্পক দিব বিচাৰে মাৰিয়াই! পূৰণ হ’ব নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মনৰ আশা?
বিশ্বৰ এক সৰ্বশ্ৰেষ্ঠ সন্মান শান্তিৰ নোবেল বঁটা। এইবাৰ এই বঁটা লাভ কৰিছিল ভেনিজুৱেলাৰ বিৰোধী এগৰাকী নেত্ৰীয়ে। পিছে এইগৰাকী মহিলাই এতিয়া নিজৰ বঁটা দিব বিচাৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক।
নোবেল বঁটাক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সন্মান হিচাপে গণ্য কৰা হয়। পিছে সেই নোবেল এতিয়া শিশুৰ নাটকত পৰিণত হৈছে। বিগত সময়চোৱাত কেইবাবাৰো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধকে ধৰি যোৱা বছৰ তেওঁ মুঠ আঠখন যুদ্ধ বন্ধ কৰিছে। গতিকে তেওঁ শান্তিৰ নোবেল বঁটাৰ যোগ্য। ইমানেই নহয়, বিশ্বৰ বহু দেশৰ নেতাই ট্ৰাম্পৰ নামৰ প্ৰস্তাৱ আগবঢ়াইছিল।
ইয়াৰ মাজতে ২০২৫ চনত শান্তি নোবেল বঁটা লাভ কৰে ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কোৰিনা মাচাডোয়ে। এইগৰাকী মহিলাই এতিয়া ট্ৰাম্পৰ নোবেল বঁটা বিজয়ৰ আশা পূৰণ কৰিব বিচাৰিছে। এইগৰাকী নোবেল বঁটা বিজয়ী মহলিাই আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক নিজৰ বঁটা প্ৰদান কৰিব বিচাৰিছে। পিছে এয়া সম্ভৱনে?
কি কয় নোবেল বঁটা কমিটীয়ে?
ন’ৰৱেৰ নোবেল কমিটীয়ে স্পষ্ট উত্তৰ দিছে, এয়া সম্ভৱ নহয়। এই ক্ষেত্ৰত নোবেল বঁটা বিজয়ী মাচাডোৰ আবেদন নাকচ কৰিছে নোবেল বঁটা কমিটীয়ে। তেওঁলোকে স্পষ্ট কৰি দিছে যে, এবাৰ শান্তিৰ নোবেল বঁটা ঘোষণা হ’লে সেয়া প্ৰত্যাহাৰ কৰিব নোৱাৰি। ইয়াৰোপৰি এই বঁটা আনৰ সৈতে শ্বেয়াৰ বা আনক হস্তান্তৰ কৰিবও নোৱাৰি। এটা সিদ্ধান্তই হয় চূড়ান্ত আৰু এই নিয়মেই সদায় চলি আহি আছে।
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলাত অভূতপূৰ্ব অভ্যুত্থান সংঘটিত কৰিছিল। নিশাৰ আন্ধাৰত সামৰিক অভিযানত দেশৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক পণবন্দী কৰি লৈ গৈছিল। তেওঁৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহ আৰু বিভিন্ন অভিযোগ উত্থাপন কৰিছে আমেৰিকাই।
ইয়াৰ মাজতে এতিয়া দেশখনত প্ৰৱেশ কৰিব নোৱাৰা ভেনিজুৱেলাৰ বিৰোধী নেতা মাচাডোৱে কয় যে তেওঁ ধন্যবাদ হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিব বিচাৰিছে। কিন্তু নোবেল বঁটা কমিটীয়ে তেওঁৰ এই আশা পূৰণ হ’ব নিদিলে।
অন্য খবৰ পঢ়কঃ শীঘ্ৰেই ভাৰতলৈ আহিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, অংশ ল’ব AI সন্মিলনত…